Tuesday, 12 May 2020

নিকু বৰুৱা

শিক্ষক : তোমাৰ নাম কি?
নিখিল : নমস্কাৰ মোৰ নাম শ্ৰী নিখিল বৰুৱা৷
শিক্ষক : তোমাৰ দেউতাৰ নাম কি ?
নিখিল : নিকু বৰুৱা
শিক্ষক : তোমাৰ মাৰ নাম কি?
নিখিল : নিকু বৰুৱা
শিক্ষক : (আচৰিত হৈ) মই তোমাৰ মাৰ নাম সুধিছো দেউতাৰ নাম নহয়৷
নিখিল: মইও মাৰ নামেই কৈছো৷
শিক্ষক : (মূৰ খজুৱাই) তোমাৰ মা জীয়াই আছে৷
নিখিল : উম আছে৷
শিক্ষক : কিন্তু কেনেকৈ তোমাৰ মা দেউতাৰ নাম একে?
নিখিল: আমাৰ আইতাই কৈছে পাপাই বোলে নিজৰ নাম আৰু উপাধি মিল থকা মাৰ সৈতে বিয়া পাতিলে যাতে আমি মা পাপাৰ নাম মনত ৰাখোতে কষ্ট নহয়৷
নিখিলৰ কথা শুনি শিক্ষক শিল পৰা কপৌৰ দৰে একেঠাইতে ৰৈ থাকিল৷

No comments:

Post a Comment

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...