Thursday, 2 July 2020

অসমৰ ৰাজধানী নতুন দিল্লী

শিক্ষক : কোৱাচোন দিল্লীৰ ৰাজধানী কি?
ৰাজু:নতুন দিল্লী ছাৰ৷

শিক্ষক:শুদ্ধ উত্তৰ বহা৷বিশাল তুমি কোৱাচোন ভাৰতৰ ৰাজধানী কি?

বিশাল: নতুন দিল্লী ছাৰ৷
শিক্ষক : শুদ্ধ উত্তৰ বহা৷নিকু তুমি কোৱাছোন অসমৰ ৰাজধানী কি?

নিকু : ছাৰ নতুন দিল্লী৷
শিক্ষক : (আচৰিত হৈ খঙেৰে) বুৰ্বক কোনে ক’লে তোক নতুন দিল্লী বুলি?

নিকু : ছাৰ ৰাজু আৰু বিশালে উত্তৰ দিলে শুদ্ধ হয় একেটা উত্তৰ মই দিলে কিয় শুদ্ধ নহয়?

শিক্ষক : (নিজৰ কপালতে হাত দি ) কোন গ্ৰহৰ প্ৰাণী তই তোক আৰু পঢ়াব নোৱাৰো দেই মই৷

এইবুলি ছাৰ ক্লাছৰ পৰা ওলাই গুছি গ’ল৷

#কৌতুক হে এইটো৷
#অসমৰ ৰাজধানী দিছপুৰ হে৷

No comments:

Post a Comment

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...