Wednesday, 3 June 2020

Make Your Name Ringtone নিজৰ নামৰ ৰিংটন কেনেকৈ বনাব

সকলোৰে হয়তো মন যায় যেতিয়া ফোন বা মেজেছ আহে তেতিয়া নিজৰ নামৰ ৰিংটন এটা বজা হলে৷হয় ভাল লাগে যেতিয়া আপোনাৰ ফোনটো আপোনাৰ নামত বাজি উঠে তেতিয়া বহুত ভাল লাগে৷কিন্তু বহুলোকে নাজানে নিজৰ নামৰ ৰিংটন কেনেকৈ বনাব লাগে৷আজি মই নিজৰ নামৰ ৰিংটনটো কেনেকৈ অতি সহজতে বনাব পাৰিব তাকে কবলৈ ওলাইছো৷


১/প্ৰথমতে আপোনাৰ মবাইল বা কম্পিউটাৰৰ যিকোনো ব্ৰাউজাৰত যাওঁক৷


২/দ্বিতীয়তে আপুনি গুগলত  bestwap.in Search কৰক৷


৩/ Bestwap.in চাৰ্চ কৰাৰ পাছত  আপুনি সেই ৱেবছাইটত যাওঁক৷


৪/Bestwap.in ত যোৱাৰ পাছত অলপ তললৈ চালেই দেখিব  Your Name Ringtone Option টো৷


৫/ Your Name Ringtone ত ক্লিক কৰাৰ লগে লগে Make Your Name Ringtone পেজটো দেখা পাব৷


৬/ Make Your Name Ringtone ত গৈ আপুনি নিজৰ নামটো টাইপ কৰি  পছন্দৰ অনুসৰি হিন্দী ইংৰাজীত ৰিংটন বনাই লব পাৰে৷লগতে Message Tone ও বনাব পাৰিব৷


৭/ যদি কোনোবা Caller Name দি ৰিংটন বনাব বিচাৰে তেন্তে Ringtone With Caller Name ত ক্লিক কৰি Caller জনৰ নামটো দি Ringtone বনাই লব পাৰিব৷

মই সুখী নে দুখী


চিন্তাৰ সময়ে হওঁক বা দুখৰ দিনেই হওঁক মই এইবোৰ সময়ত মানুহৰ পৰা আতৰি থাকো কাৰণ মই কাকো মোৰ কথাবোৰ কৈ অশান্তি দিব নোখোজো । সঁচা কথা কবলৈ গলে মানুহে প্ৰথমে আপোনাৰ কথা খুব সুন্দৰ কৈ শুনিব আৰু আপোনাৰ পৰা অলপ দূৰ আতৰি গৈয়ে কথাবোৰ লৈ কৌতুক কৰি অট্টহাস্য কৰিব । গতিকে মই কাকো জানিবলৈ নিদিওঁ মই সুখী নে দুখী ।

Tuesday, 2 June 2020

এয়াই প্ৰেম কাহিনী মোৰ জীৱনৰ

এটা বেগী ঘোৰাত উঠি
আজি তোৰ সপোনত যাম
তই সাৰে নাথাকিবি
মনে মনে তোক প্ৰাণভৰি চাম৷

কোনো শব্দ নোহোৱাকৈ 
তোক সপোনতে আহিম চাই
হাঁহিটোতে মৰম দিওঁনে মাতটোতে মৰম দিম
একো যে ভাবি পোৱা নাই !

তই নজনাকৈ তইয়ো মোৰ 
সপোনত আহ’ কেতিয়াবা এজনী ৰাজকুমাৰী হৈ
সেই ৰাতি আৰু শোৱ নোৱাৰো মই
চাই থাকি উৰুখা পঁজাটিলৈ ৷

সপোনবোৰে জাননে 
কেতিয়াবা হঁহুৱাই,কেতিয়াবা কন্দুৱাই
মানুহ হৈও সপোনত আকাশত
চৰাই দৰে উৰি যায় !

আজিকালি তই সপোনত আহিলে
আগৰ দৰে মোলৈ নোচোৱা হলি
মইযে তোৰ সপোনৰ ৰাজকুমাৰ নহয়
সেয়ে চাগৈ মোক পাহৰি গলি ?

সাঁচি ৰখা কথাবোৰ
সপোনত যেতিয়া আহে
ভাললগা সপোনৰ অস্তিত্ব হেৰাই
বাস্তৱত লাহে লাহে৷

হয়তো এদিন তোক 
কোনোবা ৰাজকুমাৰ আহি লৈ যাব কৰি আপোন
দি থৈ যায় সময়ে মোক
বহুতো অপূৰ্ণ সপোন৷

আজি তই ভালকৈ টোপনি যাবি
এটি বেগী ঘোঁৰা লৈ তোক চাবলৈ যাম
সোণালী আখৰে হৃদয়ৰ একোণত
লিখি থৈ দিম তোৰ নাম৷

ৰাজকুমাৰৰ দোলাত উঠি 
যাবিগৈ চাগৈ দূৰণিৰ দেশলৈ
জোন,ত’ৰাৰ পোহৰো নপৰে
আমাৰ সৰু জুপুৰিটোলৈ৷

আজিৰ পৰা আৰু সপোনত তোক
কেতিয়াও চাবলৈ নাযাওঁ
বহুবাৰ ভাবিছো এনেকৈ কিন্তু পৰা না
সেয়েহে শপত নাখাওঁ৷

নহলেও মই ৰাজকুমাৰ তোৰ সপোনৰ
তইয়ে কিন্তু মোৰ ৰাজকুমাৰী সপোনৰ
প্ৰাণ ভৰি চাই আহিম তোৰ জোন যেন মুখখনি
এয়াই প্ৰেম কাহিনী মোৰ জীৱনৰ৷

০২/০৬/২০২০

Sunday, 31 May 2020

জন্মদিন

শিক্ষক আৰু ছাত্ৰছাত্ৰী কৌতুক Teacher Students Jokes

কৌতুক ১
এবাৰ এজন ছাত্ৰই স্কুলত শিক্ষকৰ পৰা পিতন খোৱাৰ পিছত ছুটী দিয়াৰ লগে লগে সেই শিক্ষকজনৰ ঘৰত উপস্থিত হ’ল৷ল’ৰাটোৱে মাতিলে ক্ষন্তেক সময়ৰ পাছতে ছাৰৰ ঘৈণীয়েক বাহিৰলৈ ওলাই আহিল৷
ছাত্ৰ: ৰাজু ,ছাৰৰ ঘৰ এইটো হয়নে?
ছাৰৰ ঘৈণীয়েক : উম হয়৷
ছাত্ৰ : আপুনি কোন?
ছাৰৰ ঘৈণীয়েক : মই তেওঁৰ পত্নী৷
ছাত্ৰ : আপুনি যদি ছাৰৰ পত্নী তেন্তে ছাৰক স্কুলত সদায় মূৰ পিটিকি দিয়া জনী কোন হয়?
ছাৰৰ ঘৈণীয়েক : (আচৰিত হৈ) কি? ৰবা আজি ছাৰক ঘৰলৈ আহিব দিয়া বেলনা মাৰিৰে পিটিম৷
ছাত্ৰজনে মিছিকিয়াই হাঁহি ছাৰৰ ঘৰৰ পৰা গুচি আহিল৷

কৌতুক ২
শিক্ষক : কোৱাচোন মহিম আইনষ্টাইন কোন আছিল?
মহিম : নাজানো ছাৰ৷
শিক্ষক : গ্ৰাহাম বেল কোন আছিল ?
মহিম : নাজানো ছাৰ ৷
শিক্ষক : আৰ্যভট্ট কোন আছিল?
মহিম : নাজানো ছাৰ৷
শিক্ষক :(খঙেৰে) কিবা জান’নে বুৰ্বক ? কেতিয়াবা পঢ়াত মন দিলেহে ৷
মহিম : ৰাহুল,যতীন,ৰাজু,পংকজ , নিখিল কোন জানেনে ছাৰ ?
শিক্ষক : নাজানো সেইবোৰ কোন?
মহিম : কেতিয়াবা জীয়েকৰ পিনে মন দিলেহে৷


কৌতুক ৩
শিক্ষক আজি তোমালোকে নিজৰ জীৱনৰ লক্ষ্যৰ বিষয়ে ক’বা৷মই এফালৰ পৰা সুধি যাম তোমালোকে কৈ যাবা৷শিক্ষকে সকলোকে এফালৰ পৰা সুধি গ’ল৷এফালৰ পৰা ছাত্ৰছাত্ৰী সকলে শিক্ষক,ডাক্তৰ,ইঞ্জিনীয়াৰ,বিজিনেছ মেন,নেতা হম বুলি কৈ গ’ল৷
ছাৰে কিন্তু নিখিলৰ উত্তৰ শুনি ঠাইতে ৰৈ গ’ল৷

শিক্ষক : কোৱাচোন নিখিল তুমি ডাঙৰ হ’লে কি হ’বা?
নিখিল : ছাৰ মই আপোনাৰ জোৱাই হম৷


কৌতুক ৪
ছাৰ ক্লাছৰ পৰা ওলোৱাৰ লগে লগে শ্ৰেণীকোঠাতো কোলাহলে ভৰি পৰিল৷কাৰো মাত ক’তো নুশুনি এনে পৰিৱেশ৷বহু সময় ধৰি হূলস্থূল কৰিলত ছাৰ ক্লাছলৈ আকৌ আহিল৷আহিয়েই খঙেৰে ক’লে “এইখন তোমালোকে মাছৰ বজাৰ পাইছা নেকি?”
পিছফালৰ পৰা প্ৰবিত্ৰই মাত লগালে ,হয় ছাৰ আমি মাছ আৰু আপুনি মাছ বেপাৰী৷



কৌতুক ৫
শিক্ষকে এটা গাধৰ সন্মুখত এক বাল্টি পানী আৰু এবটল মদ ৰাখিলে৷গাধটোৱে গোটেই খিনি পানী খালে৷
শিক্ষকজনে ছাত্ৰছাত্ৰীৰ ফালে চাই সুধিলে “ ইয়াৰ পৰা কি বুজিলা?”
শ্ৰেণীৰ সকলোৱে একেলগে উত্তৰ দিলে, 
“ছাৰ যি মদ নাখায় সি গাধ৷”



কৌতুক ৬
শিক্ষক : নালায়ক,বুৰ্বক কেতিয়াবা কিতাপ পঢ়ি পাইছনে? বুক কেইখন কেতিয়াবা খুলি চাইচনে?
সঞ্জু :ছাৰ,মই সদায় বুক চাওঁ৷
শিক্ষক : কোনখন বুক?
সঞ্জু : ফেচবুক৷


কৌতুক ৭
শিক্ষক : (পাপুলৈ আঙুলিয়াই দি) পাপু এটা নীতিশিক্ষা থকা কাহিনী শুনোৱা৷

পাপু : মই মোৰ গাৰ্লফ্ৰেণ্ডক ফোন কৰোতে তাই শুই আছিল আৰু তাই  ফোন কৰোতে মই শুই আছিলো৷এই কাহিনীটোৰ নীতিশিক্ষা হ’ল
“যেনে কৰ্ম তেনে ফল”


কৌতুক ৮
শিক্ষকে পৰীক্ষাত চাৰিপৃষ্ঠাজোৰা এখন ৰচনা লিখিবলৈ দিলে৷ৰচনাৰ বিষয় হ’ল “এলাহ”
এজন ছাত্ৰই তিনি পৃষ্ঠা একো একো নিলিখি এৰি দি চতুৰ্থ পৃষ্ঠাটোত ডাঙৰ ডাঙৰ আখৰেৰে লিখিলে “এয়াই এলাহ ”



কৌতুক ৯
শিক্ষক : কোৱাচোন ভাৰতৰ বিপদজনক নদীখন কি?
ছাত্ৰ : ভাৱনা
শিক্ষক :কেনেকৈ?
ছাত্ৰ : কাৰণ ছাৰ ইয়াত সকলো উটি ভাহি যায়৷


কৌতুক ১০
শিক্ষক : কাণেৰে নুশুনা মানুহক কি বুলি কোৱা হয়?
ছাত্ৰ : তেওঁক মন গলে যিটি কব পাৰি কাৰণ তেওঁতো একো নুশুনেই৷

Thursday, 28 May 2020

হাঁহো আহক ( কৌতুক )

কৌতুক ১
ঘৰৰ কোঠাবোৰৰ নাম 
বিদেশত : Kitchen , Bedroom , Guest room, Store Room, Drawing Room
অসমত : দেউতাৰ কোঠা বা ৰুম, টিভি থকা ৰুম,ডাঙৰ ৰুম, প্ৰাৰ্থনা  কৰা ৰুম,আমি শোৱা ৰুম৷

কৌতুক ২
ATM ৰ পৰা পইছা উলিয়াই তাতে লগে লগে হিচাপ কৰা সকললৈ এটি সৰু প্ৰশ্ন ( Masum sa sawal)
ধৰি লোৱা পইছা কমকৈ ওলাল তেতিয়া কি ঘটিটো কৰিবা?

কৌতুক ৩
গাখীৰৰ ভিতৰত যিদৰে ঘিউ,মাখন লুকাই থাকে ঠিক সেইদৰে কিছুমানৰ বাবে পাতি লোৱা ভন্তিজনীৰ ভিতৰত প্ৰেমিকা,পত্নী লুকাই থাকে৷

কৌতুক ৪
এগৰাকী মহিলা ফলৰ দোকানলৈ গৈ দোকানীজনক ক’লে মোক ১kg Dancing Husband দিয়ক৷বেচেৰা দোকানীজনে আধাঘণ্টামান মানুহগৰাকীৰ মুখলৈ চাই থাকিল৷মানুহজনীয়ে আঙুলিয়াই দেখুৱাই দিয়াত হে গম পালে যে মানুহগৰাকীক ১ কেজি নাচপতি লাগে৷

কৌতুক ৫
দুজনী বান্ধৱী বহুদিনৰ মুৰত লগপালে ৷ভালবেয়া খবৰ লোৱাৰ পাছত

প্ৰথম বান্ধৱী : আজিকালি মোৰ ল’ৰাবোৰৰ ওপৰত অলপো বিশ্বাস নোহোৱা হৈছে৷

দ্বিতীয় বান্ধৱী : কিয়? কি কৰিলেনো ল’ৰাবোৰে তোৰ লগত?

প্ৰথম বান্ধৱী : আৰে কিনো কবি কালি মোক মোৰ Boyfriend য়ে ধৌকা দি দিলে!

দ্বিতীয় বান্ধৱী : ( আচৰিত হৈ) কেনেকৈ?

প্ৰথম বান্ধৱী : কালি সি মোক বেলেগ Boyfriend টোৰ লগত একেলগে ঘুৰি থকা দেখিলে আৰু লগে লগেই Break up দিলে৷ কিন্তু সি কৈছিল তিনিদিন মান ঘৰত নাথাকো বুলি৷ সেয়ে ল’ৰাবোৰৰ ওপৰত মোৰ অকণমানো বিশ্বাস নাই৷

কৌতুক ৬

ছোৱালী :মই তোমাৰ প্ৰেমত পৰি ধ্বংস,বৰ্বাদ হৈ গ’লো ,বদনাম হৈ গলো৷

ল’ৰা: আৰে পাগলী ,মই তোৰ প্ৰেমত পৰি কি ডাক্তৰ, ইঞ্জিনীয়াৰ হৈ গ’লো৷ পকৰী বেছি আছো ১০ টকাত ৫ টা ৷লাগে যদি ল’৷


কৌতুক ৭

সি বিয়া পতাৰ আগত কৈছিল বেবী মই তোমাৰ বাবে সকলো কৰিব পাৰিম৷কালি মই সিহঁতৰ ঘৰলৈ গৈছিলো৷বেচেৰাই কাপোৰ ধুই দি বাচন মাজি আছিল৷

সেইবাবেই প্ৰতিশ্ৰুতি দিওঁতে ভাবিগুণি দিব লাগে৷ 
(বৰলাৰ বাবে সতৰ্কবাণী)


কৌতুক ৮

ল’ৰা এটাই ভগৱানক প্ৰাৰ্থনা কৰি কৈছে হে ভগৱান মাৰ সকলো আশা পূৰ্ণ কৰি দিয়া৷

ল’ৰাটোৰ প্ৰাৰ্থনা শুনি ভগৱান হাঁহিত ক’ব নোৱাৰা হ’ল৷তাকে দেখি লক্ষ্মী মায়ে সুধিলে , কি হ’ল প্ৰাণনাথ? ইমান হাঁহি কিয়?

ভগৱানে হাঁহি সামৰি কলে , যিটো বালকে মাকৰ আশা পূৰ্ণ হওক বুলি মোক প্ৰাৰ্থনা কৰিছে সি হয়তো নাজানে যে তাৰ মাকে তাৰ মবাইলটো বেয়া হোৱাটো বিচাৰে৷

কৌতুক ৯

মডাৰ্ণ লেডী : Very fine তুমিতো বহুত ধুনীয়াকৈ ফেচিয়েল আৰু ক্লীন আপ কৰি দিলা৷কিমান বছৰৰ অভিজ্ঞতা আছে তোমাৰ?

পাৰ্লাৰৰ ছোৱালীজনী: মেডাম, আজি মোৰ বিউটিপাৰ্লাৰত প্ৰথমটো দিন৷ কালিলৈকে মইতো বাচন বৰ্তন ধোৱা কাম কৰিছিলোঁ৷


কৌতুক ১০

Husband : কি হ’ল তোমাৰ ? ৰাতিৰে পৰা কিবা ভয়,ভয় ভাৱত আছা যে?

Wife : কালি Makeup নকৰাকৈ ৰাতি দাপোণ চাইছিলোঁ তেতিয়াৰে পৰাই ভয় ভাৱটো লাগি আছে৷

Husband :(হাঁহি হাঁহি কব নোৱাৰা হৈ ) সেইবাবেইটো মই সদায় সেই তুপি খাওঁ মোৰ যাতে ভয় নালাগে৷

Wednesday, 27 May 2020

কেইটামান হাঁহি উঠা শ্বায়েৰী Hindi Funny Shayari

Funny Shayari 1.

Kash pyar ka insurance ho jata
Pyar karne se pehle premium bharwaya jata
Pyar mein wafa mili to theek warna
Bewafaon pe jo kharcha hota uska claim to mil jata


Funny Shayari 2.

Meri prem kahani ka kya ajeeb ending tha
Meri prem kahani ka kya ajeeb ending tha
Maine propose kiya SMS se
Kambakht woh uski shadi tak pending tha

Funny shayari 3.

Khud ka bachcha roye to dil mein dard hota hai
Kisi aur ka roye to sar mein dard hota hai
Khud ki biwi roye to bhi sar mein dard hota hai
Kisi aur ki roye to dil mein dard hota hai

Funny shayari 4.

Jab koi Zindagi mein bahut khas ban jaye
Uske baare mein sochna hi uska ehsas ban jaye
To maang lena khuda se use Zindagi bhar ke liye
Is se pahle ki uski maa kisi aur ki saas ban jaye

Funny shayari 5.

Nazar na lag jaye Aankhon mein kajal laga lo
Ham kahte hai Aankhon mein kajal hi nahin
Ho sake to
Gale mein neeboo mirchi chappal bhi latka lo

Funny shayari 6.

Nazaren mili to khyalat kho gaye
Nazren jhuki to savalaat ho gaye
Aur itna ghumaya use pyar mein
Shoping karate karate kangaal ho gaye


Funny shayari 7.

Arz kiya hai
Beizzati aur Biwi ajeeb cheej hoti hai
Gaur farmaiyega
Beizzati aur Biwi ajeeb cheej hoti hai
Achchhi tabhi lagti hai jab dusre ki hoti hai

Funny shayari 8.


Kis kis ka naam le apni barbadi me
Babut log aaye the Duayen dene shadi me


Funny shayari 9.


Zulfo me phoolon ko saja kar aayi hai
Chehre se Dupatta utha kar aayi hai
Kisi ne pucha ki kitni khubsoorat lag rahi hai
Hamne kaha shayad aaj naha kar aayi hai


Funny shayari 10.

Wo bewafa hai to kya hua mat bura kaho usko
Tum mujh se set ho jao duffa karo usko

#collected

Monday, 25 May 2020

কোনেও নাজানে

যিমানেই আপোনজন বা মৰমৰ জন নহওক কিয়
লগত যে কোনো নাযায়,
সকলো জীৱ-জন্তুৰে আছে মৰণ
চৰণেহে জানে মৰণৰ ঠাই৷

যিমানেই মৰমৰ বস্তু নহওক কিয়
তাকো যে লগত নিব নোৱাৰি,
এই দুদিনীয়া জীৱন আমাৰ
এৰিথৈ যায় সকলোকে আতৰি  !

জনম লভিলে এদিন মৰিবই লাগিব
সেইটো নিয়ম ধৰাবন্ধা,
সুন্দৰ সেউজী আমাৰ পৃথিৱী
জন্ম মৃত্যু চলি আছে সৃষ্টিৰপৰা৷

কোনেও নাজানে নিজৰ শেষৰ ঠাইৰ কথা
ভৱিষ্যতে কি বাৰু হ’ব,
আত্মাই বোলে কেৱল দেহটো সলাই
আত্মা অমৰ হৈ ৰয়৷

সকলোকে মৰমেৰে বন্ধুত্ব ভাৱে
অহিংসাৰে মৰম কৰি,
এৰি থৈ যাব লাগিব এদিন সকলো
সময়ৰ হাতত ধৰি৷

Sunday, 24 May 2020

দুখ

দূূূূৰলৈ গৈও দূূূৰলৈ যাব নোৱাৰিম
কিমান কান্দিম মই তোমাক বুজাব নোৱাৰিম,
দুখ এইবাবে নহয় যে তোমাক কাষত নাপাওঁ
দুখ এইবাবেই লাগিব যে মই কেতিয়াও তোমাক পাহৰিব নোৱাৰিম!

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...