Saturday, 28 December 2019

চকুৰ প্ৰতিছবি

চকুত চকুপানী
মুখত নাই হাঁহি
যেন মৰহি যোৱা এটি
গোলাপৰ পাহি৷

মোৰ হৃদয়ত কেৱল
যান্ত্ৰণাৰ বিননি সুৰ
কি হল হায় আজি
অতীতৰ সপোনবোৰ?

চকুত এতিয়া মাথোঁ মোৰ
অকল চকুপানীৰ সাগৰ
ভাহি থাকে প্ৰতিছবি কাৰোবাৰ
এখন নৈৰ অনুজ্জ্বল নিজান ঘাটৰ৷

বসন্ত পখীৰ গীত শুনিলেও
মোৰ হৃদয়ে উচুপি উঠে
মোক খুলি খুলি খাব ধৰিছে
অতীতৰ মনোমোহা স্মৃতিবোৰে৷

এনেকৈয়ে একোটা বিষাদৰ মন লৈ
মই যাম বেলেগ এখন পৃথিৱীলৈ
মোক কিয় বাৰু বুজি নাপালে
এবাৰ কিয় মোৰ কথা ভাবি নাচালে?

স্বদেশপ্ৰেমী কোন?

নামাতিবা,নামাতিবা
বিষাদৰ সুৰেৰে আই,
কিনো কম বাৰু মই
তাকো ভাবি পোৱা নাই৷

শোষণকাৰী তোমাৰ বুকুত
মিলি ধ্বংসৰ পথ বিচাৰিছে
নিজৰ ঠাইৰ বহুমূলীয়া সম্পদ
আনক বেছিব ধৰিছে৷

টকাৰ বিনিময়ত সিহঁতে
সকলো পাহৰি যায়
নাকান্দিবা আই তুমি কৰুণ সুৰেৰে
সিহঁতক স্ৰৰজিলে কোন বিধাতাই?

যাৰ হিয়াত নাই অকনো
স্বদেশৰ প্ৰতি ভালপোৱা
যি অকল তেজ শুহিব বিচাৰে
তেওঁলোকৰ শিলাময় হিয়াই
দেশৰ কাৰণে একো নিবিচাৰে!

তিতা চেনী

মই ভবা নাছিলো যে
কেতিয়াবা চেনীও তিতা হয়
মই জনাত চেনী সদায় মিঠা
কিন্তু আজি তেন্তে মই কি খালো
চেনী নহয় নেকি?
কিন্তু সেইয়া নিমখ নহয়
নিমখ হোৱা হলে চোকা পালোহেঁতেন!
এইয়া চেনীয়েই নে আন কিবা
চেনী খাবলৈতো মিঠা
কিন্তু এইয়া খালে জাপমাৰি উঠিব
খাবলৈ অহা পৰুৱাই উলটি বাট ল’ব৷
এইয়া চেনীী কেনেকৈ তিতা হ’ল
যুগৰ পৰিৱৰ্তনৰ লগে লগে
কি বস্তুৰোো পৰিৱৰ্তন হয় নেকি?
মই জনা নাছিলোঁ হবও পাৰে
অসম্ভৱ টো কেতিয়াবা সম্ভৱ হয়
তেন্তে এইয়া নিশ্চয় যুগৰ পৰিৱৰ্তন!

Tuesday, 24 December 2019

সমাজ

সমাজ,হয় এইখন মানৱ সমাজ
নানা জাতি,ধৰ্ম ভিন ভিন সমাজ
জাতি-উপজাতিৰ সমাজ
হিন্দু,শিখ,মুছলমানৰ সমাজ!
কিন্তু সকলোবোৰ সমাজতেই বাস কৰে মানুহেই
সকলো সমাজতেই মানুহৰ হয়
জন্ম- মৃত্যু,বেমাৰ-আজাৰ
সকলোৰে একে নহয় আচাৰ ব্যৱহাৰ৷
জাতি-বিজাতি মানুহে গঢ়িছে
ঈশ্বৰেে গঢ়া নাই!
কেৱল সৃষ্টিকৰ্তাই সৃষ্টি কৰি 
আমাক দিছে পঠিয়াই৷
কিছুমান এনে সমাজ আছে
যি নিষ্ঠুৰতাৰ উৰ্দ্ধত৷
যিখন সমাজৰ বিচাৰ আছে
কিন্তু বিবেক নাই
দন্দ আছে , ক্ষমা নাই
জীয়াই থকাৰ উপায় নাই!
তেজ মঙহ আছে যিখন সমাজৰ
কিন্তু যদি নাই হৃদয়
সেই সমাজৰ লোক বৰ নিৰ্দয়৷
তেনে মনুষ্যত্বহীন সমাজত মই
বাস কৰিব নিবিচাৰো৷
সুন্দৰ,নিকা সমাজতহে মই
আজীৱন বাস কৰিব বিচাৰো!
পামনে এখন অহিংসাৰ
সুন্দৰ নিকা সমাজ
য’ত সকলো থাকিব মিলিজুলি
যি সমাজত থাকিব সকলো
নিজৰ ককাই-ভাই,বাই-ভনী বুলি৷

Sunday, 1 December 2019

হাঁহি

তোমাৰ চলনা লগৰী হ’ল মোৰ
নহলা মাত্ৰ মোৰ তুমি,
প্ৰতিশ্ৰুতি ভংগ কৰি আতৰিলা
এবাৰো নাচালা মোৰ কথা ভাবি৷
তোমাৰ প্ৰতিশ্ৰুতি,মৰমলগা কথাবোৰে
আজি মোৰ বুকুত সহিব নোৱাৰা আঘাত কৰে,
ৰাতি সাৰ পাই উচুপো নিৰৱে
তপত চকুলোবোৰ টপটপকৈ সৰে!
বিষাদক লগৰী কৰি মই
আছো অকলে অকলে জীয়াই,
কিয়নো অতীতৰ কথাবোৰেে
বুকু বিন্ধি যায়৷
তুমি হাঁহিছিলা যাবৰ সময়ত
বুজাতো নাছিলা মোৰ মনৰ কথা,
এবাৰো নুসুধিলা মাথোঁ আতৰিলা
মোৰ হিয়াখন ভাঙি আতৰি গ’লা!
প্ৰথম দিনাও তুমি আহিছিলা
মোৰ জীৱনলৈ এটি মধুৰ হাঁহিলৈ,
শেষৰ দিনাও মাৰিলা হাঁহি
মোৰ হিয়াখন জ্বলি যোৱাকৈ৷

Wednesday, 23 October 2019

মোৰ জীৱনত নাই এটি বন্ধোৱা বাট

মোৰ জীৱনত নাই এটি বন্ধোৱা বাট
সেইবাবেই হয়তো খাইছো বহুত উজুটি
জীৱনত ঘাট-প্ৰতিঘাট৷
কেনেকৈ মই বাটটো বান্ধিম
তাকে ভাবিও একো পোৱা নাই
বাটটো নথকাৰ কাৰণেই মৰিছো
ক’ত কিমান তিতা টেঙা খাই৷
কেনেকৈনো বগাই যাম পাহাৰ পৰ্বত
কেনেকৈ কাটিম বাট
কেনেবাকৈ কিজানি পিছলি পৰিম
প্ৰাণ নাইকিয়া হব মোৰ গাত৷
শিৰত বাৰু কেনেকৈ উঠিম
ভয়ক জিনি কেনেকৈ আনিম জয়
যদি বান্ধি নলওঁ মোৰ জীৱনৰ বাট
তেতিয়া হব যে মোৰ বহুত ক্ষয়৷
জীৱনৰ সকলো বান্ধোন চিঙিম কেনেকৈ
কেনেকৈ চলাম জীৱনৰ মহাৰথ
বন্ধোৱা হোৱা নাই নতুন বাট
আছে এটা কণ্টকময় পথ৷
মোক কোনে দিব উৎসাহ বাণী
প্ৰেৰণা,সাহস,নিৰ্ভীকতাৰ এষাৰি সুৱলা মাত
তাক পাই মোৰ গাত বল পাম
বন্ধাব পাৰিম নতুন বাট৷
কিন্তু কোনো যে কাষচাপি আহোতা নোলাল
নিদিলে এষাৰি সুৱলা মাত
কিন্তু মই প্ৰতিজ্ঞাবদ্ধ আজি
বান্ধিমেই মই মোৰ জীৱনৰ বাট৷

ৰোমন্থন

আজি মই অনুতপ্ত
অতীতৰ স্মৃতি ৰোমন্থন কৰি
সময় যে পাখি লগা কাড়ৰ দৰে
অতি শীঘ্ৰেই গ’ল আতৰি৷
পাখি লগা কাড় এৰাৰ পাছত
জানো কেতিয়াবা ধৰিব পাৰি
সময় মাথোঁঁ আহে যায়
লাভ আছে জানো অতীতক সুৱৰি!
কাৰণ কল্পনা সদায় মধুৰ
বাস্তৱ ভাবিব নোৱাৰা কৈ গধুৰ৷
দুখৰ হলেও অতীত সদায় শুৱনি
ভৱিষ্যত হে অন্ধকাৰ
যেন একোটা লোহাৰ বন্ধ কাৰাগাৰ৷
জীৱনত সোণালী সময়কন
এনেয়েই যে দলিয়াই পেলালোঁ
কিন্তু আজি বুটলি ধৰিব খুজিছো
সময় হেৰাই গল কালৰ বুকুত৷
অতীতৰ কথা ভাৱি নলগাওঁ লেঠা
বৰ্তমান আৰু ভৱিষ্যতৰ কথাকে ভাৱো
এতিয়াৰ পৰাই সময়ৰ সদ ব্যৱহাৰ
কৰিবলৈ চেষ্টা কৰো৷

Sunday, 20 October 2019

টিউচন মাষ্টৰ

পুহৰ ঠেৰেঙা লগা জাৰত
ৰাতিপুৱাই ওলাই যাওঁ চাইকেল খনলৈ
কিয় মই জানো টিউচন মাষ্টৰ নহয়?
বহুতেই কয় মোৰ ল’ৰাটো
মোৰ ছোৱালীজনী চাই দিবা ৷
সময় মিলাই বহু কেই ঘৰলৈ যাওঁ
জাৰত কপি কপি  সদায় যাওঁ
সদায় গৃহস্থৰ এটাই প্ৰশ্ন
মোৰ ল’ৰাটোৱে ছোৱালীজনীয়ে পাৰিছেনে?”
কিন্তু এদিনো সোধা নাই মোৰ বিষয়ে
কেতিয়াবা কৰে টিউচন ফিজৰ কম বেছিৰ আলোচনা৷
পঢ়ি থাকোতে ভাবিছিলো এদিন ডাঙৰ মানুহ হম
ভবাই নাছিলো মোৰ এনে দশা হব!
পুৱাই স্পৰ্শ হয় বাঢ়নীবিহীন চোতাল
এঘণ্টাৰ মূৰত পাঁও একাপ চাহ
তেতিয়াহে দেহৰ কপনি কমে৷
স্কুলৰ নাম্বাৰ ওৱান হৈ পাছ কৰোতে
দেখিছিলো বহুত সপোন
সেই সপোনে আজি আমনি কৰে!
ৰাতিলৈকে কৰা কষ্টৰ পাছতো
দুখে পিছ নেৰে৷
কেতিয়াবা ভাবো মোৰ চাৰ্টিফিকেটৰ কিবা জানো মূল্য আছে?
আছে আছে নহলেনো মানুুুহে মোক
মাহৰ শেষত টিউচন ফিজ
আৰু সদায় একাপ চাহ কিয় যাচে?

আমাৰ উপায় নাই

আমিয়েই ভাঙো আমিয়েই পাতো
আমিয়েই বোলে সকলো
আমাৰ ওপৰতেই চলে শোষণ
আমাকেই কৰে শাসন
আমিয়েই শিৰ নত কৰি
পাতি দিওঁ আসন৷

প্ৰলোভন দি আমাক বহুতেই ঠগে
সমাধান বিচাৰি আমাৰ কাষলৈ আহে
দেশপ্ৰেমিকৰ বক্তৃতাত যেন মুকুতাহে সৰে
কেতিয়াবা এমুঠি এসাঁজ খাই
আমি দেখো ৰঙীন স্বপ্ন!

আমিয়েই বোলে ৰজা
আমিয়েই প্ৰজা
কথাষাৰ জানো সঁচা?
আমাক বাৰে বাৰে ঠগা টোৱেই
ভুৱা গান্ধী,নেহৰুৰ পেছা!

ক’ৰবাত বন্দুক বাৰুদৰ আঘাতত
আমাৰেই প্ৰাণ যায়
প্ৰকৃতিয়েও বাৰে বাৰে আমাক কন্দুৱাই
আমি দুখীয়া নিচলা জনসাধাৰণ
আমাৰ উপায় নাই
আমাৰ উপায় নাই৷

Friday, 30 August 2019

বেকেলাইট

মোৰ কবিতা পঢ়ি নপৰিবা প্ৰেমত
মোৰ প্ৰেমত পৰিবলৈ লাগে বহুত ভয়
জানোচা ভাগি যায় হৃদয়!

প্ৰথম দৰ্শনত উপজা প্ৰেম প্ৰায়েই নিটিকে
পানী বৰফ হয়
বৰফ গলি পানী হয়
দক্ষিণ মেৰুলৈ গলে পাবা বিশাল আইচবাৰ্গ
আকাশলৈ গলে পাবা উল্কাপিণ্ড লাখ লাখ ত’ৰা৷
মোৰ হিয়াখন প্লাষ্টিকৰ নহয়
হিয়াখন বেকেলাইটৰ
যি গঢ়িলে ভাঙিব পাৰি
কিন্তু ভাঙিলে গঢ়িব নোৱাৰি৷

কাঠ বাহত ঘূণে ধৰে
দাম্পত্যত লয় সন্দেহে বাহ
ভয় লাগে হয় যে
ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ!

জানা,মোক চলনা কৰি তাই
সকলো কাঢ়ি নিলে মন,হৃদয়
নদীৰ পানী যিদৰে একে ঠাইতে নাথাকে
তাইও গলগৈ তেনেদৰে
মই আকৌ পুখুৰীৰ পানীৰ দৰে স্হিৰ৷

মোৰ গল্প পঢ়ি চকুলো নুটুকিবা
মই তোমাক নায়ক বা নায়িকা লৈ
গল্প লিখা নাই
মোৰ কবিতাৰ প্ৰতিটো শব্দত এতিয়াও তাই৷

কুকুৰক টাঙোন দি মাতিলেও দৌৰি আহে
মইও যাম তেনেদৰে তাইৰ ওচৰলৈ
কাৰণ তাইক যে দিলো হৃদয়খন৷

প্ৰথম নিজেই কাষচাপি আহি আকৌ গলগৈ
তাই কি ভাৱিছে মই নাজানো?
তুমি কিন্তু মোক বন্ধু বুলি ভাৱিব পাৰা
হম দুখ সুখৰ সমভাগী৷
তেন্তে মোলৈ তুমি দিবা চিঠি
মই মাথোঁঁ দিম দৃঢ় প্ৰতিশ্ৰুতি
মনত ৰাখিবা মোৰ হৃদয়খন কিন্তু বেকেলাইটৰ
বিদ্যুতেও একো নকৰে
তোমালৈ বাট চাই ৰলো আশাৰে.........

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27