Monday, 28 December 2020

Happy New Year 2021

Happy New Year 2021


1.Is saal Aapke ghar khusiyon ki ho Dhamal
Daulat ki na ho kami aap ho jaye Malamaal
Hanste muskurate raho aisa ho Sabka haal
Tahe dil se Mubarak ho Aapko naya saal.
Happy New Year 2021

2.Bit gaya jo saal bhul jaye
Is naye saal ko gale lagaye
Karte hai hum duwa Rab se sar jhuka ke
Is saal ki sare Sapne pure ho aapke.
Happy New Year 2021

3.Keep The Smile
Leave The Tear
Hold The Laugh
Leave The Pain
Think Of Joy
Forget The Fear
Be Joyous
Coz Its New Year
Happy New Year 2021

4.Bhagwan kare ye saal aap ko rash aaye
Jise aap sahte hai wo aapke paas aaye
Agli saal tak aap na rahe kunware
Aapka rista lekar aapki sans aaye.
Happy New Year 2021

5.Is riste ko aishe hi banaye rakhna
Dil mai apni yado ke sirag jalaye rakhna
Bahut pyara safar raha 2020 mai aapke sath
Bus aisha hi 2021 mai bhi banaye rakhna.
Happy New Year 2021

6.Naya Sabera nai kiran ke sath
Naya din ek pyari Muskan ke sath
Aapko naya saal Mubarak ho
Dher sari Duwaon ke sath.
Happy New Year 2021

7.Zindagi ka ek aur parao kam hone ko hai
Jano jahan mai yah sitam hone ko hai
Ab kya kare tumshe dost
December ke aakhiri dino mai naya saal 2021 aane ko hai.
Happy New Year 2021

8.Hindu Muslim Sikh Ishai
Din gaye hafte 
Gaye aur ye saal
Aapko humari taraf se 
Mubarak ho naya saal.
Happy New Year 2021

9.Dastak di kisi ne kaha sapne laya hu
Khush raho aap humesha itni duwa laya hu
Naam hai mera SMS
Aapko Happy New Year wish karne aaya hu.
Happy New Year 2021

10.Bhul jayo beete huwe kal ko
Dil mai basa lo aane wale pal ko
Khushiyan lekar ayega aanewala kal
Mubarak ho Aapko Naye Sal ka Har pal.
Happy New Year 2021

Monday, 14 December 2020

মাটি

এই মাটিতেই ক’তবাৰ
জীৱনৰ ছবি আকিলো
ক’ত নিজ হাতেৰে
জীৱনৰ প্ৰতিছবি মচিলো৷

এই মাটিতেই মোৰ দেহ
চিৰদিনলৈ শুই ৰ’ব
এই দেহা অমূল্য 
ভাবি চালে কি হ’ব 
মাটিতেই এদিন মিলিব !

এয়াই মাটি পানী আকাশ বায়ু
আমাৰ জীৱনত লাগে সদায়
সকলো বস্তুৱেই যে এই পৃথিৱীত
চিৰদিনলৈ মিলি যায়৷

মাটি আমাৰ অমূল্য সম্পদ
সকলো জীৱই ইয়াতেই বাস কৰে
মাটি সদায় মাটি হৈয়ে থাকিব
পানী হৈ নাযায় কোনোকালে ৷

এদিন মুদিম সকলোৱে জীৱনৰ ছবি
এই মাটিৰ শীতল কোলাত
শুই ৰম চিৰদিনলৈ উঠি নাহো
কিনো মূল্য আছে আমাৰ দেহাত !


তুমি মোক ভাল পোৱানে?

চকুৰ চাৱনি চাই
তুমি জানো বুজি নোপোৱা
তোমাৰ প্ৰতি যে আছে মোৰ
এক বিশেষ দুৰ্বলতা !


মোৰ কথাবতৰাত জানো বুজি নোপোৱা
তোমাক যে মই ভালপাঁও
ক’ব নোৱাৰো লাজত মই
কেৱল তোমাতেই ভুল যাওঁ৷


কেতিয়া বুজিবা তুমি
মোৰ অন্তৰৰ কথাবোৰ
কেতিয়ানো হ’বাহি
তুমি মোৰ মাথোঁ মোৰ ?

তোমাৰেই কথা ভাবি নালাগে
মোৰ অকনো আমনি
তুমি বাৰু জানানে 
তুমি বাৰু মোক ভালপোৱা নে ?


Monday, 30 November 2020

দ’ৰা কইনাৰ খেল

ভালেই আছিল সৰুতে খেলা
দ’ৰা কইনাৰ খেল
মই তোৰ দ’ৰা
তই মোৰ কইনা,
সমনীয়াৰ হাঁহি, খিকিন্দালি
গছৰ পাত ধূলি বালিৰ উপহাৰ
আজি মনত পৰেনে মইনা ?

তোক মই নামাতো
তোৰ লগত নেখেলোঁ
তই যে নিদিলি পুতলা,
মনত পৰেনে তোৰ
গাৱঁৰ বাৰীয়ে বাৰীয়ে
শিলিখা,বগৰী বুটলা ?

সৰুতেই ভাল আছিল অ’
সুখী হবলৈ বিশেষ একো নালাগে
লগত থাকিলেই হ’ল লগৰীয়া,
আজিকালি সৰু সৰু কথাতেই
ইজনে আনজনক কৰে জগৰীয়া
সকলোৰে হাতত সময় তাকৰীয়া !

চোৰ পুলিচ,লুকাভাকু,কাবাদি
আৰু ক’ত কিমান যে খেল
খেলিছিলোঁ সমনীয়াৰ লগত,
তেতিয়া কোনেও জনা নাছিলো
এনেদৰেই সলনি হম আমি
সলনি হ’ব জগত !

আহিবিছোন মইনা এদিন
আকৌ এবাৰ দ’ৰা কইনা খেলিম
লগৰবোৰকো দিম খবৰ,
ইমানদিনে যে দেখাদেখি নাই
মনত নপৰেনে আমালৈ
কিহতনো লগালো জগৰ ?

Saturday, 21 November 2020

চেহেৰাৰ ভিতৰতো থাকে অন্য এটা চেহেৰা

চেহেৰাৰ ভিতৰতো থাকে অন্য এটা চেহেৰা৷ধুনীয়া,ভাল কথা কোৱা সকলো মানুহ ধুনীয়া আৰু ভাল নহবওঁ পাৰে ঠিক সেইদৰে দুটা বেয়া ( অশ্লীল ) শব্দ বা কথা কলেই মানুহজন বেয়া নহবওঁ পাৰে৷আমিবোৰ আৱেগ অনুভূতি থকা মানুহ৷তোমাক প্ৰশংসা কৰা প্ৰতিজন লোকেই তোমাৰ সফলতা বা উন্নতি কামনা নকৰে৷পৃথিৱীৰ আটাইতকৈ কঠিন কাম মানুহ চিনি পোৱাটো৷

যেতিয়া বিপদ আহে তেতিয়া গম পোৱা যায় আপোন কোন পৰ কোন? কেতিয়াবা ধুমুহা আহে সেই ধুমুহাই দেখুৱাই দিয়ে আপোনৰ মুখা পিন্ধি থকা অচিনাকি মুখ কেইখন৷হাতত ধৰি আগুৱাই নিয়া মানুহ হয়তো হাজাৰ জনৰ মাজত ২ জন ওলাব কিন্তু পিছফালৰ পৰা টানি ধৰা মানুহ বহুত ওলাব৷

চেহেৰাৰ মাজত লুকাই থকা চেহেৰাটো দেখা পোৱাৰ পাছত তেনেকুৱা মানুহৰ প্ৰতি আন্তৰিকতা কমি যায় বাঢ়ি যায় দূৰত্ব৷পৰা পক্ষত তেনে মানুহৰ পৰা দূৰত থকাই মংগল৷কথাৰে সহায় কৰা মানুহৰ অভাৱ নাই  কিন্তু হাতে কামে কৰি সহায় কৰা মানুহৰ সংখ্যা তেনেই নগণ্য৷ বহু মানুহ দিনত ৰাম হৈ থাকে আৰু ৰাতি ৰাৱণ হৈ যায় !দিনত এটা ৰূপ ৰাতি এটি ৰূপ দিন ৰাতিৰ ৰূপৰ মাজত আকাশ পাতাল পাৰ্থক্য৷ 

আজিকালি প্ৰতি খোজতেই সাৱধানেৰে খোজ দিব লগা হয় নহলে বহুৰূপী বোৰৰ পৰা খোজ দিবলৈও ভয়৷তোমাৰ দুখৰ কথা শুনি হয়তো দুখী হৈ দেখুৱাব কিন্তু সেই কথাটো আনক হাঁহি হাঁহি কব৷কিছুমান মানুহে কাষচাপি সকলোবোৰ জানি লব আৰু যেতিয়াই মন যায় তেতিয়াই তেওঁ আঘাত কৰি আতৰি গুচি যাব !

যি কামেই নকৰা কিয় মানুহে প্ৰথমে আঙুলি টোৱাই কবই কিন্তু লক্ষ্যত উপনীত হলে সেইবোৰ মানুহে দহো আঙুলি একেলগে কৰি হাত চাপৰি বজাব৷চেহেৰাৰ ভিতৰতো থাকে অন্য এক চেহেৰা কথাষাৰ প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰতেই খাতে৷আজিকালি ফাদাৰ্ছ দে,মাদাৰ্ছ দে এই দিৱস বোৰ যিমানেই বাঢ়িবলৈ লৈছে সিমানেই বৃদ্ধাশ্ৰম,Old Age Home ৰ সংখ্যা বৃদ্ধি পাবলৈ ললে৷ মাদাৰ্ছ দেত মাৰ বিষয়ে,ফাদাৰ্ছ দেত দেউতাৰ বিষয়ে একেলগে এখন চেলফি উঠি এগালমান কিবাকিবি লিখি বাকীবোৰ দিনত মা-দেউতাক কাম বনত সহায় কৰি দিয়ানে? তেওঁলোকৰ কথা মানি চলানে?

মানুহ ঘৰত থাকিলেও বেলেগ বাহিৰত ওলাই গলেও বেলেগ৷ঘৰত যিমানেই দুখ,চিন্তা,হতাশাত নাথাকো কিয় বাহিৰলৈ যোৱাৰ আগত কিন্তু হাঁহিৰ মুখাখন পিন্ধি লওঁ৷ কেতিয়াবা ভালপোৱা ,বিশ্বাস কৰা মানুহবোৰে মুখাখন খুলি চেহেৰাটো দেখুৱাই দিয়ে ঠিক তেতিয়াই অচিনাকি কোনোবা এজনে মুখাখন খুলি চেহেৰাটো দেখুৱাই আৰু আমি বুজি পোৱা হওঁ আপোন পৰৰ সংজ্ঞা৷ প্ৰকৃতিৰ পৰিবৰ্তনৰ দৰে মানুহৰ জীৱনলৈও পৰিৱৰ্তন আহে৷প্ৰকৃতি যিদৰে সলনি হয় ঠিক তেনেকৈয়ে মানুহো সলনি হয়৷ এটা কথা লক্ষ্য কৰিলে দেখা পোৱা যায় প্ৰকৃতিয়েও চেহেৰাৰ ভিতৰত অন্য এটা চেহেৰা লুকুৱাই ৰাখে৷মানুহ লগ পাওঁ কিছুমান কাষচাপি আহে,কিছুমান আতৰি যায় নিজৰ চেহেৰাটো দেখুৱাই যায় বিশেষ আচৰিত নহওঁ কাৰণ জানো “ চেহেৰাৰ ভিতৰতো থাকে অন্য এটা চেহৰা ”৷

নিকু বৰুৱা
২১/১১/২০২০

Sunday, 15 November 2020

মই তোমাৰ প্ৰেমত পৰিছো

মই তোমাৰ প্ৰেমত পৰিছো
মই তোমাক কাষতে বিচাৰো
বিচাৰো আৰম্ভ কৰিব 
তোমাৰ সৈতে প্ৰেম -ভালপোৱা !

তোমাৰ দুখত দুখী
তোমাৰ সুখত সুখী
চুমাৰে উপচাই দিব বিচাৰো
তোমাৰ দুখনী সেন্দুৰীয়া গাল৷

মই কেতিয়াও তোমাক কিতাপৰ দৰে
মেলি জপাই চাব নিবিচাৰো
মই একো বিচৰা নাই
মাথোঁ বিচাৰিছো তোমাক !

মই জানিব খোজা নাই
তোমাৰ ধৰ্ম,ভাষা,বৰ্ণ,জাতি
অথবা অতীতৰ ইতিহাস৷

তুমি হয়তো ঊষাৰ দৰে নহবওঁ পাৰা
সেইটো মোৰ চিন্তাৰ কথা নহয়
কেৱল মোৰ কথাত ৰাজি হ’লেই হ’ল৷

মোৰ দুখৰ দিনত তুমি
জুৰ মলয়াৰ দৰে থাকিবা
হৃদয় দেহমন জুৰ পেলাবলৈ
মধুৰ গান গুনগুনাই থাকিবা৷

মৰমত দিবা এষাৰী সুৱলা মাত
বেমাৰত মূৰত বুলাই দিবা হাত
বিশ্বাসৰ এনাজৰীয়ে মেৰিয়াই বান্ধিবা
ভোকত দিবা সযতনে ৰন্ধা এমুঠি ভাত৷

মই তোমাক ভালপাওঁ
তোমাৰ কপালত আঁকিব বিচাৰো
মোৰ অনামিকা আঙুলিৰে সেন্দূৰীয়া বেলি
জিলিকি থাকিব উজ্জ্বল বৰ্নালী
কোৱা মোক ভাল পোৱানে তুমি?

কটাব বিচাৰো তোমাৰ লগত
সুখৰ এখনি সংসাৰ
সৃষ্টি কৰিব বিচাৰো নতুনত্ব
কোৱা ৰাজিনে তুমি?

Tuesday, 29 September 2020

ভোক আৰু সুখ

এবাৰ ভাবি চালেই দেখা পোৱা যায়
খাবলৈ আমাৰ আজি এমুঠি নাই
হৃদয়ত ভাহি থাকে অসংখ্য সপোন
ভোকত নাপাওঁ ভাত এমুঠি
নাপাওঁ পিন্ধিবলৈ ভাল কাপোৰ !

মনে বিচৰা এটা বস্তু
আমি তাকো নাপাওঁ
দুখীয়াৰ জন্ম লৈ 
আমি ৰসাতলে যাওঁ !

এমুঠি ভাতৰ বাবে আমি
কিমান যে সংগ্ৰাম কৰিব লাগে
তাৰো কোনো হিচাপ নাই
কোন দিনা সুখ দিব আমাক
জগতৰ অধিপতি বিধাতাই !

Tuesday, 22 September 2020

আৰাধনা

আশাৰ কলিটি মই হিয়াত ৰুইছিলোঁ
ভাবিছিলো লহপহাই উঠিব বুলি,
মোৰ আশাৰ কলিটি হঠাতে মৰহিল
নুঠিল আকৌ ঠন ধৰি৷

আহিল এচাটি অচিনা ধুমুহা
বৈ গল অতিকে বেগেৰে
হিয়াৰ নিকতাত্মীয় সকলো আতৰিল
আতৰি গ’ল অচিনাকি ভাৱেৰে৷

অচিনা ধুমুহা বতাহজাকে
চিঙি পেলালে আশাৰ কলিটি
তুমিয়েই মোৰ আছিলা প্ৰেয়সী
তুমিয়েই আছিলা হিয়াৰ লগৰী৷

যদিও এতিয়া আতৰিলা তুমি
মৰমত নাম দিছিলোঁ আৰাধনা বুলি
কৰিম আৰাধনা সদায় তোমাক
তুমিতো নাথাকা এপাহ ফুল হৈ ফুলি !

তোমাৰ প্ৰতাৰণাই মোৰ বাবে
সদায় প্ৰেৰণা হৈ ৰ’ব
মিছা মধুৰ কথাবোৰে
মোৰ হিয়াত বিন্ধি ৰ’ব !

Monday, 7 September 2020

ইংৰাজীত ফলমূলৰ নাম ( Fruits name in English)

ইংৰাজীত ফলমূলৰ নাম ( Fruits name in English )

Apple ( এপল্ ) আপেল
Almond ( অলমণ্ড ) বাদাম
Banana ( বানানা ) কল
Cashewnut ( কেছুউনাট ) কাজু বাদাম
Coconut ( ক’ক’নাট ) নাৰিকল
Cucumber ( কিউকাম্বাৰ ) তিঁয়হ
Date ( তাৰিখ ) খেজুৰ
Fig ( ফিগ ) ডিমৰু
Grapes ( গ্ৰেপছ ) আঙুৰ
Groundnut ( গ্ৰাউণ্ডনাট ) চীনাবাদাম
Guava ( গুৱেভা ) মধুৰীআম
Jackfruit ( জেকফ্ৰুইট ) কঠাল
Lemon ( লেমন ) নেমু
Litchi ( লিচ্চি ) লিচু
Mango ( মেংগু ) আম
Melon ( মেলন ) তৰমুজ
Olive ( অলিভ ) জলফাই
Orange ( অৰেঞ্জ ) কমলা
Papaya ( পাপায়া ) অমিতা
Pear ( পিয়াৰ ) নাচপতি
Peach ( পিচ ) বগৰী
Pineapple ( পাইনাপল) মাটি কঠাল,আনাৰস
Pistachio ( পিষ্টাচিঅ’ ) পেষ্টা
Plum ( প্লাম ) এবিধ বগৰী
Pomegranate ( পমগ্ৰানেট ) ডালিম
Raisin ( ৰেজিন ) খিচ্ মিচ
Walnut ( ৱালনাট ) আখৰোট

Saturday, 5 September 2020

ইংৰাজীত ৰোগৰ নাম

Ailment ( এইলমেণ্ট) ৰোগ
Acidity ( এচিডিটি ) অম্লপিত্ত
Anaemia ( এনিমিয়া) ৰক্তহীনতা
Asthma ( এজমা ) হাপানী
Bald ( বেলড্ ) তপা
Blind ( ব্লাইণ্ড ) অন্ধ
Belching ( বেলচিং ) উগাৰ মৰা
Bleeding ( ব্লিডিং ) তেজ যোৱা
Boil ( বইল ) ফোঁহা
Bronchitis ( ব্ৰংকাইটিছ ) শ্বাসৰোগ
Cataract ( কেটেৰেক্ট ) চকুনমা
Cholera ( কলেৰা ) কলেৰা,হাইজা
Constipation ( কনষ্টিপেছন ) কৌষ্ঠ-কাঠিন্য
Coryza ( কেৰাইজা ) পানীলগা
Cough ( কফ্ ) কাহ
Disease ( ডিজিজ্ ) ৰোগ,অসুখ,বেমাৰ
Diabetes ( ডায়বেটিছ ) বহুমূত্ৰ
Diarrhoea ( ডায়েৰিয়া ) অতিসাৰ
Dumb ( ডাম ) বোবা
Dysentery ( ডিছেনট্ৰী ) গ্ৰহণী
Eczema ( একজিমা ) বেচু
Epistaxis ( এপিষ্টেক্সিছ ) নাকেৰে তেজবোৱা
Epilepsy ( এপিলেপছী ) মৃগী 
Giddiness ( গিডিনেছ ) মূৰ ঘূৰণী
Headache ( হেডএক ) মূৰৰ বিষ
Hurt ( হাৰ্ট ) আঘাত
Hiccup ( হিকাপ ) হিকটি
Indigestion ( ইনডাইজেছন ) অজীৰ্ণ,বদহজম
Itch ( ইচ্ছ ) খজুৱতি
Jaundice ( জণ্ডীছ ) জণ্ডীছ
Lame ( লেম ) খোৰা
Lean ( লীন ) ক্ষীণ
Leprosy ( লেপ্ৰছী ) কুষ্ঠৰোগ
Lunacy ( লুনেচী ) উন্মাদ
Loose stool ( লুজ ষ্টুল ) পেট চলা
Mad ( মেড ) পাগল
Narcoloepsy  ( নাৰকেলেপছী ) নিদ্ৰাৰোগ
Pain ( পেইন ) বিষ
Pimple ( পিম্ পল) শালমইনা
Rheumatism ( ৰিউমেটিজম্ ) বাত বেমাৰ
Sorethroat ( ছোৰথ্ৰোট ) গলদাহ
Sore ( ছোৰ ) খহু
Stomachache ( ষ্টোমাকএক ) পেটৰ বিষ
Scabies ( স্কেইবিজ ) খজুৱতি
Small pox ( স্মল পক্স ) বসন্ত ৰোগ
Sprain ( স্প্ৰেইন ) মোচোকা
Sunstroke ( ছানষ্ট্ৰ’ক ) ৰ’দত মুৰ্ছা যোৱা
Typhoid ( টাইফয়ড ) আন্ত্ৰিক সন্নিপাত জ্বৰ
Typhus ( টাইফাছ ) সন্নিপাত জ্বৰ
Tumour ( টিউমাৰ ) টেমুনা
Tonsil ( টনছিল ) টনছিল
Vomit ( ভমিট ) বমি কৰা

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27