পত্নী : পূজা কৰিলে বিপদ বিঘিণি আতৰ হয়৷
পতি : উম কথাটো হয়৷ তোমাৰ দেউতাই চাগৈ বহুত কৰিছিল সেইবাবে বিপদ মোৰ ডিঙিত আহি ওলমি ৰ’ল৷
কৌতুক ২ :
পত্নী : আপুনি মূৰত কেনেকৈ দুখ পালে?
পতি : মোৰ বন্ধু ৰাহুলে মাৰিলে৷
পত্নী : কিয় ? আপুনিও মাৰিব নোৱাৰিলে !
পতি : কেনেকৈ মাৰিম তাৰ ঘৈণীয়েকক কোচত বহুৱাই কথা পাতি থাকোতে দেখি পিতিলে৷
পত্নী : ( ৰণচণ্ডী মূৰ্তি ধৰি ) ৰ’ব মইও দি আছো ৷( এইবুলি লাঠি এডালেৰে খেদি গল)
কৌতুক ৩:
পতি : আজিকালি তুমি মদ,চিগাৰেট,গুটখা খালেও একো নোকোৱা হ’লা আগতে বহুত বাধা দিছিলা?
পত্নী : সিদিনা LIC এজেণ্টজন আহিছিল কথাবোৰ ধুনীয়াকৈ বুজাই গৈছে৷
কৌতুক ৪:
(ৰেলৱে ষ্টেচনত ৰেলখন ৰখোৱাৰ লগে লগে )
পত্নী : বহুত পিয়াহ লাগিছে পানী এবটল লৈ আহিব৷
পতি : পানীৰ লগতে চিঙৰা আৰু ৰসগোল্লা লৈ লৈ আহিম নেকি?
পত্নী : ( মিছিকিয়াই হাঁহি ) উম লৈ আহিব৷
পতি : ( কৃপণ গিৰিয়েকৰ মন্তব্য ) লোভত যিকণ পানী ওলালে সেইকণেই এতিয়া কাম চলাই ল’৷
কৌতুক ৫:
পত্নী : মোক কেনেকুৱা লাগিছে৷
পতি : বহুত ধুনীয়া ৷
পত্নী : কিমান বহুত
পতি : বহুত বহুতেই আৰু
পত্নী : কোৱানা কিমান বহুত?
পতি: ইমানে বহুত ধুনীয়া লাগিছে যে তোমাৰ নিচিনা আৰু চাৰি পাঁচজনী মান বিয়া কৰাও যেন লাগিছে৷
কৌতুক ৬:
এজন মানুহলৈ এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিল ৷তেওঁ ৰিচিভ কৰিলে৷ ৰিচিভ কৰাৰ লগে লগে সিফালৰ পৰা সুন্দৰ নাৰী কণ্ঠ ভাহি আহিল৷
:হেল্ল
: হেল্ল
:হেল্ল কোনে ক’লে ?
: মই মানে আপোনাক কথা এটা সুধিবলৈ ফোন কৰিছিলোঁ৷
: উম সুধক
: আপুনি বিবাহিত নে?
: নাই নাই বিয়া বাৰু পতা নাই
:ঘৰলৈ আহ কুকুৰ মই তোৰ ঘৈণীয়েৰে ফোন কৰিছিলো৷
কৌতুক ৭:
পত্নী : তোমাৰ মূৰটোৰ একো কাম নাই একদম বেকাৰ৷
পতি :(হাঁহি ) উম হয় ,হয় শুদ্ধ কথা নহলেনো মই তোমাক বিয়া কৰাওনে?
কৌতুক ৮:
ঘৈণীয়েকে গিৰিয়েকক আঙুলিৰ চিগনেল দি মাতিলে৷
গিৰিয়েক উঠি আহি ঘৈণীয়কৰ ওচৰত আহি কলে, কি হ’ল কোৱা৷
ঘৈণীয়েকে হাঁহি ,একো হোৱা নাই আঙুলিৰ POWER টো জুখি চালো৷
কৌতুক ৯:
পত্নী : বন্দুক লৈ দুৱাৰ মুখত কি কৰি আছে?
পতি : মই বাঘ চিকাৰ কৰিবলৈ যাওঁ৷
পত্নী : তেন্তে কিয় যোৱা নাই ?
পতি : বাহিৰত কুকুৰ কেইটামান ৰৈ আছে৷
কৌতুক ১০:
পতি : তোমাৰ দেউতাই কটা ঘাত নিমখ লগাই বহুত ভালপায় ন’৷
পত্নী : কি হ’লনো ?
পতি : আজি আকৌ সুধিছে মোৰ ছোৱালীক বিয়া কৰাই সুখীনে তুমি৷