Tuesday, 2 July 2019

তোমাৰ ছবি

তোমাৰ ছবি আঁকিব খোজোতেই
তুমি দুচকুৰ আগৰপৰা আতৰি গলা
হিয়াৰ মাজত আকোঁৱালি লব খোজোতেই
তুমি আপোন নহওঁ বুলি ক’লা৷

সপোনত দেখাদেখি
হৈছিল এবাৰ দুবাৰ
হঠাতে কিনো হল জানো
প্ৰতিছবি নোহোৱা হল তোমাৰ!

শিমলুৰ তুলাবোৰ বতাহত যায় উৰি
আতৰি যাব খোজা জনক
পাৰি জানো ৰাখিব ধৰি৷

দুই চকুৱে ভাষা পঢ়িব খুজোতেই তুমি
দুচকুত দিলা ধূলি সানি
মৰম দিব খোজোতেই
উলিয়াই দিলা চকুপানী৷

তুমি বুজিব বিচৰা নাই
দুচকুত দুচকু থৈ
তুমি ছবিখন আঁকিব নিদিলা
দুচকুৰ আগত ৰৈ৷

কলে জানো বুজিবা মনৰ কথাটি
ক্ষন্তেক ৰৈ শুনি যোৱা
ৰবলৈ কওঁতে নিদিবা তুমি
চুৰ্ণ-বিচুৰ্ণ কৰি হিয়া!

Monday, 1 July 2019

অতীত

অতীত নহয় পাহৰণি
         অতীত সদায় সোৱৰণী
         অতীত যে সদায় মধুৰ,
ভবিষ্যত বৰ্তমান হয়
        বৰ্তমান অতীত হয়
        বাস্তৱ বাৰু কিয়নো গধুৰ৷
মনৰ মাজত লুকাই থাকে
        মধুৰ মধুৰ স্মৃতি
        থাকে লগত চিৰদিন,
শৈশৱৰ ধূলি বালিৰ খেলা
       লগৰীয়া সমনীয়াৰ লগত কটোৱা
       সময়ৰ কথা নাযায় মনৰ পৰা লীন৷
সময়ক যে ধৰি ৰাখিব নোৱাৰি
     সময় আহে আৰু যায়,
অতীতৰ কথা বাৰু
    কোনে পাহৰি যায়৷
কেতিয়াবা চকুলো বয়
     কেতিয়াবা ওলাই হাঁহি
     অতীতক মনত সোৱৰাই,
অতীতৰ কথাই শান্তি দিয়ে
    ভৱিষ্যতহে বোলে এটি সপোন
     অতীতৰ স্মৃতি কেতিয়াও মনৰ পৰা মচ নাখায়৷

ভগৱান, সৰ্বশক্তিমান

মই বহু কেইখন খেল খেলিছো
টকা বনাম জীৱনৰ
বাৰে বাৰে জয় হৈছে টকাৰ৷

মই এতিয়া বুজিছো টকাই সকলোবোৰ
বৰ্তমান মই টকাৰ পূজাৰী!
কিয়নো জীৱনে মোক বাৰে বাৰে
বহুবাৰ প্ৰতাৰণা কৰিছে
কাঢ়ি লৈ গল সকলো মোৰ৷

টকাই চকুলো মচিব পাৰি
টকাৰ সৈতে মৰমৰ চলে বিনিময়৷

এতিয়া সকলোতে টকাৰ ৰাজত্ব
আজি আৰু আগৰ দিন নহয়
আজি চাৰিওফালে চলিছে সকলো
সকলোৱে বিচাৰে টকা!

আধুনিক যুগত চলিবই নোৱাৰি
মাথো হাতত টকা নহলে
কাৰোবাৰ চকুলো,কাৰোবাৰ হাঁহি
টকাই বোলে কাৰণ ইয়াৰ
আজি যুগত টকাই সকলোৰে
একমাত্ৰ সাৰথি হিয়াৰ৷
টকাই আজি ভগৱান
টকাই হল সৰ্বশক্তিমান৷

ভোকাতুৰ

আজি দিনটো আছো অনাহাৰে
পেটত নপৰিল এটি খুদকণ,
কিযে আমাৰ দুখীয়াৰ ভাগ্য
হাততো নাই এটি ধন৷
এটুপি পানী খাই আছো দিনটো
এমুঠি ভাতৰ কাৰণে হাহাকাৰ,
দিনটো হাড়ভঙা পৰিশ্ৰম কৰিও
পেটত নপৰে এমুঠি আহাৰ!
দুখীয়াৰ জীৱনত এনে হয়েই
এদিন আধাপেটী,এদিন অনাহাৰ
ভোক পেটতেই মাৰ যায়,
প্ৰায়েই আমি নাপাওঁ
সম্পূৰ্ণকৈ পেট ভৰাই আহাৰ খাই৷
কপালত লিখা নাই যেন লাগিছে
সুভাগ্যৰ উদয় হবনো কেতিয়া?
নাই দুখীয়াৰ নাহে সুখৰ দিন
ভোকাতুৰ হৈয়ে মৰিম যেন লাগিছে এতিয়া৷
এমুঠিমান ভাত পাওঁ তাকো
লগত প্ৰায়ে লোণ  নাথাকে
তৰকাৰী,আঞ্জা পিছৰ কথা
সুদা ভাত কেইটাই প্ৰায়েই নিমিলে৷
চকুৰ আগতে দেখিছো কিছুমানে
বস্তু খাব নোৱাৰি পেলাই দিয়ে দম,দম কৰি
সিহঁতৰ কিযে ভাগ্য আৰু আমাৰ কি
কি লিখিলা কপালত হৰি?
কাৰোবাক দিয়া উভৈনদীকৈ
কাৰোবাৰ এমুঠিও নাই
দুয়োবিধেই মানুহ থাকে পৃথিৱীত জীয়াই৷
ধনীলোকে ভাল আহাৰ
সোণৰ কাঁহীতহে  খায়,
খাব নোৱাৰি পেলাই দিয়ে তাকো
চুৱাপাতনি উপচি যায়৷
সকললোৰে জনম একেই মৰণ
কি কাৰণে দুখীয়াৰ দুখ নুগুছে,
কিয়নো বাৰু দুখে
পাছে পাছে খেদি ফুৰে৷

অহল্যা

তোমাৰ প্ৰতি মোহ পাশত আবদ্ধ হৈ
বাসৱও হৈছিল বলিয়া
হয়তো সেই বলিয়ালিৰ কাৰণেই
তুমি শাপভ্ৰষ্টা হৈ
শিল হৈ পৰি আছিলা!

সাৰঙ্গপাণিৰ পদধূলা পাই
লৈছিলা পুনৰ জীৱন
তুমিতো জনা নাছিলা একো
তোমাৰ কাৰণে যে স্বৰ্গৰ
পৰা নামি আহিব দেৱৰাজ
তোমাৰ স্বামীৰ বেশেৰে
কটাবহি নিশা৷

তুমি প্ৰবিত্ৰ নাৰী
যাৰ বাবে শিলৰ পৰা প্ৰাণ পাই উঠিছিলা
তুমিতো জনা নাছিলা একো
তোমাৰ জানো দোষ আছিল অহল্যা!

সঁচাই হৰিণাৰ মাংসই বৈৰী
এতিয়াও কেতিয়াবা আহে নেকি দেৱৰাজ
তোমাৰ ৰূপত মুগ্ধ হৈ?

Sunday, 30 June 2019

যোৱা, যোৱা

যদি তোমাৰ ইচ্ছা নাই
নকৰো তোমাক জোৰ
হব যদি নিবিচাৰা
নালাগে হব তুমি মোৰ৷

বাৰে বাৰে ভাহে তোমাৰ ছবি
মোৰ দুচকুত
আলফুলে লিখিছিলো তোমাৰ নাম
মোৰ বুকুত৷

মই ভবাতো নাছিলো
তুমি যাবা মোৰ পৰা আতৰি
মই জনাতো নাছিলো
অতীতক তুমি যাবা পাহৰি !

যোৱা যোৱা গুছি যোৱা
মোৰ পৰা আতৰি
কোনেও শুনাব নালাগে
মোৰ দুখৰ বাতৰি৷

তুমি আতৰি গলে মোৰ
সপোনবোৰ শেষ হৈ যাব
হৃদয়ত বিষাদে আৱৰি ধৰি
বিননীৰ গীত জুৰিব৷

হওঁক মোৰ যি হয়
তাত কাৰ আহে যায়
তোমাৰ কথা ভাবি ভাবি
মোৰ যে হেঁপাহ নপলায়৷

তুমি আতৰি যাব খুজিছা
তাত মোৰ আপত্তি নাই
কিনো বাৰু
লিখিলে বিধাতাই৷

সময়ৰ কথা নুবুজি
কৰিলো অকণমান আমনি
মোক যেন কৰি দিয়া ক্ষমা
নুফুৰো তোমাৰ পিছে পিছে ঘূৰি৷

হিয়াৰ আঘাত কেতিয়াও নুশুকাই
মোৰহে দুখৰ কথা
কোনো বুজোতা নাই!

তুমি চাগৈ এতিয়া
বহুজন বন্ধু পাইছা
সেইবাবে তুমি মোক
পাহৰিব খুজিছা৷

মই ভুল কৰিলো সঁচাই
কিন্তু এতিয়া বুজিছো
হিয়াখন খুলি খাব ধৰিছে
নানা চিন্তাই৷

ধেৎ মই কি প্ৰেম পাগল নেকি?
হয়, হবও পাৰো
তুমি কাষৰপৰা আতৰিব খুজিছা
তোমাক নাপাও আৰু!

যোৱা তোমাক আহ্বান জনাইছো
মোৰ পৰা আতৰি যোৱা
মোৰ পৰা আতৰি তুমি
কাৰোবাৰ আপোন হোৱা৷

নালাগে ভাবিব মোৰ কথা
নিজক লৈ ব্যস্ত থাকিবা সদায়
তুমিয়েই দিছা যেতিয়া
মইনো কেনেকৈ থাকো
দিছো তোমাক বিদায়৷

মোৰ মৰম পাবলৈ
মোক মৰম দিবলৈ
ইচ্ছা তোমাৰ নাই কাৰণ
মই দুখীয়াৰ লৰা
হবতো নোৱাৰো মই
তোমাৰ বিয়াৰ দ’ৰা৷

কেতিয়াওঁ তোমাক পাহৰিব নোৱাৰো
সদায় যেন সুখী হোৱা
মোৰ হৃদয়ৰ ভাষা
তুমি এবাৰো নুবুজিলা৷

আনৰ লগত সুখী হোৱাগৈ
মোক তুমি পাহৰি
যোৱা, যোৱা তুমি
দুখ-বিষাদেই মোৰ
চিৰজীৱনৰ লগৰী৷

ৰাণীৰ নুপুৰৰ ধ্বনি

নিপিন্ধিবা নুপুৰ দুভৰিত তুমি
বুজিছানে ৰাণী
বিষাদে ধৰেহি
মোৰ হিয়াত ছানি
তুমি প্ৰথম আহোতে
দুচকুত লৈ আহিছিলা এটি সেউজীয়া জোন
তুমি কিয় আজি গুচি গ’লা
ক’ত হেৰালা মোৰ সোণ৷
টোকৰ নমৰাকৈয়ে খুলিছিলা
হৃদয়ত প্ৰেমৰ দুৱাৰ
কিয় বাৰু এনে হল
জীৱনত আমাৰ!
মোক তুমি সজাইছিলা
সেউজী মৰমৰ সাজেৰে
আশা কৰিছিলোঁ জানা মই
তোমাক কাষতে সদায় পাবলে৷
তোমাৰ যি আছিল সেইয়া মোৰ নাই
মোৰ মাথোঁ হৃদয় আছিল
হৃদয়ৰ মাজত কিন্তু কোনো
প্ৰতাৰণা, প্ৰবঞ্চনা নাছিল৷
তোমাৰ দুচকুত লহপহকৈ গজিছিল
এখন মৰমৰ সেউজীয়া ভূমি
মোৰ দুচকুত তাৰ সেউজীয়া ছাঁ
কিয় বাৰু আতৰিলা তুমি?
সেউজী অৰণ্যত বাহঁ লৈছিলহি
অনেক চৰাই আহি
মোৰ কাণেৰে শুনিছিলো বিহগীৰ গীত
চকুত দেখিছিলো ফুলৰ পাহি৷
এটি বাঁহী কোনেনো বাৰু
ক’তনো,কিয় বজাইছিল
কোনেনো বাৰু আমাৰ দুয়োকে
মানুহ ৰূপে এদিন সজাইছিল?
বতাহত ঢৌৰ দৰে আহি থকা মাতটো
মই কৰবাত শুনা পাইছিলো
শিলতকৈও শিল হৈ পৰি
বাৰে বাৰে তোমাক সপোনত দেখিছিলো৷
এদিন লাখ,লাখ অভিযোগেৰ বৰষুণেৰে
মোৰ গল হৃদয় তিয়াই
এদিন তুমি আতৰি গ’লা মোৰ পৰা
অজানিতে মাগি বিদায়!
তুমি যেতিয়া গৈছিলা তেতিয়া মোৰ বুকুত
তোমাৰ ভৰিৰ নুপুৰৰ মাত
তুমি নুপুৰ নিপিন্ধিবা দুভৰিত ৰাণী
তাৰ মাতত কঁপে মোৰ ভৰি-হাত৷
এতিয়া যেতিয়াই তেতিয়াই উৰি আহে
স্মৃতিৰ কোনোবা চৰাই
মোৰ কলিজা বিষাই
কিয়নো সিহঁতে মোক
বিষাদৰ গান শুনাই৷

Wednesday, 5 April 2017

প্ৰেমৰ প্ৰস্তাৱ

তোমাক ভালপোৱাৰ প্ৰস্তাৱ দিওঁতে
মই অকণমানো ভবা নাছিলোঁ তেনেকৈ
তুমিতো জানা প্ৰেম কৰো বুলি
কৰা নাযায় হৈ যায়
তথাপি সকলো জানিও তুমি .........
তোমাৰ কথা শুনি ভাল লাগে সেইবাবেই
সদায় তোমাৰ লগত চুপতি কৰিছিলো
আৰু নভবাকৈয়ে মই তোমাৰ প্ৰেমত পৰিলো
যিটো তোমাৰ ভাষাত অৰ্থ হীন
ভিন্সিৰ মনালিছাৰ হাঁহিটো তকৈ
তোমাৰ দুই ওঁঠৰ হাঁহিটো ধুনীয়া
ছেকছ্পীয়েৰৰ জুলিয়েটকৈও তুমি ধুনীয়া
কিমান কথা ভাবিলো
হঠাতে হৈ পৰিল মোৰ হৃদয় খন হিৰোচিমা-নাগাচাকি।
প্ৰথম চিনাকিৰ দিনা মই এটি কবিতা লিখিছিলো
"মোৰ ফুলনিলৈ এজনী বৰ ধুনীয়া পখিলা আহিছে
নাজানোঁ তাই থাকে কত
কৰে কি ?
হয়তো তাই সোমাই আহিব নতুন সাজ পিন্ধি
খুলিব হৃদয়ৰ দুৱাৰ "
মোৰ অনুভৱ বোৰ গছকি গলা
তোমাক ভালপোৱাৰ প্ৰস্তাৱ দিওঁতে
মই ভবা নাছিলো সেই সময়েই
হব মোৰ অভিশপ্ত সময় , কালসন্ধ্যা ।
✍✍✍✍✍নিকু বৰুৱা
১৫/০৩/২০১০

স্মৃতি

স্মৃতি মোৰ অপ্ৰিয় শব্দ
কিয়নো তাতেই যে আছা লুকাই তুমি
অতীতলৈ উভতি চালেই মনলৈ আহে
তুমি কৰা ব্যৱহাৰ আৰু প্ৰতাৰণা!
কেতিয়াবা ভাবো মই স্মৃতি হীন হোৱা হলে
কিন্তু মইতো মোৰ পৰিচয়েই নাজানিম তেতিয়া
মই হাঁহিব খুজিও থমকি ৰও
সপোন দেখিব খুজিও ভাবুক হৈ ৰও
কিয়নো তুমিয়েই যে মোক চিন্তা কৰিবলৈ শিকালা
মই নিবিচাৰিলেও সজীৱ হৈ
থাকিব তোমাৰ স্মৃতি ।
✍✍✍✍✍নিকু বৰুৱা
০৩/০৪/২০১০

Tuesday, 4 April 2017

শেষ কবিতা

তুমি আতৰি যোৱাৰে পৰা
মই এটাও কবিতা লিখা নাই
কি দৰে লিখোনো মই
শব্দবোৰ হেৰাই গ'লচোন
ছন্দ বিচাৰি হাবাথুৰি খাওঁ
তুমিয়েতো আছিলা মোৰ কবিতাৰ প্ৰথম পাঠক
তোমাৰ হাঁহিটোত
তোমাৰ দুনয়নৰ প্ৰেমত পৰিয়েইতো
মই কবিতা লিখিব আৰম্ভ কৰিছিলো
সেইযে তোমাৰ জন্মদিনত লিখিছিলো
সেইটোৱেই আছিল মোৰ
শেষ কবিতা !

✍✍✍✍✍নিকু বৰুৱা
১৮/০১/২০১৭

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...