Friday, 30 August 2019

বেকেলাইট

মোৰ কবিতা পঢ়ি নপৰিবা প্ৰেমত
মোৰ প্ৰেমত পৰিবলৈ লাগে বহুত ভয়
জানোচা ভাগি যায় হৃদয়!

প্ৰথম দৰ্শনত উপজা প্ৰেম প্ৰায়েই নিটিকে
পানী বৰফ হয়
বৰফ গলি পানী হয়
দক্ষিণ মেৰুলৈ গলে পাবা বিশাল আইচবাৰ্গ
আকাশলৈ গলে পাবা উল্কাপিণ্ড লাখ লাখ ত’ৰা৷
মোৰ হিয়াখন প্লাষ্টিকৰ নহয়
হিয়াখন বেকেলাইটৰ
যি গঢ়িলে ভাঙিব পাৰি
কিন্তু ভাঙিলে গঢ়িব নোৱাৰি৷

কাঠ বাহত ঘূণে ধৰে
দাম্পত্যত লয় সন্দেহে বাহ
ভয় লাগে হয় যে
ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ!

জানা,মোক চলনা কৰি তাই
সকলো কাঢ়ি নিলে মন,হৃদয়
নদীৰ পানী যিদৰে একে ঠাইতে নাথাকে
তাইও গলগৈ তেনেদৰে
মই আকৌ পুখুৰীৰ পানীৰ দৰে স্হিৰ৷

মোৰ গল্প পঢ়ি চকুলো নুটুকিবা
মই তোমাক নায়ক বা নায়িকা লৈ
গল্প লিখা নাই
মোৰ কবিতাৰ প্ৰতিটো শব্দত এতিয়াও তাই৷

কুকুৰক টাঙোন দি মাতিলেও দৌৰি আহে
মইও যাম তেনেদৰে তাইৰ ওচৰলৈ
কাৰণ তাইক যে দিলো হৃদয়খন৷

প্ৰথম নিজেই কাষচাপি আহি আকৌ গলগৈ
তাই কি ভাৱিছে মই নাজানো?
তুমি কিন্তু মোক বন্ধু বুলি ভাৱিব পাৰা
হম দুখ সুখৰ সমভাগী৷
তেন্তে মোলৈ তুমি দিবা চিঠি
মই মাথোঁঁ দিম দৃঢ় প্ৰতিশ্ৰুতি
মনত ৰাখিবা মোৰ হৃদয়খন কিন্তু বেকেলাইটৰ
বিদ্যুতেও একো নকৰে
তোমালৈ বাট চাই ৰলো আশাৰে.........

Saturday, 24 August 2019

আকৌ তোমাক লগ পাম কেতিয়া?

আকৌ তোমাক লগ পাম কেতিয়া
তুমি আহিবানে ইয়ালৈ সদায়?
তুমি যাবা নেকি দূৰলৈ,বহুত দূৰলৈ
ছিংগাপুৰ,হংকং নাইবা ছিডনী,মেলবৰ্ণলৈ?

তুমি উৰি উৰি আহিবা
পৰিবা নাচি থকা ফুলৰ পাহিত
সঁচাকৈ আহিবানে কোৱা?

বিচ্ছেদৰ সাক্ষী যদি চকুলো হব পাৰে
তেন্তে মিলনৰ সাক্ষী হাঁহি
সেউজীয়া গছপাত সদায় সেউজ হৈ নাথাকে৷

মৌ চুহিবলৈ সদায় পখিলা,ভোমোৰা
ডালে ডালে উৰে
শদিয়া ধুবুৰী সকলো ঘুৰিলো
তোমাক বিচাৰি পালো মনে মনে!

লক্ষীমপুৰ জানাই পানীৰে পূৰ্ণ
ডিব্ৰুগড় চাহপাতেৰে সেউজীয়া
টিলিঙা মন্দিৰ টিলিঙাৰে পূৰ্ণ
সপোন ভাঙি কিয় হয় চূৰ্ণ-বিচুৰ্ণ!

আমাৰ তেজপুৰ পুৰাণ প্ৰসিদ্ধ
তোমাক লগ পাম বুলি মই দৃঢ়প্ৰতিজ্ঞ
চিনাকি হৈ ভাল লাগিল তোমাৰ লগত
আকৌ তোমাক লগ পাম কেতিয়া?

এতিয়াই সোণ এতিয়াই

বতাহ হয়তো কেতিয়াবা বৰ হোহোৱাই বলে
কোনে গম পায় বাৰু সেই বতাহজাকে
কি কৰিব পাৰে?

মোৰ হৃদয়ত সদায় বলে ধুমুহা
কেতিয়াবা কোবাল,কেতিয়াবা মৃদু বতাহ
হৃদয়ৰ ধুমুহাৰ মাজতেই তুমি আছা
আটকধুনীয়াকৈ আঁকিলো তোমাৰ প্ৰতিছবি

নাই,নাই মচিব নোৱাৰি
মই নোৱাৰো
তুমি কোৱা,সঁচা প্ৰতিশ্ৰুতি দিয়া
দিম বুলি সঁচা মৰম৷

বাটচাই আছো তোমালৈ মাথোঁ মই
তুমি মোৰ হবানে সঁচাই
নিয়তিৰ যদি মন যায় তেতিয়া
আমাৰ দুয়োকে নিশ্চয় মিলন কৰিবই৷

মই তাকে ভাৱো সদায়
কিন্তু তুমি কি ভাৱা
মোক তুমি কোৱা
এতিয়াই সোণ এতিয়াই৷

Tuesday, 30 July 2019

তোমাক লৈ মই কবিতা নিলিখো

মই কবিতা লিখিব জানো বুলিয়েই
তোমাক লৈ নিলিখো কবিতা
তুমি যদিও কাঢ়ি নিলা মোৰ জীৱনৰ ৰং
বিষময় কৰি দিলা জীৱন৷

প্ৰথমে সপোন ৰচাৰ প্ৰেৰণা দি
যদিও আতৰিলা চুনামী হৈ
তুমি তেনে কৰিলা যদিও তোমাক
ক’ব খোজা নাই চলনাময়ী
বুকুত যান্ত্ৰণা দিয়া মিছলীয়া প্ৰেয়সী বুলি
তোমাক লৈ কবিতা নিলিখো
তুমি ভয় খাব নালাগে৷

কাইটীয়া ডালেৰে কোবাই উলিয়াই দিলা
ৰঙা নদীৰ সোঁতৰ ধাৰ
সপোন ৰচিবলৈ সাহস নাইকিয়া হ’ল৷

তুমি হাতত হাতে ধৰি কৈছিলা
বহুতো কথা মিঠা লগা
এতিয়া সেইবোৰ মোৰ বাবে
একোটা ভয়ংকৰ মায়াৱী ৰাক্ষস৷

তুমি যদিও লগৰী হ’ম বুলি
হ’লা গৈ ডলাৰ বগৰী
তথাপিও নকওঁ তোমাক চঞ্চলা
বিশ্বাস ভংগ কৰিলা যদিও নকওঁ তোমাক
বিশ্বাসহীনা বা প্ৰতাৰণাৰ গৰাকী৷

তুমি তপত জুইত দলিয়াই গ’লা যদিও
তোমাক নিষ্ঠ বুলি নকওঁ
তুমি ভয় খাব নালাগে
তোমাক লৈ মই কবিতা নিলিখো৷
২৮/০৭/২০০৯

Monday, 29 July 2019

কাৰোবাক পাহৰিব খুজিও কিয়?

কাৰোবাক পাহৰিব খুজিও কিয়
পাহৰিব নোৱাৰি
কাৰোবাৰ ছবিখনি হিয়াৰ পৰা কিয়
আতৰাব নোৱাৰি?

কিন্তু কাৰোবাক তো
নজনাকৈয়ে পাহৰি যাওঁ
মচি দিওঁ প্ৰতিছবি
কাৰোবাক বাৰু কিয় ইমান
নজনাকৈয়ে ভাল লাগি যায়৷

সদায় বাৰু কাষতে
পাবলে মন মোৰ যায়
নজনাকৈয়ে কাৰোবাৰ প্ৰতি
কেতিয়াবা হৈ যায় মন বলিয়া৷

বুজি পায়নে সকলোৱে বাৰু
ভালপোৱা কাক কয়
চাৰি চকুৰ মিলন
দুখন হৃদয়ৰ মিলন হয়৷

কিন্তু সকলোৱে বুজি নাপায়
মৰম কিয় লাগে
নাজানো কিয় নুবুজে
মন বাৰে বাৰে উৰা মাৰে
মনে ভবা জনৰ কাষলৈ.....
০২/১২/২০০৬

মই ৰমণী গাভৰু

ছয় বছৰ বয়সতে এৰিলো মই
মোৰ পিতৃ মাতৃ, আত্মীয় স্ৰজনক
পিতাদেৱে পঠালে মোক
মোগল সম্ৰাটলৈ উপঢৌকন হিচাপে
সেইদিন ধৰি মই মোগলৰ অন্দৰ মহলত
থাকিবলৈ নাপালো পিতৃ মাতৃৰ লগ
জন্মভূমি সোণৰ অসমত৷

জীয়াই আছো নে নাই
তাৰ খবৰ লওতা মোৰ কোনো নাই
মোক গ’ল সকলোৱে পাহৰি
মই দুৰ্ভগীয়া আহোম ৰমণী
মই এজনে দুখুনী৷

যিখন ঘৰত জন্ম ললোঁ
তাত মই থাকিবলৈ নাপালো
যি দেশৰ মাটিত খোজ পেলাইছিলো
সেই ঠাই যেন এইয়া নহয়৷

মইতো বাজীকৰৰ সজাত বন্দী
এজনী বাঘিণী
কিন্তু কোনে জানিব
কোনে বা বুজিব মোৰ কথা
মই সঁচাই দুৰ্ভগীয়া৷

মোৰ পৰা যদি স্বদেশ আৰু স্বজাতিৰ
উপকাৰ হয় তেন্তে
মই মোৰ জনম সাৰ্থক কৰিম
মই মোৰ পূণ্যভূমিৰ বাবে
হাঁহি, হাঁহি মৃত্যুক সাৱটিম৷

যি দেশৰ ৰক্ত মাংসৰে
মোৰ এই দেহা
সেই দেশৰ মংগলৰ বাবে যেন
এই দেহাৰ ক্ষয় হয়৷

যি দেশৰ সাৰ বস্তুৰে সৈতে
মোৰ এই দেহৰ অস্থি চৰ্ম
সি যেন তাতেই লয় পায়
পশ্চিমীয়া বেলিৰ হেঙুলী ৰহন অসমতেই
যেন মাৰ যায়৷

মইয়ে ৰমণী গাভৰু
জয় ধ্বজৰ জীয়াৰী
অসমতেই যাহ যায় যেন
মোৰ কোমল দেহাটি৷
জয় মোৰ দেশৰ জয়
মোৰ জন্মভূমি স্বৰ্গ তুল্য হয়

তেজৰ সম্পৰ্ক

তেজৰ সম্পৰ্ক বোলে
কোনো ডাঙৰ কথা নহয়
মনৰ সম্পৰ্কহে আটাইতকৈ ডাঙৰ!

মন আটাইতকৈ বেগী,
দেহ মনৰ শান্তি নহলে
কোনোবা সুখী হয় নেকি?

মনে মনে মিলিলেই হয়
হওঁক লাগিলে
হিন্দু-শিখ-মুচলমান-খ্ৰীষ্টান,
সকলোৰে এখনেই পৃথিৱী
সকলো জগত পিতাৰ দান৷

তেজৰ সম্পৰ্ক থাকিলেও কিয়
ভাই-ভনী, ককাই-ভাই ইমান নিষ্ঠুৰ হয়
ভাইৰ সমান শত্ৰুও নাই
ভাইৰ সমান মিত্ৰও নাই
বুঢ়ালোকে সদায় কয়৷

তেজৰ সম্পৰ্ক থকা ককাই-ভাইৰ মাজতো
আজিকালি চলে সঘনে মৰামৰি,কটাকটি,
এনে যদি হয় পৃথিৱীৰ জীৱশ্ৰেষ্ঠৰ
আগলৈ হ’ব কি গতি?

সভ্য নে অসভ্য

ছাৰ,ৰাজুৱে সদায় স্কুলৰ ইউনিফৰ্ম ঘৰত পিন্ধি থাকে৷ শ্ৰেণীৰে ল’ৰা এটাই ক’লে৷শ্ৰেণীৰ শেষৰ বেঞ্চত তলমূৰ কৰি বহি থকা ৰাজুলৈ চালো৷খং উঠিল স্কুলৰ সাজপাৰ ঘৰত কিয় পিন্ধে বুলি৷ পিছে খংটো নেদেখুৱালো৷মই তাক মাতিলো,“ৰাজু, এইফালে আহা”৷সি মোলৈ চালে৷চাই আকৌ তলমূৰ কৰিলে৷ শ্ৰেণীৰ আন দুটামানে তাক কিবাকিবি কৈ জুকালে৷ মই মনে মনে থাকিবলৈ কলো সিহঁতক৷ তাক আকৌ মাতিলো সি চালে কিন্তু মোৰ কাষলৈ নাহিল৷তলমূৰ কৰি কিতাপ বহীকে খুচৰি আছে৷ মোৰ খং উঠি গ’ল৷কি অসভ্য অ’ মাতি আছো অথনিৰে পৰা অহা নাই কিয়?মই কিন্তু উঠি গ’লে কথা বেয়া হ’ব৷মোৰ ওচৰত অসভ্যালি কৰি নাথাকিবা৷কথা কলে শুনিব লাগে কথাকেইটা খুউব খঙেৰেই কলো৷মোৰ ধমক খাই সি উঠি আহিল৷টেবুলৰ ওচৰত ৰৈ চলচলীয়া চকুৰে তলমূৰকৈ চাই ৰল৷

কিয় ইমান দেৰিলৈকে উঠি অহা নাই দিনক দিনে অসভ্য হৈছা ন’ মই কলো৷  কোৱাচোন স্কুলৰ ইউনিফৰ্ম ঘৰত কিয় পিন্ধি থাকা? তাক প্ৰশ্ন কৰিলো সি কিবা কব খুজোতেই তাৰ চকুলো ওলাই গ’ল৷ মোলৈ চাই সি ভয়ে ভয়ে কলে-ছাৰ, মোৰ আৰু বেলেগ কাপোৰ নাই৷সেইবাবেই মই ঘৰতো ইউনিফৰ্ম পিন্ধাে৷কাপোৰ নিপিন্ধিলে মানুহে মোক অসভ্য বুলি কয়৷ মই একো ক’ব নোৱাৰিলো ইংগিতেৰে তাক বহিবলৈ কলো৷ মনতে ভাবিলো ইউনিফৰ্ম ঘৰত পিন্ধা বাবেই মই তাক অসভ্য বুলি কলো আৰু কাপোৰ নিপিন্ধিলে মানুহে তাক অসভ্য বুলি কয়৷সি বেচেৰাই কি কৰিব৷এইবাৰ মই সকলোৱে শুনাকৈ কলো ৰাজু,তুমি দেওবাৰে মোৰ লগত বজাৰলৈ ওলাবা৷সকলোৱে মোলৈ প্ৰশ্নবোধক চাৱনিৰে চালে৷
২৩/৯/২০১৭

Wednesday, 24 July 2019

এটা বেলুন, এটা পুতলা

বেলুনটো লৈ সি জপিয়াই আছিল
পুতলা দোকানত ছোৱালীজনীয়ে
হাজাৰ টকাৰ পুতলাটো লবলৈ
মাক -দেউতাকক আমনি কৰি আছিল৷

কাষেদি যোৱা বেলুন লোৱা
ল’ৰাটোৱে মাকক সুধিলে
মা, হাজাৰত কেইটা শূন্য থাকে?
মই নাজানো নহয়
আজিলৈকে দেখা নাই৷

এইবাৰ বুলিয়েই নহয়
উৎসৱ, পূজাত কিছুমানে দি ফূৰ্তি কৰিব
নাচি বাগি পাই ফুৰ্তি কৰিব
আৰু আন কিছুমানে
দিব নোৱাৰি কান্দিব
আৰু সিহঁতে নাপায় কান্দিব৷

জীৱন বোলে তেনেকুৱাই

জীৱন বোলে তেনেকুৱাই
সুখৰ সংজ্ঞা হেৰুৱাই
সুখী হোৱাৰ অভিনয়৷

শৈশৱতে জীৱনটো
সুখেৰে পৰিপূৰ্ণ আছিল
সুখবোৰ হেৰুৱাই
জীৱনটো কথমপি বাচিল৷

সময়ৰ লগে লগে
দুখতো হাঁহিবলৈ শিকে
জীৱনটো উপভোগ নহয়
পাৰ কৰিবলৈ শিকে৷

সুখৰ সংজ্ঞা হেৰুৱাই
সুখী হয় কোন?
জীৱনত দিঠক নহয়
সকলো সপোন৷

হাজাৰটা সপোনে
হৃদয়ত তোমাৰ টুকুৰিয়াই থাকিব
এই সময় গলে
আকৌ জানো আহিব?

বৰ্তমানতেই সুখৰ সংজ্ঞা
বিচাৰিব লাগিব
সুখ দুখতেই জীৱন
কটাব লাগিব৷

জীৱন বোলে তেনেকুৱাই
সুখৰ সংজ্ঞা হেৰুৱাই
সুখী হোৱাৰ অভিনয়!
০১/০৪/২০১৮

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27