Wednesday, 5 April 2017

প্ৰেমৰ প্ৰস্তাৱ

তোমাক ভালপোৱাৰ প্ৰস্তাৱ দিওঁতে
মই অকণমানো ভবা নাছিলোঁ তেনেকৈ
তুমিতো জানা প্ৰেম কৰো বুলি
কৰা নাযায় হৈ যায়
তথাপি সকলো জানিও তুমি .........
তোমাৰ কথা শুনি ভাল লাগে সেইবাবেই
সদায় তোমাৰ লগত চুপতি কৰিছিলো
আৰু নভবাকৈয়ে মই তোমাৰ প্ৰেমত পৰিলো
যিটো তোমাৰ ভাষাত অৰ্থ হীন
ভিন্সিৰ মনালিছাৰ হাঁহিটো তকৈ
তোমাৰ দুই ওঁঠৰ হাঁহিটো ধুনীয়া
ছেকছ্পীয়েৰৰ জুলিয়েটকৈও তুমি ধুনীয়া
কিমান কথা ভাবিলো
হঠাতে হৈ পৰিল মোৰ হৃদয় খন হিৰোচিমা-নাগাচাকি।
প্ৰথম চিনাকিৰ দিনা মই এটি কবিতা লিখিছিলো
"মোৰ ফুলনিলৈ এজনী বৰ ধুনীয়া পখিলা আহিছে
নাজানোঁ তাই থাকে কত
কৰে কি ?
হয়তো তাই সোমাই আহিব নতুন সাজ পিন্ধি
খুলিব হৃদয়ৰ দুৱাৰ "
মোৰ অনুভৱ বোৰ গছকি গলা
তোমাক ভালপোৱাৰ প্ৰস্তাৱ দিওঁতে
মই ভবা নাছিলো সেই সময়েই
হব মোৰ অভিশপ্ত সময় , কালসন্ধ্যা ।
✍✍✍✍✍নিকু বৰুৱা
১৫/০৩/২০১০

স্মৃতি

স্মৃতি মোৰ অপ্ৰিয় শব্দ
কিয়নো তাতেই যে আছা লুকাই তুমি
অতীতলৈ উভতি চালেই মনলৈ আহে
তুমি কৰা ব্যৱহাৰ আৰু প্ৰতাৰণা!
কেতিয়াবা ভাবো মই স্মৃতি হীন হোৱা হলে
কিন্তু মইতো মোৰ পৰিচয়েই নাজানিম তেতিয়া
মই হাঁহিব খুজিও থমকি ৰও
সপোন দেখিব খুজিও ভাবুক হৈ ৰও
কিয়নো তুমিয়েই যে মোক চিন্তা কৰিবলৈ শিকালা
মই নিবিচাৰিলেও সজীৱ হৈ
থাকিব তোমাৰ স্মৃতি ।
✍✍✍✍✍নিকু বৰুৱা
০৩/০৪/২০১০

Tuesday, 4 April 2017

শেষ কবিতা

তুমি আতৰি যোৱাৰে পৰা
মই এটাও কবিতা লিখা নাই
কি দৰে লিখোনো মই
শব্দবোৰ হেৰাই গ'লচোন
ছন্দ বিচাৰি হাবাথুৰি খাওঁ
তুমিয়েতো আছিলা মোৰ কবিতাৰ প্ৰথম পাঠক
তোমাৰ হাঁহিটোত
তোমাৰ দুনয়নৰ প্ৰেমত পৰিয়েইতো
মই কবিতা লিখিব আৰম্ভ কৰিছিলো
সেইযে তোমাৰ জন্মদিনত লিখিছিলো
সেইটোৱেই আছিল মোৰ
শেষ কবিতা !

✍✍✍✍✍নিকু বৰুৱা
১৮/০১/২০১৭

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27