Sunday, 5 April 2020

ৰূপকোঁৱৰ হব নোৱাৰাৰ দুখ

আই,কেতিয়াবা বৰ বেজাৰ লাগে
মানুহৰ কথাবোৰে মনটো ভাঙে
কিয়,কিয় বাৰু মানুহবোৰেে মোক
আপচু মুৰীয়া বুলি হাঁহে৷

নকৰিবি দুখ সোন 
যিয়েই যি কয় কওক
নিজৰ কামতে মন দে
জীৱনত উন্নতি হওক৷

কিয় আই মানুহবোৰে 
চেহেৰা চাই মুখখন কোচাই
কিছুমানৰ কথাই জাননে আই
শৰে বিন্ধাদি বিন্ধে৷

যাৰ কাম নাই
সিহঁতে আনৰ কথাত সময় কৰে নষ্ট
আনৰ কথা শুনি তই
নিজকে নিদিবি কষ্ট৷

জাননে আই মানুহে বৰ
চকু,নাক,চুলি,গাৰ ৰং চাই
ধুনীয়া নোহোৱা মানুহবোৰৰ
একোটা জানো মন নাই৷


ৰূপে কি কৰে গুনে সংসাৰ তৰে
জ্ঞানীলোকে কয়
যাৰে তাৰে কথা শুনি থাকিলে
জীৱনত আগুৱাই যাব নোৱাৰিবি তই৷

জাননে আই মই একো নুবুজো
মোৰ ৰূপকোঁৱৰ হব মন যায়
ধুনীয়া হলেই জানো
একো নকৰিলে হয় আই?

ৰূপকোঁৱৰ হব নালাগে সোন
ভগৱানে যিটো দিছে সেইটোৱে হব
এদিন সকলোৰে দেহা 
মাটিত তলতে পোত যাব৷

জাননে আই চুলিক লৈ ধেমালি
গাৰ বৰণক লৈ ধেমালি কৰে
ৰূপকোঁৱৰ হব নোৱাৰাৰ দুখত মোৰ
টপটপ চকুলো সৰে৷

ধুনীয়াবোৰ ক্ষন্তেকীয়া
গুনবোৰ কিন্তু মৃত্যুৰ পাছতো থাকি যায়
মহান মনিষীৰ কথাবোৰচোন
কিতাপতে পায়৷

জাননে আই মানুহবোৰে
চাপৰ-ওখ,কলা-বগা সকলো বাচ বিচাৰ কৰে
এই কণা,অন্ধ,বোবা মানুহবোৰক লৈও
ৰগৰ কৰি হাঁহিব ধৰে৷

ভগৱানে সকলোকে ৰূপকোঁৱৰ কৰিব নোৱাৰে
সকলোকে দিয়ে কিবা এটা গুণ,
যাৰে তাৰে কথা শুনি
মন বেয়া নকৰিবি মোৰ সোন৷

আনৰ কথাত আৰু আজিৰ পৰা
লাগি নাথাকো মই
কৰ্ম কৰি যাম নিজৰ
বিফলতাবোৰ কৰিম জয়৷

ৰূপৰ কথা বাদ দি
গুনতে দে তই মন
তেহে পাবি সকলোবোৰ
মান-যশ- ধন৷

যিয়ে যি কয় কৈ থাকক
কামেৰে দিম পৰিচয়
ৰূপকোঁৱৰ হব নোৱাৰা বাবে
আজি দুখী নহয় মই৷


Thursday, 2 April 2020

এলেহুৱা

পৃথিৱীৰ বুকুত বহি
মনত অসংখ্য সপোন ৰচি
নকৰিলে হব জানো কিবা কাম,
সকলো কৰিব লাগিব
তেতিয়াহে পোৱা যাব
যশ মান সন্মান৷
এলেহুৱা জীৱনত বাৰু কোনোবাই
কিবা জানো উন্নতি কৰিব পাৰে,
নিজৰ এলেহুৱা জীৱনটো
যেনেতেনে কটাব ধৰে৷
তেনেদৰে থাকি নোপোৱা একো তুমি
হোৱাচোন এজন কৰ্মী
কৰি যোৱা নিজৰ কাম,
নিজৰো উন্নতি, দেশৰো উন্নতি
পোৱা হয় নিজ কৰ্মৰ ফল
মাটিত পেলাব লাগিব ঘাম৷
কৰ্মময় জীৱন,ব্যস্তময় সময়ত
অনুভৱ কৰিব নোৱাৰি দুখৰ,
সদায়েই পোৱা হয় কৰ্মফল 
হ’ব উন্নতি জীৱনৰ৷
এলেহুৱা নহৈ হওঁ আহা কৰ্মী
কৰি যাওঁ সকলোৱে দেশসেৱা,
এলেহুৱাক কোনেও ভাল নাপায়
সি হৈ থাকে জীৱন্ত অৱস্থাতে মৰা৷

তুমি পাৰিবা জানো?

তুমি পাৰিবানে কোৱা
সাতুঁৰিব সাগৰৰ বিশাল বুকুত
উৰিব পাৰিবানে তুমি
এই সুবিশাল আকাশত?
লেখিব পাৰিবানে তুমি
আকাশত থকা ত’ৰাৰ সংখ্যা
খেলিব পাৰিবা জানো
জোন বেলি ত’ৰাৰ সৈতে?
আগ্নেয়গিৰিৰ বুকুত বহি
তপস্যা কৰিব পাৰিবানে
পাৰিবানে তুমি উদ্ধাৰ কৰিব
বাৰমুডাৰ গোপন ৰহস্য?
ধুমকেতুৰ নেজত ধৰি যাব পাৰিবানে
এই সুবিশাল পৃথিৱী গোটেইখন
খোজকাঢ়ি চলাথ কৰিব?
অগ্নিৰ বুকুত শুই
সাগৰ,মহাসাগৰ সিঁচি
আহিব পাৰিবানে হৈ
তুমি বিশ্ববিজয়ী?
হ’ব পাৰিবা জানো 
গোটেই পৃথিৱীৰ অধীশ্বৰ
অমৰ হৈ জীয়াই থাকিবানে তুমি?
পাৰিবানে যাবলৈ সূৰ্য্যৰ বুকুলৈ
দিনক পাৰিবা জানো ৰাতি কৰিব
কোৱা তুমি সকলো পাৰিবানে
দিয়া চোন মোক তোমাৰ উত্তৰ?

Tuesday, 31 March 2020

মহানুভৱ

অকল নিজেই জীয়াই থাকি
বিলাসী জীৱন যাপন কৰি
জীৱন কটাবলৈ চাব নালাগে
নিজেই ভালদৰে জীয়াই থাকি
আনকো জীয়াই তুলিবলৈ চেষ্টা কৰিব লাগে৷
দেখিছো সদায় চকুৰ আগত
এটা পৰুৱাই সৰহ খাদ্যৰ
সন্ধান পালে আনকো মাতি লৈ যায়
সকলোৱে মিলিজুলি ভগাই খায়৷
মানুহে যদি মানুহৰ কথা ভাবে
কৰে সকলোৱে সকলোকে মৰম
সুখ আৰু দুখেই আমাৰ জীৱন
সাৰ্থক হব আমাৰ মনুষ্যৰ জীৱন৷
মহানুভৱতাৰে ভাৱি চাওঁ আহা
জীৱশ্ৰেষ্ঠ মানুহ আমি
আমি যদি নাভাবো পৃথিৱীৰ কথা
কোনেনো চাব ভাবি!

Monday, 30 March 2020

জানিবলগীয়া কথা ৯

১/ভাৰত নাট্যম সাংস্কৃতিক জগতখনত অতিকে জনপ্ৰিয় শাস্ত্ৰীয় নৃত্য ৷ আপুনি জানেনে ভাৰত নাট্যমৰ ভাৰত শব্দটোৰ প্ৰকৃৃত অৰ্থ কি?
উত্তৰ: ভাব,ৰাগ আৰু তাল
২/ভাৰতৰ বৃহত্তম জিলাখনৰ নাম কি?
উত্তৰ:বিশাখাপট্টনম
৩/FAO বা খাদ্য আৰু কৃষি সংস্থাৰ প্ৰধান কাৰ্যালয় ক’ত?
উত্তৰ:ইটালীৰ ৰোম চহৰত
৪/শূন্যৰ আৱিষ্কাৰ কোন দেশত হৈছিল?
উত্তৰ:ভাৰতত
৫/শূন্যৰ আৱিষ্কাৰ কোনে কৰিছিল?
উত্তৰ:আৰ্যভট্টই
৬/আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?
উত্তৰ:প্ৰায় ৬০০ বছৰ
৭/বৃটিছ কোম্পানীয়ে অসমত তেওঁলোকৰ প্ৰথমে ক’ত ৰাজধানী পাতিছিল?
উত্তৰ:চেৰাপুঞ্জীত
৮/পৰ্তুগীজসকলে কেতিয়া গোৱা দখল কৰিছিল?
উত্তৰ:১৫১০ চনত
৯/বাৰানসীত সংস্কৃত কলেজ কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:১৭৯২ চনত
১০/মহিলা শিক্ষাৰ বাবে ১৯১৬ চনত প্ৰথম বিশ্ববিদ্যালয় ক’ত স্থাপন কৰা হৈছিল?
উত্তৰ:পুণেত৷
১১/ভাৰতত প্ৰথমে উপনিৱেশ কোনে স্থাপন কৰিছিল?
উত্তৰ: পৰ্তুগীজসকলে
১২/ইংৰাজ বণিকসকলে ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন কৰিছিল?
উত্তৰ:১৫৯৯ চনত
১৩/ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেতিয়া চুৰাটৰ পৰা বোম্বাইলৈ (বৰ্তমান মুম্বাই) কাৰ্যালয় উঠাই নিছিল?
উত্তৰ:১৬৮৮ চনত
১৪/ফৰাছী ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া স্থাপন হৈছিল?
উত্তৰ:১৬৬৪ চনত
১৫/ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ফাৰুকছিয়াৰৰ পৰা ফৰমান কেতিয়া আদায় কৰিছিল?
উত্তৰ:১৭১৫ চনত
১৬/ইংৰাজসকলে প্ৰথমে ক’ত বাণিজ্য কুঠি স্থাপন কৰিছিল?
উত্তৰ:চুৰাটত
১৭/১৬৯০ চনত কোনে কলিকতা নগৰ স্থাপন কৰিছিল?
উত্তৰ: জব ছাৰ্ণকে
১৮/নিজাম কোন ৰাজ্যৰ শাসকৰ উপাধি আছিল?
উত্তৰ:হায়দৰাবাদ
১৯/কোন সেনাপতিৰ বিশ্বাসঘাতকতাৰ ফলত চিৰাজ-উদ-দ্দৌলা পলাচীৰ যুদ্ধত হাৰে?
উত্তৰ:মিৰজাফৰৰ
২০/চুৰাটত প্ৰথমে বাণিজ্য কুঠি স্থাপন কৰা দেশ দুখনৰ নাম কি কি?
উত্তৰ:ইংলেণ্ড আৰু ফ্ৰান্স

Sunday, 29 March 2020

জানিবলগীয়া কথা ৮

১/কহিনুৰ হীৰাৰে নিৰ্মিত সিংহাসন ভাৰতৰ পৰা কোনে লৈ গৈছিল?
উত্তৰ: নাদিৰ ছাহে
২/মোগল সেনাপতি মিৰজুমলাৰ হাতত পৰাস্ত হোৱাৰ পাছত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই সম্ৰাট আজমতাৰালৈ নিজৰ জীয়াৰী ৰমণী গাভৰুক বিয়া দিছিল৷ৰমণী গাভৰুক মোগল বুৰঞ্জীয়ে কি বুলি উল্লেখ কৰিছে?
উত্তৰ:ৰহমত বানু বেগম
৩/ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠাপক জহিৰুদ্দিন মহম্মদ বাবৰৰ আত্মজীৱনী খনৰ নামটো কি?
উত্তৰ:তুজুক ই বাবৰী
৪/কোনজন মোগল সম্ৰাটৰ নামটোৰ অৰ্থ সিংহ?
উত্তৰ:বাবৰ
৫/কোনজন মোগল সম্ৰাটেে প্ৰজাৰ অভাৱ অভিযোগ শুনিবলৈ “ন্যায়ৰ শিকলি” নামেৰে সোণৰ শিকলি এডালত ত্ৰিশটা ঘণ্টা লগাই বহুদূৰলৈকৈ আঁৰি থৈছিল আৰু এই ঘণ্টা বজাই দিয়াসকলৰ অভিযোগ শুনিছিল?
উত্তৰ: আকবৰ
৬/দিল্লীৰ লালকিল্লা কোনে সজাইছিল?
উত্তৰ:সম্ৰাট ছাহজাহানে
৭/শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি আৰু মোগলৰ সেনাপতি দুজনৰ নাম কি কি?
উত্তৰ: আহোমৰ সেনাপতি লাচিত বৰফুকন
মোগলৰ সেনাপতি ৰামসিংহ
৮/অসমখন একত্ৰিত কৰিবলৈ প্ৰথমে কোনে চেষ্টা কৰিছিল?
উত্তৰ: নৰনাৰায়ণেে
৯/১৯ এপ্ৰিল ১৯৭৫ চন এই দিনটো ভাৰতৰ বিজ্ঞান জগতৰ বাবে উল্লেখযোগ্য কিয় বাৰু?
উত্তৰ:ৰাছিয়াৰ পৰা ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আৰ্যভট্তৰ উৎক্ষেপন কৰা হৈছিল৷
১০/ক্ৰিকেটৰ প্ৰথম বিশ্বকাপ কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ:১৯৭৫ চনত
১১/ডাটছ্ কাৰেজ বুলিলে কি বুজোৱা হয়?
উত্তৰ:নিচাসক্ত লোকৰ সাহস
১২/বিশ্বৰ সবাতোকৈ পুৰণি বিমান পৰিৱহণ সংস্থাটো কোন দেশৰ?
উত্তৰ:নেদাৰলেণ্ডৰ
১৩/ভাৰতে প্ৰথমখন এদিনীয়া ক্ৰিকেট কেতিয়া খেলিছিল?
উত্তৰ:১৯৭৪ চনৰ ১৩ জুলাইত৷ইংলেণ্ডৰ বিৰুদ্ধে খেলিছিল৷
১৪/জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম মহিলা সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ:আশাপূৰ্ণা দেৱী
১৫/মহাত্মা গান্ধীয়ে সম্পাদনা কৰা পত্ৰিকাখনৰনাম কি?
উত্তৰ:হৰিজন
১৬/কোনজন বিখ্যাত লেখকৰ ছদ্মনাম কুইজ ?
উত্তৰ: চাৰ্লছ ডিকেন্স
১৭/কি গছক শান্তিৰ প্ৰতীক বোলা হয়?
উত্তৰ:অলিভ বা জলফাই গছ
১৮/দক্ষিণ আফ্ৰিকাৰ এজন ৰাষ্ট্ৰপতিয়ে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল তেখেতৰ নামটো কি?
উত্তৰ: নেলছন মেণ্ডেলা
১৯/WHO ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰ:World Health Organization
২০/ৰাষ্ট্ৰসংঘৰ (United Nations Organization) ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:১৯৪৫ চনত

তোমাৰ কথাবোৰ মনত পৰে

মনত পৰিছে তোমাৰ খং উঠিলেই
তুমি হাতৰ অনামিকা অথবা তৰ্জনী আঙুলি কামুৰিছিলা
মোলৈ চাই পলকতে চাইছিলা বহুত দূৰলৈ৷
তুমি হয়তো কি ভাবা সেই সময়ত মই নাজানো
তোমাক যে তেতিয়া ইমান ধুনীয়া দেখাইছিল
লাগিছিল প্ৰকৃতিৰ নুমলীয়া জীয়াৰীৰ দৰে!
আমাৰ মাজৰ অভিমান হয়তো এঘণ্টা মান আছিল
ঠিক অলপ পাছতেই তুমি মোক খুন্দিয়াইছিলাহি
মোৰ দুচকুত দুচকু থৈ তুমি হাঁহিছিলা
হয়তো তেতিয়া মইয়ো মিছিকিয়াই তলমূৰ কৰিছিলো৷
তুমি আনক কোৱাৰ চলেৰে মোক বহুত কথাই কৈছিলা
ভিতৰি ভিতৰি মোক জ্বলাই ৰং চোৱা তুমি
অথচ মই তোমাক নামাতিলেই 
তুমি মোক সুধাহি “তোমাৰ ভালনে?”
মোৰ সোঁহাতৰ কেঞা আঙুলিয়াত বেণ্ডেজ মৰা দেখি
তুমি যে জিৰণিচ’ৰাত বহি থাকোতে
মানসীৰ হতুৱাই সুধাইছিলা
কি হল তোমাৰ?
পংকজক যে তুমি কৈছিলা
কাৰোবাৰ মুখত ভেকুলী সোমাল নেকি বুলি
মই সেইদিনা তোমাক নমতাৰ বাবেই৷
মই নাচালেও তুমি চাইছিলা
কিয় সেইয়া জানো মৰম নাছিল
মই তোমাৰ বাহিৰে অন্য ছোৱালীৰ লগত কথা পাতিলে
তুমি জানো মোক লক্ষ্য কৰি থকা নাছিলা?
তুমি যে তৰ্ক প্ৰতিযোগিতাত মোৰ নামটো প্ৰথমে দিছিলা
মই তৰ্ক নকৰো বুলি কোৱাত তুমি মোক খং কৰিছিলা৷
স্কুলত যে নাটক কৰাৰ কথা আছিল
তুমি যে প্ৰমোচন বিচাৰি নায়িকাৰ চৰিত্ৰত
অভিনয় কৰিম বুলি কৈছিলাা মোৰ বিপৰীতে৷
মই প্ৰথমে উভোতাই দিয়া গ্ৰীটিংছ কাৰ্ডখনি
তুমি পুনৰ দিছিলা কিয়?
মোক মনৰ কথা কবলৈ
তুমিয়েইতো বাধ্য কৰাইছিলাা
কিন্তু কিয় এনেে কৰিছিলা মই নুবুজিলো!
বহুত বুজাবলৈ চাইয়ো মই ব্যৰ্থ হলো
যেতিয়াই তোমাক চিৰদিনলৈ পাহৰিব খোজো
তেতিয়াই তোমাক ক’ৰবাত অজানিতে লগ পাই যাওঁ!
তুমি যেন মোৰ বাবে বহাগৰ কপৌফুল
তোমাৰ মনত পৰেনে নাই বাৰু এই কথাবোৰ
যিবোৰ ভাবি ভাবিয়েই পাৰ হয় মোৰ ৰাতি দিনবোৰ৷

হিয়াৰ দাপোণৰ তুমি নৃত্যশিল্পী

হিয়াৰ দাপোণৰ তুমি নৃত্যশিল্পী
কেতিয়াবা লোকনৃত্য,কেতিয়াবা আধুনিক
বাদ্যযন্ত্ৰৰ তালে তালে
তুমি এঠাইৰ পৰা সিঠাইলৈ যোৱা৷
তুমি বাৰু মঞ্চৰ নৃত্যশিল্পী নে জীৱনৰ?
তেজেৰে কেনভাচত ছবি আঁকিলো
একো নভৱাকৈয়ে তোমাক আপোন পাতিলো
জোনাকী পৰুৱাক ভালেই লাগে অন্ধকাৰত!
নাচোনৰ তালে তালে পাহৰি নাযাবা
নোপোৱাৰ বেদনাতকৈ পাই হেৰুৱাব বেদনা বেছি
তুমি অভিযোগৰ সাঁকো সাজি
যাবাগৈ বুলি ভয় লাগে!
বগলী ক’লা কেতিয়াও নহয়
ঠিক তেনেদৰে তুমিও মোৰ হৈ ৰ’বা আজীৱন৷
নুফুলা কলিটিৰ সৌন্দৰ্যত আতুৰ বিভোৰ মই
নুপুৰৰ ৰুনজুন শব্দ তুমি
নাযাবা অকলে এৰি দূৰলৈ বুলি
ধোঁৱা নোলোৱা জুই জ্বলিব হিয়াত৷
শিতানৰ গাৰু তিয়াব দুধাৰি চকুলোৰে৷
সকলো জানিও নহবা দেই অবুজন
তুমি ৰং নাচাবা মোৰ
কিয়নো হিয়াৰ দাপোণৰ তুমি নৃত্যশিল্পী!
২২/০৪/২০০৯

Saturday, 28 March 2020

শ্ৰীকৃষ্ণ

আহা শ্ৰীকৃষ্ণ,তুমি দ্বাৰকাৰ পৰা,
তুমি নথকাৰ বাবে বেয়া লাগিছে
পুৰী,বৃন্দাবন,মথুৰা৷
মথুৰাৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত
অষ্টম পুত্ৰ হৈ লৈছিলা জনম,
কিয়নো গুচি গ’লা এৰি থৈ সকলো
পৃথিৱীৰ সকলো হৈছে আজি অধম৷
শ্ৰীকৃষ্ণ তুমি ভগৱান আমাৰ
তুমি আমাৰ সৃষ্টিকৰ্তা,পালনদাতা
তোমাৰ দ্বাৰকা এৰি তুমি
আকৌ এবাৰ ইয়ালৈ আহা৷
মহাভাৰতৰ ৰণত তুমি আছিলা
অৰ্জুনৰ সাৰথি,
আজি বাৰু আছেনে তোমাৰ প্ৰিয়া
ৰাধিকা সুন্দৰী?
ষোল্লশ গোপীয়েও তোমাক নাটিলে
নিলা তুমি ভালুকৰ কইনা
কৰিলা স্বৰ্গৰ পাৰিজাত হৰণ,
তোমাৰ তযু চৰণত প্ৰভু
মূৰ দোৱাই লৈছো শৰণ৷
কৃষ্ণৰূপে অৱতাৰ ধৰি
কৰিলা অসংখ্য দেৱ মানৱৰ লীলা,
মাতৃ যশোদাক মুখৰ ভিতৰত
গোটেই বিশ্বব্ৰহ্মাণ্ড দেখুৱালা৷
পাঁচ বছৰ বয়সত লগৰীয়াৰ লগত
চৰাইছিলা গৰু
সমনীয়াৰ লগত কৰিছিলা দুষ্ট কাম,
আজিৰ গোটেই জগতত
সকলোৰে মুখত তোমাৰ মাত্ৰ নাম৷
নাগৰাজৰ শিৰত উঠি
নদীৰ বুকুত নাচি নাচি
ক’তনো গলা প্ৰভু তুমি আজি?
যুগে যুগে অৱতাৰ
ধৰা বাৰে বাৰে
কৃষ্ণৰূপে বধিলা পাপী কংসক
উগ্ৰসেনক সিংহাসনত বহুৱাই
কৰিছিলাা দুষ্টক দমন শান্তক পালন৷
মোহিনীৰ ৰূপেৰে দেৱতাক
অমৃত পান কৰাইছিলা
অসুৰক খুৱাইছিলাা সুৰা,
হে কৃষ্ণ তুমি আজি আহি
দানৱৰূপী মানৱক বধ কৰা৷
স্বৰ্গ,মত্য,পাতাল এই
ত্ৰিজগতৰ অধিকাৰী,
কৰি গৈছিলা যুগমীয়া কৰ্ম
যুগে যুগে অৱতাৰ ধৰি৷
মহাভাৰতৰ ৰণৰ দৰে
হোৱা আজি অহিংসাৰ যুঁজৰ সাৰথি
সুদৰ্শন চক্ৰৰে কৰা মুণ্ডচেদ
ৰক্তপিপাসু আৰু শোষণকাৰীক
ৰোধ কৰা পৃথিৱীবাসীৰ অপকৰ্ম৷
হিংসা,বিদ্বেষ,প্ৰতিশোধৰ জুই
আজি দপদপাই জ্বলিছে,
সেই জুইত পৰি ক’ত
নিৰীহ মানুহ মৰিছে!
হে কৃষ্ণ,হাতত লৈ বাঁহী
বজোৱাহি যমুনা নদীৰ পাৰত
গোপীৰ কাপোৰ লুকুৱাইছিলা গছৰ ডালত৷
শংখ,চক্ৰ,গদা,পদ্ম
চাৰিহাতে থাকা ধৰি
দুষ্টক দমন শান্তক পালন কৰা
যুগে যুগে অৱতাৰ ধৰি৷
পৰশুৰাম হৈ মাতৃক কাটি
ল’লা যে পাপৰ ভাৰ,
তুমি পাপৰ পৰা মুক্তি পাবৰ বাবে
কাটিলা ব্ৰক্ষ্মকুণ্ডৰ পাৰ৷
আহা শ্ৰীকৃষ্ণ মোৰ ভগৱান
বাঁহীৰ সুৰেৰে দুখীৰ অন্তৰ
কৰাহি সুখী৷
পৃথিৱীত স্থাপন কৰাহি
শান্তি,মৰমৰ,ভালপোৱা অহিংসাৰ দেশ,
পৃথিৱী ভৰিছে পাপী অপৰাধীয়ে
অসভ্যই লয় সভ্যৰ ছদ্মবেশ!
মোৰ কাকুতি শুনিবানে প্ৰভু
আহিবানে দ্বাৰকা এৰি
মুখত মিছিকিয়া হাঁহি
হাতত বাঁহীটি লৈ,
আহা প্ৰভু আকৌ এবাৰ পৃথিৱীলৈ৷

Monday, 23 March 2020

বিচাৰি যাওঁ কাৰোবাক

মাজ নিশাত উচুপি কান্দো
মনে মনে নিৰৱে বহি,
দুখৰ সময় কটাওঁ নিসংগভাৱে
তপত দুধাৰি চকুলো টুকি৷
হৃদয়ৰ বেদনা উচুপনিক বুজাব
নোৱাৰিি অৱস হৈ পৰো
দুখৰ লগত যুঁজি যুঁজি
সুখৰ কেতিয়াও মুখ নেদেখো৷
নাই কোনো মোৰ সুখ দুখৰ সমভাগী
একবিংশ শতিকাৰ কৰ্মময় জীৱন
ব্যস্তময় সময়
যদি ধনী হলোহেতেন তেতিয়া
বহুত সুখ দুখৰ সমভাগী পালোহেঁতেন৷
নিশ্চয় নিবিচৰাকৈয়ে
কাষত নিজেই আহি হলহেঁতেন উপস্থিত৷
কিন্তু আজি বিচাৰিও কাষত
কাকো পোৱা নাই
বিফলতাৰ মনোৰথ লৈ 
উভতি আহিছো বাৰে বাৰে
মোৰ ভগা পঁজালৈ৷
এদিন মোৰ হাতলৈ হয়তো টকা আহিব
কিন্তু সেইদিনা হয়তো মোৰ
কাষত কোনো নাথাকিব৷
বয়স নামৰ অসুৰটোৱে মোক
চুচৰাই লৈ গৈ আছে
মই ৰৈ যাব পৰা নাই
নি আছে গৈ আছোা৷

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...