সঁচা মৰমৰ জাল ফালি গ’লা তুমি
লগৰী নোহোৱা মোৰ জীৱনত ৷
তুমিতো নুবুজিলা
তুমি মোৰ কিমান মৰমৰ
কিয়নো হৈ আহিছিলা
ৰাতিৰ কোঁৱৰী সপোনৰ৷
এতিয়া সপোনত দেখিলেই তোমাক
উঠো চক্ খাই সাৰ পাও
বৰ ভয় লাগে
তপত চকুলো দুধাৰী দুগালেদি নামে
উজাগৰী ৰাতি দুখেৰে কটাওঁ ৷
নিৰৱে উচুপো
চকুলো মোহাৰো
তুমিতো বুজি নোপোৱা
বুজি পোৱা হ’লে মোক তুমি এৰিথৈ
কেতিয়াও আনৰ নোহোৱা৷
নাই মোৰ একো নাই
ধন টকা পইছা
সেইবাবেই অভিযোগেৰে আতৰিব খুজিছা
মোৰ কথাভাবি তোমাৰতো নপৰে
তপত চকুলো দুধাৰী !
ইমান মৰমৰ বিনিময়ত পালো মই
কেৱল তোমাৰ প্ৰতাৰণা
এয়াই হয়তো মোলৈ তোমাৰ
জীৱনৰ প্ৰথম প্ৰেমৰ উপহাৰ৷
পাহৰিব নোৱাৰো কেতিয়াও মই তোমাক
উপহাৰ বোকোচাত বান্ধি মই
ঘুৰি ফুৰিম বাটে বাটে
মই মৰিলে কোনেনো
জুই জ্বলাব চিতাতে ?