Sunday, 17 May 2020

সময়

সময়ে কৈ যাব কোন আপোন
কোন হ’ব পৰ,
কোনে হিয়াত লগাব মলম
কোনে মাৰিব শৰ৷

সময়ে ক’ব তোমাৰ মূল্য
সময়েই উত্তৰ দিব সকলো,
সময়েই উপহাৰ দিব
হাঁহি আৰু চকুলো ৷

পাই যাবা হেৰুৱাই যাবা
এইয়াই নিয়ম জীৱনৰ,
লাহে লাহে বুজিবা এদিন
পাৰ্থক্য বাস্তৱ আৰু সপোনৰ !

চিনাকিৰ মাজতে অচিনাকি পাবা
সময়েই দেখুৱাই দিব,
তুমি দিয়া উপহাৰবোৰ 
সময়ে এদিন প্ৰতিদান দিব৷

সময়ৰ কাম সময়ত কৰিলে
সময়ত কৰিব নালাগে দুখ,
সকলোৰে ভাল সময় আহক
হাঁহিৰে উপচি পৰক মুখ৷

১৬/০৫/২০২০

No comments:

Post a Comment

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...