লগত যে কোনো নাযায়,
সকলো জীৱ-জন্তুৰে আছে মৰণ
চৰণেহে জানে মৰণৰ ঠাই৷
যিমানেই মৰমৰ বস্তু নহওক কিয়
তাকো যে লগত নিব নোৱাৰি,
এই দুদিনীয়া জীৱন আমাৰ
এৰিথৈ যায় সকলোকে আতৰি !
জনম লভিলে এদিন মৰিবই লাগিব
সেইটো নিয়ম ধৰাবন্ধা,
সুন্দৰ সেউজী আমাৰ পৃথিৱী
জন্ম মৃত্যু চলি আছে সৃষ্টিৰপৰা৷
কোনেও নাজানে নিজৰ শেষৰ ঠাইৰ কথা
ভৱিষ্যতে কি বাৰু হ’ব,
আত্মাই বোলে কেৱল দেহটো সলাই
আত্মা অমৰ হৈ ৰয়৷
সকলোকে মৰমেৰে বন্ধুত্ব ভাৱে
অহিংসাৰে মৰম কৰি,
এৰি থৈ যাব লাগিব এদিন সকলো
সময়ৰ হাতত ধৰি৷
No comments:
Post a Comment