Sunday, 8 March 2020

মই ভাবিছিলো

ভাবিছিলো মই জানানে
কোনোকালে নাহে মোৰ হেৰুৱা দিনৰ
সপোনবোৰ আকৌ এবাৰ ঘুৰি,
সেউজীয়া পথাৰ এৰি আহিলো
সন্ধিয়া নাযাওঁ বুলি৷
অচিনাকি মানুহৰ মাজত
দেখা পালো ক’ত যে চিনাকি মুখ
মোলৈ চাই হাঁহি থাকে মিচিকিয়াই!
দিনবোৰ যে কালৈকো নৰয়
ভাবিছিলো কোনোকালে নাহে কেতিয়াও
তোমাৰ লগত পাৰ কৰা দিনবোৰ মনত,
গুচি গ’লা তুমি কাষৰপৰা
বিষাদে প্ৰৱেশ কৰিলে জীৱনত!
মোৰ কাষত থাকিল অতীতৰ
দিনবোৰৰ মনোৰম কথাবোৰ
হঠাৎ চুৰমাৰ হ’ল মোৰ সপোনবোৰ৷
দুখী,দুখী মনেৰে থাকো অকলে
কৰবাত আমন জিমনকৈ বহি
হে নিয়তি,তোমাৰ কি লীলা
বিষাদ মনেৰে আছো
মৃত্যুৰ ক্ষণ গণি, গণি৷

সোৱৰণী মিঠা সপোন

তোমাক বিচাৰি কেতিয়াবা মই
ঘুৰি ফুৰো য’তে ত’তে
কেতিয়াবা নিৰ্জনতাত,কেতিয়াবা কোলাহলত
বাৰে বাৰে মোৰ পৰে তোমালৈ মনত!
তোমাৰ দুচকুৰ মিচিকি কাজলৰ দৰে
চিকুনাই আৱৰি ৰাখিছো
প্ৰহেলিকাময় হেপাঁহৰ আকাশত,
থাকিবানে তুমি আজীৱন মোৰ লগত৷
আকাশত মাথোঁ ঢৌ খেলোৱা হাঁহি
শুভ্ৰ জোন আৰু জোনাকী মিতিৰালিৰে
সেয়ে হয়তো সোৱৰণীৰ মিঠা সপোনেে
বাৰে বাৰে মোক আমনি লগাইছে৷
উজাগৰী সপোনে উচুপি মনত পেলাই দিয়ে
ফুল ত’ৰা গানেৰে ভৰা সোণোৱালী
জীৱন বিচাৰি যোৱাৰ কথা৷
পলাই যাব খোজা দুখৰ মাজতো
ৰঙেৰে খেল খেলি তুমি হেৰুৱাই দিয়া!
সকলো আশা,সকলো সপোনক
এটি অভিমান ভৰা আলফুলীয়া পৰশত
বাৰে বাৰে বিচাৰে হৃদয়ত
জীৱনৰ ৰঙীন আকাশত৷

Saturday, 22 February 2020

দিনটোৰ যাত্ৰী

আমি হওঁ সদায়
নতুন দিনৰ নতুন সময়ৰ যাত্ৰী
হৈ আহিছো আমি পুৰণি সময়ক
বিদায় দি অভিযাত্ৰী৷
চিন্তা কৰা তুমি বৰ্তমানৰ
প্ৰতিটো মুহূৰ্তৰ কথা
কালিলৈ আহিবলগা দিনটো
মাথো মনৰ এক অবুজ কল্পনা!
চকুমেলি ভালদৰে চোৱা তুমি
কি নাই আজিৰ দিনটোত
অতীতক সুৱৰি,
ভৱিষ্যতৰ সপোন ৰচি
নলগাবা লেঠা
জীৱনৰ শুভময় হব খোজা ৷
আজিৰ দিনটোতেই সকলো আছে
আজি হেৰাই গলে
নোপোৱা আৰু কেতিয়াওঁ
আজিৰ দিনটোত ভালদৰে তুমি
এজন সুস্থমানুহ হৈ উঠা
যোৱা দিনবোৰ সুখৰ স্বপ্ন
আহিব লগা দিনটো মাথো কল্পনা!
হাঁহিমুখে আহা সকলোৱে
আজিৰ দিনটো গ্ৰহণ কৰো
আহিবলগা কল্পনাৰ দিনটোৰ
মধুৰ সপোন ৰচো৷

Thursday, 20 February 2020

সুখী দুখী

সৰু বুলি কাকো নকৰিবা অৱহেলা
হয়তো তুমি সৰু বুলি ভবা
বস্তু এটাই কেতিয়াবা দিব পাৰে
জয় আৰু সত্যৰ সন্ধান৷

কৰিলে কৰক তোমাক
মাথোঁ তুমি নকৰিবা
থাকিবা সহ্য কৰি
আত্মৰ শক্তিৰে আত্মৰক্ষা নকৰিলে
আন কোনে দিবহি তোমাক ৰক্ষা কৰি৷
এইয়া জীৱনৰ সংগ্ৰাম 
পদে পদে থাকিব যে বাধা
আজিয়েই কৰি শেষ কৰা
কালিলৈ নথবা কাম আধা৷

মানুহ সদায় সুখী  হ’বলৈ বিচাৰে
কোনো হ’ব নিবিচাৰে দুখী ৷
কোনে জানিব বাৰু ভাগ্যৰ লিখন
বিধাতাই কি পঠাইছে লিখি!
সুখে মানুহৰ দৈনিক আৱশ্যকীয়
সকলোৰে খোৰাক যোগায়
অসৎ চিন্তাই সকলো বেয়াৰ মূল
জানিবা সদায়৷


Wednesday, 1 January 2020

তুমি কোৱা হলে

তুমি কোৱা হলে
মই সকলো বুজিলো হেতেন
প্ৰতি মূহূৰ্ততে ৰাজি আছিলো
যি কোৱা তাকে কৰিবলৈ৷
অথচ তুমি একোৱেই নকলা
ব্ৰহ্মপুত্ৰ অথবা এভাৰেষ্ট
নতুবা বাৰমুডা ট্ৰাইংগল
সকলো একাকাৰ কৰিলোঁ হেতেন!
তুমি কোৱা হলে
কি বেয়া পোৱা
মই হলো হেতেন পৰিৱৰ্তন!
তুমি বেয়া পোৱাটো কৰিলো হেতেন
দূৰতে বিদূৰ
কপালৰ ঘাম মাটিত পেলাই
আনি দিলো হেতেন তুমি 
যি বিচাৰা সকলো
এতিয়াওঁ যদি বিচাৰা
প্ৰাণটো দিম তোমাৰ হাতত তুলি
কোৱানা এবাৰ কিনো বিচাৰা তুমি…………
১৫ মে ২০১০ চন
শনিবাৰ

Saturday, 28 December 2019

চকুৰ প্ৰতিছবি

চকুত চকুপানী
মুখত নাই হাঁহি
যেন মৰহি যোৱা এটি
গোলাপৰ পাহি৷

মোৰ হৃদয়ত কেৱল
যান্ত্ৰণাৰ বিননি সুৰ
কি হল হায় আজি
অতীতৰ সপোনবোৰ?

চকুত এতিয়া মাথোঁ মোৰ
অকল চকুপানীৰ সাগৰ
ভাহি থাকে প্ৰতিছবি কাৰোবাৰ
এখন নৈৰ অনুজ্জ্বল নিজান ঘাটৰ৷

বসন্ত পখীৰ গীত শুনিলেও
মোৰ হৃদয়ে উচুপি উঠে
মোক খুলি খুলি খাব ধৰিছে
অতীতৰ মনোমোহা স্মৃতিবোৰে৷

এনেকৈয়ে একোটা বিষাদৰ মন লৈ
মই যাম বেলেগ এখন পৃথিৱীলৈ
মোক কিয় বাৰু বুজি নাপালে
এবাৰ কিয় মোৰ কথা ভাবি নাচালে?

স্বদেশপ্ৰেমী কোন?

নামাতিবা,নামাতিবা
বিষাদৰ সুৰেৰে আই,
কিনো কম বাৰু মই
তাকো ভাবি পোৱা নাই৷

শোষণকাৰী তোমাৰ বুকুত
মিলি ধ্বংসৰ পথ বিচাৰিছে
নিজৰ ঠাইৰ বহুমূলীয়া সম্পদ
আনক বেছিব ধৰিছে৷

টকাৰ বিনিময়ত সিহঁতে
সকলো পাহৰি যায়
নাকান্দিবা আই তুমি কৰুণ সুৰেৰে
সিহঁতক স্ৰৰজিলে কোন বিধাতাই?

যাৰ হিয়াত নাই অকনো
স্বদেশৰ প্ৰতি ভালপোৱা
যি অকল তেজ শুহিব বিচাৰে
তেওঁলোকৰ শিলাময় হিয়াই
দেশৰ কাৰণে একো নিবিচাৰে!

তিতা চেনী

মই ভবা নাছিলো যে
কেতিয়াবা চেনীও তিতা হয়
মই জনাত চেনী সদায় মিঠা
কিন্তু আজি তেন্তে মই কি খালো
চেনী নহয় নেকি?
কিন্তু সেইয়া নিমখ নহয়
নিমখ হোৱা হলে চোকা পালোহেঁতেন!
এইয়া চেনীয়েই নে আন কিবা
চেনী খাবলৈতো মিঠা
কিন্তু এইয়া খালে জাপমাৰি উঠিব
খাবলৈ অহা পৰুৱাই উলটি বাট ল’ব৷
এইয়া চেনীী কেনেকৈ তিতা হ’ল
যুগৰ পৰিৱৰ্তনৰ লগে লগে
কি বস্তুৰোো পৰিৱৰ্তন হয় নেকি?
মই জনা নাছিলোঁ হবও পাৰে
অসম্ভৱ টো কেতিয়াবা সম্ভৱ হয়
তেন্তে এইয়া নিশ্চয় যুগৰ পৰিৱৰ্তন!

Tuesday, 24 December 2019

সমাজ

সমাজ,হয় এইখন মানৱ সমাজ
নানা জাতি,ধৰ্ম ভিন ভিন সমাজ
জাতি-উপজাতিৰ সমাজ
হিন্দু,শিখ,মুছলমানৰ সমাজ!
কিন্তু সকলোবোৰ সমাজতেই বাস কৰে মানুহেই
সকলো সমাজতেই মানুহৰ হয়
জন্ম- মৃত্যু,বেমাৰ-আজাৰ
সকলোৰে একে নহয় আচাৰ ব্যৱহাৰ৷
জাতি-বিজাতি মানুহে গঢ়িছে
ঈশ্বৰেে গঢ়া নাই!
কেৱল সৃষ্টিকৰ্তাই সৃষ্টি কৰি 
আমাক দিছে পঠিয়াই৷
কিছুমান এনে সমাজ আছে
যি নিষ্ঠুৰতাৰ উৰ্দ্ধত৷
যিখন সমাজৰ বিচাৰ আছে
কিন্তু বিবেক নাই
দন্দ আছে , ক্ষমা নাই
জীয়াই থকাৰ উপায় নাই!
তেজ মঙহ আছে যিখন সমাজৰ
কিন্তু যদি নাই হৃদয়
সেই সমাজৰ লোক বৰ নিৰ্দয়৷
তেনে মনুষ্যত্বহীন সমাজত মই
বাস কৰিব নিবিচাৰো৷
সুন্দৰ,নিকা সমাজতহে মই
আজীৱন বাস কৰিব বিচাৰো!
পামনে এখন অহিংসাৰ
সুন্দৰ নিকা সমাজ
য’ত সকলো থাকিব মিলিজুলি
যি সমাজত থাকিব সকলো
নিজৰ ককাই-ভাই,বাই-ভনী বুলি৷

Sunday, 1 December 2019

হাঁহি

তোমাৰ চলনা লগৰী হ’ল মোৰ
নহলা মাত্ৰ মোৰ তুমি,
প্ৰতিশ্ৰুতি ভংগ কৰি আতৰিলা
এবাৰো নাচালা মোৰ কথা ভাবি৷
তোমাৰ প্ৰতিশ্ৰুতি,মৰমলগা কথাবোৰে
আজি মোৰ বুকুত সহিব নোৱাৰা আঘাত কৰে,
ৰাতি সাৰ পাই উচুপো নিৰৱে
তপত চকুলোবোৰ টপটপকৈ সৰে!
বিষাদক লগৰী কৰি মই
আছো অকলে অকলে জীয়াই,
কিয়নো অতীতৰ কথাবোৰেে
বুকু বিন্ধি যায়৷
তুমি হাঁহিছিলা যাবৰ সময়ত
বুজাতো নাছিলা মোৰ মনৰ কথা,
এবাৰো নুসুধিলা মাথোঁ আতৰিলা
মোৰ হিয়াখন ভাঙি আতৰি গ’লা!
প্ৰথম দিনাও তুমি আহিছিলা
মোৰ জীৱনলৈ এটি মধুৰ হাঁহিলৈ,
শেষৰ দিনাও মাৰিলা হাঁহি
মোৰ হিয়াখন জ্বলি যোৱাকৈ৷

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...