Thursday, 7 May 2020

হাঁহো আহক ২

হাঁহি ১
পুৰুষৰ কাজিয়া আৰু মহিলাৰ কাজিয়াৰ মাজত থকা পাৰ্থক্য কি জানেনে?
পুৰুষে কাজিয়া কৰিলে ৰক্ত ওলাই আৰু মহিলাই কাজিয়া কৰিলে তথ্য ওলাই৷

হাঁহি ২
এজন স্মাৰ্ট ল’ৰাই ছোৱালীৰ পৰা ফোন নম্বৰ লোৱাৰ বাবে এটা অভিনৱ উপায় উলিয়ালে৷সি প্ৰয়োগ কৰি চাবলৈ কলেজৰ ধুনীয়া ছোৱালীজনীক বাচি ল’লে৷কথা প্ৰসংগত সি তাইক কলে মই তোমাক এটা অংক কৰিবলৈ দিম যদি তুমি কৰিব নোৱাৰা তেতিয়া তুমি তোমাৰ ফোন নম্বৰটো মোক দিব লাগিব৷তাই তাৰ কথাত মান্তি হ’ল৷
সেই স্মাৰ্ট ল’ৰাটোৱে দিয়া অংকটো হ’ল
তোমাৰ ফোন নম্বৰটো × ১ = ? 

হাঁহি ৩
ৰাতিপুৱাই যদি আপুনি পত্নীৰ লগত বা গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগি আত্মসন্মান হেৰুৱা যেন লাগে তেন্তে চিন্তা নকৰিব ১০ মিনিটমান সময় কাষ্টমাৰ কেয়াৰৰ গৰাকীৰ লগত কথাপাতত আপোনাৰ আত্মসন্মান পুনৰ ঘুৰাই পাব৷


হাঁহি ৪
পত্নী : হেৰি মোৰ ফোনটো চাৰ্জত লগাই দিয়ক৷
পতি: গোটেই ৰাতি ফোন চাৰ্জত দিলে ফোন ব্লাষ্ট হৈ যাব৷
পত্নী:(হাঁহি ) চিন্তা নকৰিব মই বেটাৰীটো খুলি থৈছো৷


হাঁহি ৫
অভিনেত্ৰী আলিয়া ভাটে এখন কলেজ স্থাপন কৰিলে নাম দিলে “ আলিয়া ভাট বিজ্ঞান আৰু বাণিজ্য একাডেমি”
কেৱল ক’লা শাখাৰ বাবে৷


হাঁহি ৬
বাপেক: কাৰ লগত কথা পাতি আছিলি?
পুতেক : দেউতা এঞ্জেলৰ মাকৰ লগত কথা পাতি আছিলো৷
বাপেক : এঞ্জেল কোন এঞ্জেল?
পুতেক : এঞ্জেল মোৰ হবলগীয়া ছোৱালীজনীৰ নাম৷


হাঁহি ৭
পাপ্পু : জান’ ৰাজু ছোৱালী বিলাকৰে ভাল ৷
ৰাজু :(আচৰিত হৈ) কিয় ?
পাপ্পু : ছোৱালীবোৰ বিয়াৰ আগত পাপা কী পৰী আৰু বিয়াৰ পাছত ঘৰৰ লখিমী৷
ৰাজু : আৰু ল’ৰাবোৰ ?
পাপ্পু : ল’ৰাবোৰৰ কিনো বিয়াৰ আগত দেউতাকৰ পিটন খায় আৰু বিয়াৰ পাছত ঘৈণীয়েকৰ পিটন খায়৷

হাঁহি ৮
এদিন ৰাজুক অফিচৰ বচে খুউব গালি দি আছিল৷
বচ : কেতিয়াবা গাধ দেখিছা?
ৰাজু : (তলমূৰ কৰি ) নাই দেখা৷
বচ : তললৈ কি চাই আছা মোলৈ চোৱা
ৰাজু : ছাৰ মইতো আপোনাক মানুহ বুলিহে ভাবিছিলো গাধ বুলি জনা নাছিলো৷

হাঁহি ৯
এজন সাধু বাবাৰ এটি সৰু দুখ ল’গা কাহিনী৷
যাৰ বাবে তেওঁ সকলো মায়া মোহ ত্যাগ কৰি সাধু সন্যাসী হব লগা হ’ল সেইদিনা তাই শাহুৱেক আৰু গিৰিয়েকক লগত লৈ আহিছিল সন্তান হোৱাৰ আৰ্শীবাদ বিচাৰি৷

হাঁহি ১০
এজন মানুহে ঘৈণীয়েকৰ নম্বৰ দুটা এনেদৰে চেভ কৰিলে Wife 1 আৰু Wife 2 
এদিন ঘৈণীয়েকে ম’বাইলটো চাই থাকোতে দেখিলে ঘটনা বিষম৷ কথাটো ভাৱি হঠাতে এডাল লাঠি লৈ গিৰিয়েকক এফালৰ পৰা কোবাবলৈ লাগি গ’ল৷গিৰিয়েকক ইমানেই কোবালে যে তেওঁ চিকিৎসালয়ৰ বিচনাত হে চেতনা ( Sense ) ঘুৰাই পাইছে৷তেওঁক চিকিৎসা কৰি থকা ডাক্তৰজনক উপদেশ দি কৈছে যদি আপোনাৰ পত্নীৰ দুটা ফোন নম্বৰ আছে তেন্তে ভুলটো Wife 1 আৰু Wife 2 বুলি চেভ নকৰিব নহ’লে মোৰ দৰে দশা হব৷

Saturday, 2 May 2020

হাঁহো আহক

হাঁহি ১
বিকাশ নামৰ ল’ৰাটোৱে প্ৰতিভা নামৰ ছোৱালীজনী বিয়া কৰালে৷ সিহঁতে নতুনকৈ সজা ঘৰটোৰ নাম দিলে “ প্ৰতিভা বিকাশ কেন্দ্ৰ”

হাঁহি ২
শ্ৰেণীত ইংৰাজী ছাৰ সোমায়েই ক’লে আজি তোমালোকে সকলোৱে নিজৰ নামটো ইংৰাজীত ক’ব লাগিব৷এফালৰ পৰা সুধি গ’ল৷হঠাৎ শ্ৰেণীৰ এজন ছাত্ৰই নিজৰ নাম যিটো কলে ইংৰাজী ছাৰে একো বুজিব নোৱাৰি আকৌ কলে 
শিক্ষক( আঙুলিৰে ইংগিত দি): তোমাৰ নাম কোৱাচোন?
ছাত্ৰ:মাই নেম ইজ ছাৰভেন্ট অফ দা গড
শিক্ষক:(আচৰিত হৈ) অসমীয়াত কি নাম তোমাৰ?
ছাত্ৰ: মোৰ নাম ভগৱান দাস ছাৰ৷আপুনি ইংৰাজীত ক’ব কোৱা বাবে মই তেনেকৈ ক’লো৷
ছাৰে ছাত্ৰৰ ইংৰাজী বিষয়ত পাণ্ডিত্য দেখি মাটিতে ঢলি পৰিল৷

হাঁহি ৩
মই তোমাৰ বাবে ভগৱানৰ পৰা
শান্তি
শক্তি
ভক্তি
প্ৰেম
প্ৰতাপ
সম্প্ৰতি
সংগ্ৰাম
চান
সফলতা
সমৃদ্ধি
সংস্কাৰ
সন্মান
স্নেহ
বিজয়
এই ১৪ টা ল’ৰা ছোৱালীয়ে হ’ব নে আৰু বিচাৰিব লাগিব?

হাঁহি ৪
ভগৱানৰ খং কেতিয়া উঠে জানেনে?
যেতিয়া বিয়া হৈ নোযোৱাকৈ কোনোবা ছোৱালী গৰ্ভৱতী হয় আৰু সেই ছোৱালীজনীৰ মাক দেউতাকে কয় “হে ভগৱান,এইয়া তুমি কি কৰিলা ?”

হাঁহি ৫
ল’ৰাবোৰৰ দুখ ল’গা কথা
১/ভাল ছোৱালীবোৰ ধুনীয়া নহয়
২/ধুনীয়া ছোৱালীবোৰ ভাল নহয়
৩/ভাল,ধুনীয়া ছোৱালীবোৰ চিংগল নহয়
৪/ভাল,ধুনীয়া,চিংগল ছোৱালীবোৰ বেছি পঢ়া শুনা নহয়
৫/চিংগল,ভাল,ধুনীয়া,পঢ়া,শুনা ছোৱালীবোৰে পাট্টা নিদিয়ে৷

কিমান যে দুখ.....


হাঁহি ৬
ক্লাছত এজনী ছোৱালীয়ে গান গাই আছিল৷ জাৰা জাৰা টাচ মি টাচ মি৷শ্ৰেণীৰে ৰাহুলে তাইক টাচ কৰি কলে সাহস আছে যদি পিছৰ লাইন টো গাই শুনা😊

হাঁহি ৭
মাকে সৰু ল’ৰাটোক কৈছে চোৱাচোন কিমান ধুনীয়া মাহী৷মাহীক চুমা এটা দিয়া৷সৰু ল’ৰাটোৱে উম নিদিও মাহীয়ে পিটিব৷
মাক:ইমান ধুনীয়া মাহীজনীয়ে কিয় পিটিব তোমাক?
সৰু ল’ৰাটো: কালি পাপাই মাহীক চুমা খাব লওঁতেই মাহীয়ে পাপাক কিয় মাৰিছিল?

হাঁহি ৮
ৰাৱণ এনেকুৱা এজন ব্যক্তি আছিল তেওঁ অকলেই সমবেত সংগীত গাব পাৰিলেহেঁতেন আৰু ধৃতৰাষ্ট্ৰ এনেকুৱা এজন ব্যক্তি তেওঁ অকলেই ঘৰতেই এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন!

হাঁহি ৯

ৰাতি সূৰ্য্যক দেখা পোৱা যায়নে?
মই কৈছো যায়৷
কাৰণ সূৰ্য্য নামৰ মানুহক ৰাতিও দেখা পোৱা যায়😊

হাঁহি ১০
শেষত এটা হাঁহিবলৈ ইংৰাজীলৈ অনুবাদ কৰিবলৈ আগবঢ়াই দিলো সকলোৰে বাবে

আপোনাৰ দেউতা মতা নে মাইকী?
প্ৰশ্নটো আচৰিত যেন লাগিছে নেকি?
মই কিন্তু প্ৰমাণ কৰি দিম মাইকী বুলি
সেই কথা মই নিজেই নকওঁ নিজৰ মুখেৰে আপুনি নিজেই ক’ব৷

তলৰ বাক্যশাৰী ইংৰাজীলৈ অনুবাদ কৰক আৰু প্ৰমাণ চাওঁক

“মোৰ দেউতা মোৰ চাবি”


@সকলোবোৰ জমনিৰ বাবেহে

বিনিময়

মানুহৰ জীৱনটো বাৰু কি
আছে কি ইয়াত
কচুপাতৰ পানীৰ দৰে কালৰ বুকুত
সকলো এদিন হেৰাই যায়
কোন কি আছিল আগৰ জন্মত
কালে সকলোকে নিয়ে পাহৰাই  !

হয় যদিও আমাৰ কেতিয়াবা  
এদিন সকলোৰে মৰণ
কি বিচিত্ৰ এই জীৱৰ জীৱন  ?

এজনৰ শ্ৰম,ত্যাগ,প্ৰচেষ্টাৰ বিনিময়ত
পৃথিৱীয়ে লাভ কৰে সৰ্বোত্তম উপহাৰ
কৰিব পাৰিছেনে পৃথিৱীবাসীয়ে
বিজ্ঞানৰ সৎ ব্যৱহাৰ  !

কিছুমান মহাপুৰুষ আহি দি গ’ল আমাক
আকাশৰ বিশালতা,সাগৰৰ গভীৰতাতকৈয়ো বেছি
কিছুমান নতুন অৱদান
কৰি গ’ল সমাজৰ কামবোৰ সমাধান৷

পৰিশ্ৰমীজনৰ কপালৰ ঘাম পৰে মাটিত
জীপাল হৈ উঠে পথাৰৰ শস্য
এই মহান পুৰুষ সকল আমাৰ সদায়
হওঁক যেন চিৰনমস্য  !

তেওঁলোকেহে বুজি পায় জীৱনৰ মহত্ত্ব
দেখুৱাই যায় পৃথিৱীবাসীক
জীৱনৰ আনটো নাম কি?
শ্ৰমেই বুজাব পাৰে সকলো মানুহক
মানুহ হোৱাৰ গৌৰৱ কি
জীৱনৰ মহত্ত্ব সকলোৱে নোৱাৰে বুজিব
মানুহ হ’ল নতুনত্বৰ সন্ধানকাৰী !

Wednesday, 29 April 2020

আধৰুৱা সপোনৰ মালিক

তোক কইনা সাজত চোৱাৰ হেপাঁহ
থাকি গ’ল মোৰ
বহুদিনৰ মূৰত আজি
তোৰ ফেচবুকত প্ৰফাইলটো চালো
হেই,তই আগৰদৰেই ধুনীয়াজনী হৈ আছ’৷

বহুদিন হৈ গল
মই ভালদৰে খাব শুব নোৱাৰা হলো
তোৰ বিয়াৰ দিনাৰ পৰাই
হয়তো মোৰ সুখৰ ঠিকনাবোৰ হেৰাই গ’ল!

তই জাননে মই এতিয়াও
যেতিয়াই তেতিয়াই তই দিয়া মেছেজবোৰ পঢ়ো
পাহৰি যাওঁ মই সেইবোৰ
অতীতৰ নে বৰ্তমানৰ

সকলোকে ফাঁকি দিলেও
নিজৰ গাৰুটোক ফাঁকি দিয়াটো বৰ কঠিন অ’
সিয়েই একমাত্ৰ জানে
সুখী কোন দুখী কোন?

এতিয়াও মই নষ্টালজিয়াৰ সাগৰত
মন গলেই  সাতুৰি ফুৰো
হেৰাই যোৱা সপোনবোৰৰ আত বিচাৰি ফুৰো

ক’তনো কি ভুল হৈ গ’ল
একোকে আজিলৈকে বুজি নাপালো
যোৱাৰ আগটো শিকাই থৈ নগলি
সুখী হোৱাৰ মন্ত্ৰ !

তোক কইনা সাজত চোৱাৰ হেপাঁহটো
মোৰ আধৰুৱা হৈ ৰ’ল
তই আনৰ হোৱাৰ দিনাৰে পৰা
আৰু এজন আধৰুৱা সপোনৰ মালিক হ’ল !

২৯/০৪/২০২০

Sunday, 26 April 2020

এইখন আমাৰ দেশ

সোণেৰে গঢ়া এইখন আমাৰ দেশ
সোণোৱালী শস্যৰ দেশ
মানুহৰ উজ্জ্বল একোটি মনৰ দেশ৷
সূৰ্য্যৰ সোণালী কিৰণে আৱৰা
এইখন মোৰ দেশ
মইতো নাজানো মোৰ দেশখন
কোনে স্ৰৰজিলে 
কোনে নাম দিলে
আইৰ বুকুৰ সম্পদবোৰ 
আজি কোনে কাঢ়ি নিলে?
নাজানো মই এই দেশৰ
আকাশ,বতাহ,পানী,জীৱজন্তু
কোনে স্ৰৰজিলে ইয়ালৈ আহি
দেশৰ বাগিছাত চোৱা
ফুলিছে নানা ফুলৰ পাহি৷
এই দেশৰ মাটি 
এই দেশৰেই সকলো
থিয় হৈ আছে পৰ্বত-পাহাৰ
এইদেশ মোৰ অতি মৰমৰ
ক’তজনে এইদেশৰ মাটিত দিলে দেহা
তাৰ যে হিচাপ একো নাই
কিমানজনে ল’লে জনম
মোৰ আই সকলোৰে পালক
আই আছেহি কি যে বেশত৷
এইখন আমাৰ দেশ
কাৰো লগত তুলনা নাই
দিনক দিনে আমাৰ দেশ 
যায় যেন আগুৱাই৷

বতাহ আৰু ত’ৰা

ভাল লাগে দেহ মন
জুৰোৱা বতাহত বহি
নানা তৰহৰ কথা ভাবি,
ৰাতিৰ আকাশৰ তলত বহি
বৰ ভাল লাগে
আকাশৰ ত’ৰা লেখি৷
নানা প্ৰশ্নই জুমুৰি দি ধৰে
বহু কথাই আহে মনলৈ,
মন নাযায়নে বাৰু
ত’ৰাৰ লগত লুকাভাকু খেলিবলৈ৷
কিন্তু ভবা কথা নহয় সিদ্ধি
বাটত আছে কণা বিধি!
কৰি যোৱা কাম চেষ্টাৰ অসাধ্য একো নাই
নেওচি আগুৱাই যোৱা
জীৱন বাটৰ বিপদ বিঘিণি৷
অলপতে নহ’বা হতাশ
মনত লোৱা নতুন উদ্যম প্ৰেৰণা,
ভাবিলেই হব জানো পূৰণ
মনৰ বাসনা৷
বতাহৰ হো-হোৱনি
ত’ৰাৰ জিকমিক
সদায় আমি দেখিছো,
কিন্তু তাৰ আচল অৰ্থ আমি
কেতিয়াবা জানো ভাবি চাইছো?

তোমাক বিচাৰি যাওঁ

বহুত দিন ভাবি আছো
তোমাৰ কথা মোৰ মনত
তোমাকে বিচাৰো মৰমী কাষতে
মোৰ দুদিনীয়া জীৱনত৷
সদায় কল্পনা কৰো
মধুৰ মধুৰ সপোন ৰচো
হঠাতে কল্পনাৰ কাৰেং সাজি
হঠাতে ভাঙি চুৰমাৰ কৰো৷
নাজানো তোমাৰ প্ৰতি কিয় মোৰ
ইমান মৰম চেনেহ ভালপোৱা
তুমিয়েই হৈছা একমাত্ৰ নাৰী
হৃদয়ত আলফুলকৈ গুজি বহা!
কথাৰে প্ৰকাশ কৰিব নোৱাৰো
মোৰ মনৰ কথা তোমাৰ আগত
ভগৱানৰ কি যে মনোৰম সৃষ্টি
আতৰি নাযাবা তুমি লাজত৷
এটি মৌ মিঠা মাত দি
মোৰ অন্তৰ নিয়া শাঁত পেলাই
মোৰ এই অবুজ ভালপোৱাই
তোমাক মাথো বিচাৰি যায়৷
বহাগ অহাৰ বাতৰি লৈ
কুলিয়ে বিনাই কুউ কুউ কৈ
শয়নে সপোনে বিচাৰো তোমাকে
মনে সদায় বিচাৰে কাষত
তোমাৰ প্ৰতিছবি আঁকিলো সংগোপনে
মোৰ হিয়াৰ ভাজত৷
মচিব নোৱাৰো সেই প্ৰতিছবি
মোৰ হিয়াৰ পৰা
তুমি হবা মোৰ বিয়াৰ কইনা
মই হম তোমাৰ দৰা৷
দুয়ো বিয়া পাতি
সুখৰ সংসাৰ গঢ়িম
এই বিনন্দীয়া পৃথিৱীত
তোমাকে আপোন কৰিম৷

Thursday, 23 April 2020

চকুৰ চিনাকি

চকুৰ চিনাকি হলেই নহব
যদি নোহোৱা হৃদয়ৰ আপোন
দেখিলেই জান নহব
যদি দিঠক নহয় সপোন৷
ক্ষন্তেক কাষত থাকিলেই নহব
যদি লগৰী নোহোৱা জীৱনৰ
বুজামনো মই কেনেকৈ
তুমি মোৰ কিমান মৰমৰ৷

লগৰী হলেই জানো হব কোৱা
যদি সঁচা মৰম নিদিয়া
তাতোকৈ দূৰত থকাই ভাল
যদি মোৰ আপোন নোহোৱা৷

আহি থাকিবা কাষত সদায়
আপোনমনে মনৰ কথা পাতিম
তুমি মোক মৰম দিলে
মইও তোমাক মৰম দিম
মন মিলিলে আপোন কৰিম৷
সঁচা মৰমৰ প্ৰতিশ্ৰুতিৰে
দুয়ো মিলি এক হম
চিৰসংগী জীৱনৰে
বুকুত সজাই থম৷

৩০ আগষ্ট ২০০৯

এটা কবিতা

আজি মোৰ এটা কবিতা লিখিব মন গৈছে
মই বৰকৈ আৱেগিক হৈ পৰিছো নেকি
কবিতাৰ কিছুমান ভাষাই আজি বৰ আমনি কৰিছে
নিলিখো বুলিও থাকিব পৰা নাই মই
কি হৈছে মোৰ আজি?
মই জানিব খুজিছো শীতৰ অত্যাচাৰত
নঙঠা হৈ থকা কাঞ্চন জোপাক
দূবৰিত লাগি থকা নিয়ৰৰ টোপালক আৰু
ডাৱৰ,ডাৱৰ লগা কুৱলীজাকক!
সিহঁতে জানে নেকি মোৰ কথা কিবা
প্ৰস্তৰ যুগৰ পৰা আজিলৈকে একে থকা
মাটি চপৰাটোক সুধিব মন গৈছে
মোক যদি বুজাই দিলেহেঁতেন!
সেইয়া চোৱা পাহাৰৰ খোৰোং বোৰত মেঘ
আৰু কুৱলীৰ ধোঁৱা বৰণীয়া অন্ধকাৰত
ৰ’দালিয়ে ধেমালি খেলা
উৰণীয়া ডাৱৰৰ পৰা মুক্ত হোৱা জোনটো
আৰু তিৰবিৰাই থকা ত’ৰাবোৰ৷
মই ফুলপাহক সুধিছো
হে,গোলাপ তোমাৰ পাহিৰ ৰং আৰু কোমলতাবোৰ কোনে দিলে
মোক অলপ দিবা নেকি
হে,আজলী হৰিণীজনী তোমাৰ দুচকুৰ নীলাবোৰ
বিলাই দিবা নেকি চাৰিওফালে৷
মোৰ চোন আজি ইমান ঠাণ্ডাতো
বৰ গৰম লাগিছে
বুকুখন ঢিপিং ঢিপিং কৰিছে
দুগালৰ চকুলো ও ইমান তপল!
ফুলনিত ফুলি থকা ফুল
বতাহত উৰি থকা পখিলাৰ আনন্দকণ
মই পোৱা হলে!
হে,কপৌপাহি তোমাক এটি কথা কওঁ
আজিৰ মানুহৰ হিয়াখন শিলৰ নেকি
কিয় অন্তৰৰ কথাবোৰ যে নুবুজে
হে,কেকটাছ তুমি হবলা দান দিলা
তোমাৰ কাইটবোৰ বিন্ধিবলৈ৷
তোমাৰ ঠুনুকাবোৰ মোক দিলা
হিয়া চূৰ্ণ বিচূৰ্ণ হ’ল
মৰুভূমিৰ মৰিচীকা আজি
সকলোলৈ বিয়পি আহিল
আইচবাৰ্গ অলপ গাত বান্ধি লওঁ নেকি
বাৰিষাৰ নৈৰ গড়া
খৰালিৰ খৰাংবোৰ কিয় মোৰ বুকুত?

Wednesday, 22 April 2020

জীয়াই থাকিম কেনেকৈ

হেৰাল ভাষা
হেৰাল আশা,
সঘনাই উচুপো
নিৰ্জন নিশা৷
সূদূৰ আকাশৰ জোন
বহুতে সোধে মই কোন?
কোন ক’ত আছা
অলপ সহায় কৰাচোন!
জীৱনটো বৰ আহুকাল হ’ল
সুখৰ দিন নিমিষতে মাৰ গ’ল
যাৰ চকুত চকু থৈ সপোন দেখো
তেওঁ যে দূৰলৈ আতৰি গ’ল৷
সঘনাই মন খেলিমেলি
কোনেও নাচায় মোক চকুমেলি
হে বিধাতা তুমি কপালত
কিনো দিলা লিখি?
সকলো ডুব যায়
সপোনৰ সুকোমল কোলাত,
মইহে উচুপি কটাও উজাগৰী ৰাতি
অকলশৰীয়া নিৰ্জন নিশাত৷
তুমিও গ’লা গুচি দূৰলৈ
মোৰ মৰম দলিয়াই থৈ,
যোৱাৰ আগত নকলা কিয়
জীয়াই থাকিম কেনেকৈ?

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27