Monday, 29 July 2019

তেজৰ সম্পৰ্ক

তেজৰ সম্পৰ্ক বোলে
কোনো ডাঙৰ কথা নহয়
মনৰ সম্পৰ্কহে আটাইতকৈ ডাঙৰ!

মন আটাইতকৈ বেগী,
দেহ মনৰ শান্তি নহলে
কোনোবা সুখী হয় নেকি?

মনে মনে মিলিলেই হয়
হওঁক লাগিলে
হিন্দু-শিখ-মুচলমান-খ্ৰীষ্টান,
সকলোৰে এখনেই পৃথিৱী
সকলো জগত পিতাৰ দান৷

তেজৰ সম্পৰ্ক থাকিলেও কিয়
ভাই-ভনী, ককাই-ভাই ইমান নিষ্ঠুৰ হয়
ভাইৰ সমান শত্ৰুও নাই
ভাইৰ সমান মিত্ৰও নাই
বুঢ়ালোকে সদায় কয়৷

তেজৰ সম্পৰ্ক থকা ককাই-ভাইৰ মাজতো
আজিকালি চলে সঘনে মৰামৰি,কটাকটি,
এনে যদি হয় পৃথিৱীৰ জীৱশ্ৰেষ্ঠৰ
আগলৈ হ’ব কি গতি?

সভ্য নে অসভ্য

ছাৰ,ৰাজুৱে সদায় স্কুলৰ ইউনিফৰ্ম ঘৰত পিন্ধি থাকে৷ শ্ৰেণীৰে ল’ৰা এটাই ক’লে৷শ্ৰেণীৰ শেষৰ বেঞ্চত তলমূৰ কৰি বহি থকা ৰাজুলৈ চালো৷খং উঠিল স্কুলৰ সাজপাৰ ঘৰত কিয় পিন্ধে বুলি৷ পিছে খংটো নেদেখুৱালো৷মই তাক মাতিলো,“ৰাজু, এইফালে আহা”৷সি মোলৈ চালে৷চাই আকৌ তলমূৰ কৰিলে৷ শ্ৰেণীৰ আন দুটামানে তাক কিবাকিবি কৈ জুকালে৷ মই মনে মনে থাকিবলৈ কলো সিহঁতক৷ তাক আকৌ মাতিলো সি চালে কিন্তু মোৰ কাষলৈ নাহিল৷তলমূৰ কৰি কিতাপ বহীকে খুচৰি আছে৷ মোৰ খং উঠি গ’ল৷কি অসভ্য অ’ মাতি আছো অথনিৰে পৰা অহা নাই কিয়?মই কিন্তু উঠি গ’লে কথা বেয়া হ’ব৷মোৰ ওচৰত অসভ্যালি কৰি নাথাকিবা৷কথা কলে শুনিব লাগে কথাকেইটা খুউব খঙেৰেই কলো৷মোৰ ধমক খাই সি উঠি আহিল৷টেবুলৰ ওচৰত ৰৈ চলচলীয়া চকুৰে তলমূৰকৈ চাই ৰল৷

কিয় ইমান দেৰিলৈকে উঠি অহা নাই দিনক দিনে অসভ্য হৈছা ন’ মই কলো৷  কোৱাচোন স্কুলৰ ইউনিফৰ্ম ঘৰত কিয় পিন্ধি থাকা? তাক প্ৰশ্ন কৰিলো সি কিবা কব খুজোতেই তাৰ চকুলো ওলাই গ’ল৷ মোলৈ চাই সি ভয়ে ভয়ে কলে-ছাৰ, মোৰ আৰু বেলেগ কাপোৰ নাই৷সেইবাবেই মই ঘৰতো ইউনিফৰ্ম পিন্ধাে৷কাপোৰ নিপিন্ধিলে মানুহে মোক অসভ্য বুলি কয়৷ মই একো ক’ব নোৱাৰিলো ইংগিতেৰে তাক বহিবলৈ কলো৷ মনতে ভাবিলো ইউনিফৰ্ম ঘৰত পিন্ধা বাবেই মই তাক অসভ্য বুলি কলো আৰু কাপোৰ নিপিন্ধিলে মানুহে তাক অসভ্য বুলি কয়৷সি বেচেৰাই কি কৰিব৷এইবাৰ মই সকলোৱে শুনাকৈ কলো ৰাজু,তুমি দেওবাৰে মোৰ লগত বজাৰলৈ ওলাবা৷সকলোৱে মোলৈ প্ৰশ্নবোধক চাৱনিৰে চালে৷
২৩/৯/২০১৭

Wednesday, 24 July 2019

এটা বেলুন, এটা পুতলা

বেলুনটো লৈ সি জপিয়াই আছিল
পুতলা দোকানত ছোৱালীজনীয়ে
হাজাৰ টকাৰ পুতলাটো লবলৈ
মাক -দেউতাকক আমনি কৰি আছিল৷

কাষেদি যোৱা বেলুন লোৱা
ল’ৰাটোৱে মাকক সুধিলে
মা, হাজাৰত কেইটা শূন্য থাকে?
মই নাজানো নহয়
আজিলৈকে দেখা নাই৷

এইবাৰ বুলিয়েই নহয়
উৎসৱ, পূজাত কিছুমানে দি ফূৰ্তি কৰিব
নাচি বাগি পাই ফুৰ্তি কৰিব
আৰু আন কিছুমানে
দিব নোৱাৰি কান্দিব
আৰু সিহঁতে নাপায় কান্দিব৷

জীৱন বোলে তেনেকুৱাই

জীৱন বোলে তেনেকুৱাই
সুখৰ সংজ্ঞা হেৰুৱাই
সুখী হোৱাৰ অভিনয়৷

শৈশৱতে জীৱনটো
সুখেৰে পৰিপূৰ্ণ আছিল
সুখবোৰ হেৰুৱাই
জীৱনটো কথমপি বাচিল৷

সময়ৰ লগে লগে
দুখতো হাঁহিবলৈ শিকে
জীৱনটো উপভোগ নহয়
পাৰ কৰিবলৈ শিকে৷

সুখৰ সংজ্ঞা হেৰুৱাই
সুখী হয় কোন?
জীৱনত দিঠক নহয়
সকলো সপোন৷

হাজাৰটা সপোনে
হৃদয়ত তোমাৰ টুকুৰিয়াই থাকিব
এই সময় গলে
আকৌ জানো আহিব?

বৰ্তমানতেই সুখৰ সংজ্ঞা
বিচাৰিব লাগিব
সুখ দুখতেই জীৱন
কটাব লাগিব৷

জীৱন বোলে তেনেকুৱাই
সুখৰ সংজ্ঞা হেৰুৱাই
সুখী হোৱাৰ অভিনয়!
০১/০৪/২০১৮

Sunday, 7 July 2019

জোন ত’ৰা

জোনাকী নিশা সুদূৰত দেখিছো মই
সেইটো জোন,
কাষে কাষে সকলোতে যে আছে ত’ৰা
সিহঁতনো বাৰু কোন?
জোনৰ সেইয়া ক’লাদাগ
বুঢ়ালোকে তুলসী বুলি কয়
জোনটো সদায় নাথাকে আকাশত
মাজে মাজে বিদায় লয়৷
অমাৱস্যাৰ ৰাতি নিৰ্জন অন্ধকাৰ
নমনি চকুৰে একো
আকাশত জোনটো যে নাই
কেৱল ত’ৰাবোৰেহে মাতি আছে
চকু টিপিয়াই টিপিয়াই৷
আকাশত আছে অসংখ্য ত’ৰা
কেৱল মাত্ৰ এটা জোন
কেতিয়াবা সৰু, কেতিয়াবা ডাঙৰ
ভাবিচানে তুমি সোণ?
চিৰদিন থাকিবনে এই আকাশত
এতিয়াৰ জোন,বেলি,ত’ৰা
সদায় থাকিবনে বাৰু
এই সেউজী ধৰা?
০৮/০৯/২০০৬

Thursday, 4 July 2019

চিনাকি আছেনে তোমাৰ?

তুমি হয়তো নাজানা পঢ়িব

ভাষা হৃদয়ৰ

দেখিছানে কেতিয়াবা

এনাজৰী মৰমৰ?

আঁকিছো মাথো তোমাৰ ছবি

কিন্তু দেখিছো ছবি বহুতৰ

চিনাকি আছেনে তোমাৰ

চকুৰ চাৱনিৰ সৈতে?

ব্যাখ্যা দিব পাৰানে

মিছিকিয়া হাঁহিটিৰ?

সৃষ্টিও তাতেই

ধ্বংসও হয় সেই তাতেই

তাৰ নাম কি জানানে?

চিনাকি প্ৰথমে চকুৱে চকুৱে

হৃদয়ত হব ভাৱৰ আদান প্ৰদান

মৰম থাকে অভিমান ভৰি

চিনাকি আছেনে তোমাৰ

মৰম মানেনো কি?

০৯/০৮/২০০৭

চিনাকি

লাজৰ উৰণী দিয়াচোন পেলাই
চাওঁ মই তোমাৰ মুখখনি নয়ন জুৰাই
মোৰ হেঁপাহ পলুৱাই৷

তোমাৰ নামটো কি
মইযে নাজানো ক’ত ঘৰ তোমাৰ
আজি হওঁ আহা চিনাকি
আগৰ চিনাকি নাই আমাৰ৷

মন মোৰ উৰা মাৰে
তোমাৰ কাষলৈ
বুকুখন কপি উঠিছে
দুৰুদুৰুকৈ৷

কেনেকৈ বুজাও তোমাক
তুমি মোক যে প্ৰেমৰ জালত বন্দী কৰিলা
মইও তোমাৰ প্ৰেমৰ কাৰাগাৰত
থাকিবলৈ কৰিছো মন৷

চাওঁ তোমাৰ মুখখনি এবাৰ ভালদৰে
গুচাই দিয়া লাজৰ উৰণী
মিচিকিয়া হাঁহিৰে কোৱাচোন
নাম কি তোমাৰ? ঘৰনো ক’ত?
আঁকিছো তোমাৰ ছবি অতি সংগোপনে
মোৰ হৃদয়ত!
৩১/০৮/২০০৬

সুখ বোৰ আহে ৰাজপ্ৰসাদলৈ

দেৱালীয়ে হওক বা
ভোগালীয়ে হওক
আহে মাথোঁ ৰাজপ্ৰসাদলৈ
আগতেও অহা নাছিল
এতিয়াও নাহে
প্ৰজাঘৰ ভগা জুপুৰিলৈ!

এফালে ফটকা, বম, আতচবাজীৰ
কাণতাল মৰা শব্দ
আনফালে এটা ঢিমিক ঢামাক চাকি
সুখৰ জীৱন যে স্তব্ধ৷
ভেলাঘৰত হাঁহে মাহে এসাঁজ খাই
জ্বলাই মেজিৰ জুই
এখন ফটা কম্বল লৈ
বহুজন মনৰ দুখত থাকে শুই!

হে হাঁহি,হে সুখ তোমালোক
চন্দ্ৰ আৰু সূৰ্য্যৰ দৰে হোৱানা
সকলোকে এবাৰ একেলগে
তৃপ্তি পাব দিয়ানা!
১৮/০১/২০১৭

সি

বহুবছৰ খেতিপথাৰ দৰা
সেউজীয়া হোৱা নাই
দুখীয়াৰ অশ্ৰু বানে আহি
উটুৱাই লৈ যায় হাজাৰ টা সপোন!
ক্ষন্তেকতে নোহোৱা হয়
খাদ্য,বস্ত্ৰ আৰু আশ্ৰয়
পেট ভৰাই বহুদিন সি খাবলৈ পোৱা নাই
এনেহেন সাগৰত সি কৰিব কি?
পানীত অহা ভেকুলী,মাছকেইটাই
সকলোকে উপহাস কৰে!
খাবলৈ নাপায় ভাত
হেৰাই যায় মুখৰ মাত
কি যে নিলাজ সি
এডোখৰ কাপোৰ নাই গাত!
বৰলুইতৰ বানে এদিন তাক
ঘাটমাউৰা কৰিছিল
আৰু আজি তাক..........
০৭/০৭/২০১৭

Tuesday, 2 July 2019

নিহাৰিকা

তুমি কিয় আহিছিলা মোৰ ফুলনিলৈ
এজনী ফুটুকীয়া পখিলা হৈ,
আকৌ কিয় গুচি গলা
ভোনভোনাই ভোমোৰা হৈ?

তোমাৰ মৌ মিঠা মাতটি
আৰু মিছিকিয়া হাঁহিটিত
মই ভোল গৈছিলোঁ ঠিক সীতাৰ দৰে!

মৰমলগা মিঠা মাত দি
মোক বলিয়া কৰি
তুমি এতিয়া গ’লাগৈ আনৰ কাষলৈ আতৰি
কিয় তুমিয়েই জানো কোৱা নাছিলা
মৰমীক মনৰ কথা কবলৈ!
তোমাৰ কাষলৈ গৈছিলোঁ মই
তুমিও আতৰি গ’লাগৈ৷

মই দিনে দিনে সোমাই পৰিছিলোঁ
তোমাৰ প্ৰেমৰ জালত
যেনেদৰে লোৰ টুকুৰা সোমায়
চুম্বকৰ আকৰ্ষণৰ জালত৷

নিহাৰিকা, তুমি কিয় এনে কৰিলা
তুমি সঁচাই বৰ চলনাময়ী
তুমি মৰম বুজিয়েই নাপালা
কিয় তুমিয়েই জানো সদায়
মোৰ ভাল বেয়া খবৰ ৰখা নাছিলা!

কিয় নিহাৰিকা, তুমি মোক বলিয়া কৰি
গ’লাগৈ ভোমোৰা হৈ অচিন ঠাইলৈ উৰি৷
তুমি আপোনজনৰ লগত
সদায় সুখী হোৱাগৈ
মই কিন্তু তুমি নামাতিলেও যাম
তোমাৰ বিয়ালৈ৷

ভগৱানক প্ৰাৰ্থনা কৰিম
সদায় কুশলে তোমাক ৰাখিবলৈ,
তুমি বাৰু আহিবানে
মই মৰিলে মোৰ মৃতদেহ চাবলৈ?

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷