Sunday, 31 May 2020

শিক্ষক আৰু ছাত্ৰছাত্ৰী কৌতুক Teacher Students Jokes

কৌতুক ১
এবাৰ এজন ছাত্ৰই স্কুলত শিক্ষকৰ পৰা পিতন খোৱাৰ পিছত ছুটী দিয়াৰ লগে লগে সেই শিক্ষকজনৰ ঘৰত উপস্থিত হ’ল৷ল’ৰাটোৱে মাতিলে ক্ষন্তেক সময়ৰ পাছতে ছাৰৰ ঘৈণীয়েক বাহিৰলৈ ওলাই আহিল৷
ছাত্ৰ: ৰাজু ,ছাৰৰ ঘৰ এইটো হয়নে?
ছাৰৰ ঘৈণীয়েক : উম হয়৷
ছাত্ৰ : আপুনি কোন?
ছাৰৰ ঘৈণীয়েক : মই তেওঁৰ পত্নী৷
ছাত্ৰ : আপুনি যদি ছাৰৰ পত্নী তেন্তে ছাৰক স্কুলত সদায় মূৰ পিটিকি দিয়া জনী কোন হয়?
ছাৰৰ ঘৈণীয়েক : (আচৰিত হৈ) কি? ৰবা আজি ছাৰক ঘৰলৈ আহিব দিয়া বেলনা মাৰিৰে পিটিম৷
ছাত্ৰজনে মিছিকিয়াই হাঁহি ছাৰৰ ঘৰৰ পৰা গুচি আহিল৷

কৌতুক ২
শিক্ষক : কোৱাচোন মহিম আইনষ্টাইন কোন আছিল?
মহিম : নাজানো ছাৰ৷
শিক্ষক : গ্ৰাহাম বেল কোন আছিল ?
মহিম : নাজানো ছাৰ ৷
শিক্ষক : আৰ্যভট্ট কোন আছিল?
মহিম : নাজানো ছাৰ৷
শিক্ষক :(খঙেৰে) কিবা জান’নে বুৰ্বক ? কেতিয়াবা পঢ়াত মন দিলেহে ৷
মহিম : ৰাহুল,যতীন,ৰাজু,পংকজ , নিখিল কোন জানেনে ছাৰ ?
শিক্ষক : নাজানো সেইবোৰ কোন?
মহিম : কেতিয়াবা জীয়েকৰ পিনে মন দিলেহে৷


কৌতুক ৩
শিক্ষক আজি তোমালোকে নিজৰ জীৱনৰ লক্ষ্যৰ বিষয়ে ক’বা৷মই এফালৰ পৰা সুধি যাম তোমালোকে কৈ যাবা৷শিক্ষকে সকলোকে এফালৰ পৰা সুধি গ’ল৷এফালৰ পৰা ছাত্ৰছাত্ৰী সকলে শিক্ষক,ডাক্তৰ,ইঞ্জিনীয়াৰ,বিজিনেছ মেন,নেতা হম বুলি কৈ গ’ল৷
ছাৰে কিন্তু নিখিলৰ উত্তৰ শুনি ঠাইতে ৰৈ গ’ল৷

শিক্ষক : কোৱাচোন নিখিল তুমি ডাঙৰ হ’লে কি হ’বা?
নিখিল : ছাৰ মই আপোনাৰ জোৱাই হম৷


কৌতুক ৪
ছাৰ ক্লাছৰ পৰা ওলোৱাৰ লগে লগে শ্ৰেণীকোঠাতো কোলাহলে ভৰি পৰিল৷কাৰো মাত ক’তো নুশুনি এনে পৰিৱেশ৷বহু সময় ধৰি হূলস্থূল কৰিলত ছাৰ ক্লাছলৈ আকৌ আহিল৷আহিয়েই খঙেৰে ক’লে “এইখন তোমালোকে মাছৰ বজাৰ পাইছা নেকি?”
পিছফালৰ পৰা প্ৰবিত্ৰই মাত লগালে ,হয় ছাৰ আমি মাছ আৰু আপুনি মাছ বেপাৰী৷



কৌতুক ৫
শিক্ষকে এটা গাধৰ সন্মুখত এক বাল্টি পানী আৰু এবটল মদ ৰাখিলে৷গাধটোৱে গোটেই খিনি পানী খালে৷
শিক্ষকজনে ছাত্ৰছাত্ৰীৰ ফালে চাই সুধিলে “ ইয়াৰ পৰা কি বুজিলা?”
শ্ৰেণীৰ সকলোৱে একেলগে উত্তৰ দিলে, 
“ছাৰ যি মদ নাখায় সি গাধ৷”



কৌতুক ৬
শিক্ষক : নালায়ক,বুৰ্বক কেতিয়াবা কিতাপ পঢ়ি পাইছনে? বুক কেইখন কেতিয়াবা খুলি চাইচনে?
সঞ্জু :ছাৰ,মই সদায় বুক চাওঁ৷
শিক্ষক : কোনখন বুক?
সঞ্জু : ফেচবুক৷


কৌতুক ৭
শিক্ষক : (পাপুলৈ আঙুলিয়াই দি) পাপু এটা নীতিশিক্ষা থকা কাহিনী শুনোৱা৷

পাপু : মই মোৰ গাৰ্লফ্ৰেণ্ডক ফোন কৰোতে তাই শুই আছিল আৰু তাই  ফোন কৰোতে মই শুই আছিলো৷এই কাহিনীটোৰ নীতিশিক্ষা হ’ল
“যেনে কৰ্ম তেনে ফল”


কৌতুক ৮
শিক্ষকে পৰীক্ষাত চাৰিপৃষ্ঠাজোৰা এখন ৰচনা লিখিবলৈ দিলে৷ৰচনাৰ বিষয় হ’ল “এলাহ”
এজন ছাত্ৰই তিনি পৃষ্ঠা একো একো নিলিখি এৰি দি চতুৰ্থ পৃষ্ঠাটোত ডাঙৰ ডাঙৰ আখৰেৰে লিখিলে “এয়াই এলাহ ”



কৌতুক ৯
শিক্ষক : কোৱাচোন ভাৰতৰ বিপদজনক নদীখন কি?
ছাত্ৰ : ভাৱনা
শিক্ষক :কেনেকৈ?
ছাত্ৰ : কাৰণ ছাৰ ইয়াত সকলো উটি ভাহি যায়৷


কৌতুক ১০
শিক্ষক : কাণেৰে নুশুনা মানুহক কি বুলি কোৱা হয়?
ছাত্ৰ : তেওঁক মন গলে যিটি কব পাৰি কাৰণ তেওঁতো একো নুশুনেই৷

No comments:

Post a Comment

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...