Sunday, 8 August 2021

চৰাই

নানা চৰাইৰ নানা মাত
মই সদায় শুনিবলৈ পাইছো
সিহঁতৰ গীত যেন মাতত
দুখতো আনন্দ লভিছো৷

ফুলনি বা নিৰ্জন এটুকুৰা ঠাইত
শুনিছো সদায় মই সিহঁতৰ গীত
আছেনে বাৰু সিহঁতৰ দুখ সুখ
সিহঁত বোলে আনন্দ জিৎ৷

বৰ ভাল লাগে হিয়াখন যায় পমি
ক’ব নোৱাৰা হওঁ এক মধুৰ তৃপ্তিত
ক’তো পোৱা নাযায় সেই সুখ
নানা চৰাইৰ নানান গীত৷

শান্তিৰ দূত ৰূপে পঠিয়ালে ভগৱানে
আমাৰ পৃথিৱীলৈ বুলি
বিলাই সকলোৰে মাজত আনন্দ
গছৰ ডালে ডালে পৰি৷

নানান স্বৰেৰে নানান গীত গায়
আনন্দত বিভোৰ হৈ পৰো
মইও যদি হলোহেতেন চৰাই
ফুৰিলো হেতেন গছে বনে অনাই বনাই৷

Saturday, 7 August 2021

ভাললগা আৰু ভালপোৱা ( Love at First Sight )

একো নজনাকৈ একো নুবুজাকৈ প্ৰথম দেখাতে কাৰোবাক ভাল লাগিব পাৰে সেইটো ডাঙৰ কথা নহয়৷সেই প্ৰথম দেখাতেই চিনাকি নোহোৱাকৈয়ে তেওঁ আমাৰ সপোনত মন মগজুত আহিব পাৰে৷যদি প্ৰতি মুহূৰ্ততে সেই সময়ৰ বা নিৰ্দিষ্ট ব্যক্তিজনৰ কথাই ভাবি থকা হয় তেওঁৰ ছবিখনে মন মগজুত থিতাপি লোৱাটো স্বাভাৱিক কথা৷সপোনত দিঠকত প্ৰতিপল তেওঁৰ কথাই আহি আমনি কৰিব তেওঁক লৈ নানা কথাভাবি ভাল লাগিব !ভাবি ভাবি কথাবোৰ নতুনকৈ ভাবি ভাল লাগিব আৰু লাহে লাহে সেই ব্যক্তিগৰাকীয়ে আমাৰ হৃদয়খনত বহি ল’ব৷এনেকৈ এদিন দুদিনৰ বা সেই প্ৰথম দেখা মুহূৰ্ততে সেই ভাললগা বোৰকে ভালপোৱা ভাবি প্ৰেমত পৰি যাওঁ৷


তেওঁৰ বিষয়ে জানিবলৈ , তেওঁক দেখা পাবলৈ হাবাথুৰি খাওঁ৷লাহে লাহে যেতিয়া তেওঁৰ বা ব্যক্তিগৰাকীৰ বিষয়ে সকলো জনা হয় হয়তো তেওঁক আগতকৈ বেছি ভাল লগা হয় বা একেবাৰে ভাল নলগা হয়৷কিন্তু সেই নিৰ্দিষ্ট ব্যক্তিজনৰ আমাৰ প্ৰতি যদি তেনে কোনো ভাৱ আৱেগ অনুভূতি নাথাকে তেন্তে সেইটো কোনো ডাঙৰ কথা নহয় ৷ কাৰণ সকলো মানুহৰে চিন্তাধাৰা বেলেগ,ভাব ভংগী বেলেগ আৰু তেওঁ নিজৰ বিচাৰ বিবেক বুদ্ধিৰেই সকলো কথা ভাবিব৷সেইবাবেই কাৰো বিষয়ে একো নজনাকৈ হোৱা ভাললগা বোৰক ভালপোৱা বুলি ভাবিব নালাগে৷

৩০ জুলাই ২০২১

Tuesday, 20 July 2021

কল্পনাৰ ৰাজত্ব

মনত ভাবি থাকো বাৰে বাৰে
নানা তৰহৰ নানা মধুৰ কথা
বাস্তৱত কেতিয়াবা বাৰু কিয় হৈ নুঠে
লাগি যায় ডাঙৰ মহালেঠা৷
মনৰ মাজত বোলি কেৱল
কল্পনাই ৰাজত্ব কৰে
কল্পনাৰ কাৰেং নানান ডাঙৰ অট্টালিকা সাজি
ভৱিষ্যতৰ ৰঙীন সপোন দেখে৷
নানা ৰঙীন সপোন মনৰ মাজত
কেতিয়াবা চুৰমাৰ হৈ যায়
ভৱিষ্যতৰ কথা নাজানে কোনেও 
অতীতে মিছিকি হাঁহি ঘুৰি চায়৷
ইমান যে মধুৰ লাগে নানা কথা ভাবি
বৰ্ণনা কৰিবলৈ কোনো ভাষা নাই
বাস্তৱত যদি সকলো হৈ উঠিলহেঁতেন
কিন্তু হৈ যে নুঠে সকলোবোৰ
কোনে জানে বিপদ কোন কালে মিলি যায়৷
সময়ৰ কাম যদি সময়ত কৰা যায়
তেতিয়া মনে বিচৰাটো পোৱা যায়
পাছলৈ নথবা কোনো কাম পেলাই
অশেষ চেষ্টা কৰা
কিজানি তুমি সুফল পাবাই৷

Tuesday, 22 June 2021

কেতিয়াবা আহিবি

কেতিয়াবা আহিবি
কথা পাতিম সুখ দুখৰ
বহুদিন হৈ গ’ল
হাঁহিটো দেখা নাই তোৰ মুখৰ৷
আগতে তয়েই সদায় 
ৰাখিছিলি মোৰ খবৰ
তই যে নাই কাষত
জীৱন যেন ডাৱৰীয়া বতৰ !
মনত পৰে তোলৈ সঘনাই
মনত ভাহে প্ৰতিছবি
মনত বাৰু আছেনে তোৰ
আমি একেলগে লোৱা প্ৰতিশ্ৰুতি৷
একোকে ভাল নলগা হ’ল
কাকো একো ক’ব নোৱাৰো
তই ল’গ পালে কবিচোন মোক
অতীতক কেনেকৈ পাহৰো৷
কেতিয়াবা যদি সময় পাৱ’ আহিবি
তোৰ মাতটো বহুদিন শুনা নাই
ভিজা ভিজা গাৰুটো
আজিও শুকোৱা নাই৷
তোক কাষৰ পৰা এপলক চাই
হৈ যাম সুখী মই
কেনেকৈ পাহৰিম অতীতক
বুজাই কিন্তু দিবি তই!

Wednesday, 9 June 2021

নিৰাশাবোৰ হ’ব আশাৰ কিৰণ

নিৰাশাবোৰ হ’ব আশাৰ কিৰণ
আৰম্ভ হ’ব নতুন জীৱন
সুখ দুখ জীৱনত থাকিবই
হাঁহিবোৰ এদিন কাষলৈ আহিবই৷

সময় যাব আগুৱাই
সপ্তাহ,মাহ বছৰ কৰি
যোৱাবোৰ যাবলৈ দিয়া
নালাগে ৰাখিব ধৰি৷

এই ধৰণীত চোৱা হ’ব পাৰি
প্ৰকৃতিৰ প্ৰেমত বিলীন
নতুন কিবা পিন্ধি লোৱা
মন নকৰিবা মলিন৷

ল’গ পাবা চিনি পাবা
বুজিবা ক্ষন্তেকীয়া সকলোবোৰ
হাঁহিৰো দাম আছে
মূল্য আছে চকুলোৰ৷

সপোনৰ পম খেদি
দৌৰ মাৰা বাস্তৱৰ পাছত
দেখিবা এদিন সকলোবোৰ আছে
তোমাৰ কাষত ৷

০৯/০৬/২০২১

Friday, 23 April 2021

মই যেন প্ৰেমত পৰিছো


স্বপ্নভংগৰ আৰ্তনাদ কেইবাবাৰো শুনিছো
পগলা প্ৰেমৰ পৰিনাম দেখিছো
তথাপি মোৰ অনুমান হয়
মই যেন মই যেন প্ৰেমত পৰিছো !

যন্ত্ৰণাত চটফটাই  থকা বেদনাৰ চকুলো টুকা
বহুজনৰ হৃদয়ৰ কথাও শুনিছো
তথাপি মোৰ অনুমান হয়
মই যেন মই যেন প্ৰেমত পৰিছো !

মৰম চেনেহৰ সংঞ্জা বিচাৰি
ক’তবাৰ অলিয়ে গলিয়ে ফুৰিছো
নতুনকৈ সপোনবোৰ সজাই
জীৱন সজাবলৈ শিকিছো৷

ভয় লাগে প্ৰেমত সকলো জানোচা হেৰাই
যদি দিয়ে প্ৰেমে বিষাদ আৰু চকুলো
তথাপি মোৰ অনুমান হয়
মই যেই মই যেন প্ৰেমত পৰিছো৷

কাৰোবাৰ দুচকুত দুচকু থৈ
কাৰোবাৰ পৰা মৰম বিচাৰিছো
তথাপি মোৰ অনুমান হয় 
মই যেন মই যেন প্ৰেমত পৰিছো
প্ৰেমত পৰি সকলো হেৰুৱাব খুজিছো !

৩ ছেপ্তেম্বৰ ২০১১


Sunday, 11 April 2021

ধোঁৱা

মোৰ দুচকুৰ অশ্ৰুৱে তোমাক
নোৱাব ধোৱাব মাহ হালধিৰ সৈতে
আয়তীয়ে দিব উৰুলী
জ্বলিব কেচা আম কাঠৰ জুই
মোৰ হিয়াত এটি ধপধপনি আৰু
এক বিৰহ যান্ত্ৰণা !

হ’ব তাত অতীতৰ মধুৰ স্মৃতিয়েই সান্তনা
মোৰ সপোনে পিন্ধাব তোমাক বহু সাজপাৰ
আৰু নানা আ অলংকাৰ
মোৰ নিগৰি আহিব এটি তপত হুমুনিয়াহ
হিয়াৰ তাজমহলত বন্দী তুমি
নহয় মইহে বন্দী তোমাৰ কাৰাগাৰত
তুমি তাৰ জেইলৰ ৷

জুই জ্বলিলে কিন্তু ধোঁৱা নাই
তপত পানী কিন্তু উতলোৱা নাই
কণী মাটিত পৰিল ঠেকেঁচা খাই
ঢেঁকীৰ ঢেংকুৰুচ ঢেংকুৰুচ শব্দ৷

উশাহ বন্ধ হৈ যায় 
গুচি যায় এটি ৰাতি
পিছদিনা সকলো নতুন !

এভাৰেষ্টত উঠি নামিবলৈ বৰ টান
আমুণ্ডছেনে দক্ষিণ মেৰু জয় কৰিলে
পৰাজিত হ’ল স্কট ৷

মোৰ থানবান সপোনে তোমাক
অট্টালিকা সজাই দিব
মই হ’ম ৰোমিঅ বা মাৰছিলা
দুকুৰা জুই দুঠাইত জ্বলিব
কিন্তু একে ধোঁৱাই ওলাব ৷

Monday, 5 April 2021

মানুহ আৰু মানুহৰ কথাবোৰৰ বিষয়ে

মানুহ আৰু মানুহৰ কথাবোৰ:-

১/যিবোৰ মানুহে তুমি সত্যটো জনাৰ পাছতো তোমাক মিছা কথা কয় সেইবোৰ মানুহক কেতিয়াও বিশ্বাস কৰিব নাপায়৷

২/যিবোৰ মানুহে তোমাক অৱহেলা কৰে সেইবোৰ মানুহৰ কাষত কেতিয়াও নাযাবা৷

৩/যিবোৰ মানুহে প্ৰতিটো ক্ষেত্ৰতেই তোমাক নীচ দেখুৱাবলৈ যত্ন কৰে সেইবোৰ মানুহে তোমাৰ উন্নতি কেতিয়াও দেখিব নোৱাৰে৷

৪/যিবোৰ মানুহে তোমাৰ ভাল চিন্তা কৰে তেওঁলোকে ভালটো সমৰ্থন কৰিব আৰু বেয়াটোত সদায় বাধা দিব৷

৫/তোমাক প্ৰশংসা কৰা প্ৰতিজন লোকেই তোমাৰ অনুৰাগী নহয়৷

৬/যিবোৰ মানুহে প্ৰতিটো ক্ষেত্ৰতে মিছা কথা কয় সেইবোৰ মানুহৰ পৰা নিলগত থকাই শ্ৰেয়৷

৭/জীৱনত তেওঁলোকেই সফল হ’ব পাৰে যিজনে নিজৰ লক্ষ্যত উপনীত হবৰ বাবে সকলো অৰ্পণ কৰি দিছে৷

৮/যদি তোমাৰ জীৱনৰ সিদ্ধান্ত প্ৰতিটো ক্ষেত্ৰতেই আনক লবলৈ দিয়া তেন্তে তুমি এটা চাবি দিয়া পুতলাৰ বাহিৰে একো নহয়৷

৯/মানুহে ভাল পাব বা বেয়া পাব বুলি কোনো কাম কৰিব বা নকৰাকৈ থাকিব নালাগে কাৰণ মানুহে সিদ্ধান্ত সলনি কৰিবলৈ বেছি সময় নালাগে৷

১০/দুদিনীয়া জীৱনটোত যিমান পাৰি হাঁহি ফূৰ্তিৰ মাজেৰে কটাবলৈ যত্ন কৰিব লাগে৷মানুহৰ প্ৰতিটো কথাতে গুৰুত্ব দিলে জীৱনত একো কৰিব নোৱাৰি৷

১১/সুখবোৰ যিদৰে চিৰস্থায়ী নহয় ঠিক তেনেদৰে দুখবোৰো অস্থায়ী৷জীৱনত এদিন দুখ হ’লে এদিন সুখ হবই৷

১২/তোমাৰ জীৱনৰ লক্ষ্য যিমানেই ডাঙৰ হ’ব জীৱনৰ সংঘৰ্ষ সিমানেই ডাঙৰ হ’ব৷

১৩/যিবোৰ মানুহে তোমাক কথাই প্ৰতি সমালোচনা কৰে সফল হৈ দেখুওৱা সেইবোৰ মানুহেই এদিন তোমাক চেল্যুট দিব৷তোমাৰ প্ৰশংসাত পঞ্চমুখ হৈ থাকিব৷

১৪/তুমি প্ৰথমে নিজক বুজি পাব লাগিব তেতিয়াহে আনকো বুজিব পাৰিবা৷

১৫/জীৱনৰ যুদ্ধত নায়ক হবানে খলনায়ক হ’বা সেইটো তুমি লোৱা সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব৷

৪/৪/২০২১



Saturday, 3 April 2021

তাজমহল ঘুণা সুঁতি

আজি তাজমহল আছে
ছাহজাহান মমতাজ নাই
আজি ঘুণা সুঁতি আছে
জংকী পানেই নাই !

তাজমহল ঘুণা সুঁতিয়ে কয়
সঁচা মৰম চিৰযুগমীয়া হয়
নিসংস জীৱনৰ সংগী বিচাৰি
মোৰ মন উন্মনা হয়৷

আজি তুমি গুচি গ’লা
স্মৃতি ৰৈ গ’ল তাজমহল ঘুণা সুঁতিৰ দৰে
আজিও আছেনে চাগৈ মৰমী
লেইলা আনাৰকলিৰ দৰে ?

ৰৈ গ’ল উকা হৃদয়খনি
তুমিযে আছিলা হিয়াৰ মনি
শেষ হৈ গ’ল সপোন
মাঁথো ৰ’ল স্মৃতিখিনি৷

তাজমহল ঘুণা সুঁতিক কৰি সাক্ষী
দিম প্ৰতিশ্ৰুতি মৰমী আহা যদি
তুমি অবিহনে জীৱন মৰুময়
দিম তোমাক হিয়াৰ মৰমখিনি৷

৭/৮/২০১১

অ’ মৰমৰ মাইনা

অ’ মৰমৰ মাইনা
পলুৱাই লৈ যাম চাইনা
দেখুৱাম গৈ চিংগাপুৰ
তোমাক পালে দিঠক হ’ব সপোনবোৰ৷
বাৰিষাৰ নদী পানী কোবাল
তোমাক দেখিবলৈ লাগে ভাল
মই একো নজনাকৈয়ে 
মাৰিলা কিহৰ জাল ?
কোৱা কোৱা
মৰম মোক দিম বুলি
থাকিবা সদায় 
মোৰ হিয়াত ফুলি৷
বিয়া পাতিম কামাখ্যাত
মৰমক সাক্ষী কৰি
তুমি বাৰু ৰাজীনে
কোৱানা লাহে কৰি৷
পখিলা উৰে ডালে ডালে
দেখি জান ঐ ভাল লাগে
মাইনা তুমি ধুনীয়া
তোমাক দেখিলে কলিটিয়ে পাহি মেলে৷
ৱেলিংটন,ভেটিকান চিটি
সকলো তোমাক দেখুৱাম
হিয়াত অংকিত হ’ল
মাইনা তোমাৰ নাম৷
ভোক পিয়াহ নলগা হ’ল
থাকো তোমাৰ কথা ভাবি
একেৰাহে সপোনত 
আহা দিন ৰাতি৷
ফাগুন - চ’তত ফুলে আম
ডালত লাগে কঠাল
ৰৈ যোৱা নদীখনৰ
সোঁত হয় যে কোবাল !
এসাঁজ খাই এসাঁজ নাখাই হলেও
বনাই দিম সোনৰ আঙুঠি
সজা নাই প্ৰতিমা
আঁকিলো তোমাৰ প্ৰতিছবি৷

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...