মই নিজেও বহু কেইটা File sharing app Download কৰি অলপ সময় ব্যৱহাৰ কৰি সন্তোষজনক নোহোৱাত Uninstall কৰিছো৷
এতিয়া অৱশ্যে সেই অসুবিধা নাই৷সকলোৰে Mobile ত MX Player এপটো install থাকেই৷এইটো এপৰ সহায়ত এতিয়া যিকোনো ফাইল ,image,audio,video,app ক্ষন্তেকতে ইজনে আনজনলৈ দিব পাৰিব৷
MX Player ৰ পৰা File Share কেনেকৈ কৰিব তাকে তলত Step by step লিখিছো যাতে সকলোৰে সহায় হয়৷
১/প্ৰথমে MX Player app ত যাওক ( যদি আপোনাৰ মবাইলত নাই play store ৰ পৰা Download কৰক)
২/বাওঁফালে থকা তিনিডাল আঁচত চুই দিয়ক৷
৩/Local ৰ তলতে File transfer option টো দেখিব তাত চুই দিয়ক৷
৪/যদি যিকোনো File Send কৰিব খুজে তেতিয়া Send ত চুই দিয়ক আৰু যদি Received কৰিব খুজে Receive ত চুই দিয়ক৷(ইয়াত যিহেতু file share কেনেকৈ কৰিব লিখিছো গতিকে Send কৰিব লাগিব)
৫/Send ত চুই দিয়াৰ পাছত যিটো Video,audio,image,Apps পঠাব বিচাৰে সেইটো select কৰক৷
৬/File select কৰাৰ পাছত Share Now ত চুই দিয়ক৷
৭/এতিয়া এখন নতুন Screen দেখা পাব তাত Enabled Bluetooth আৰু WLAN option দুটা দেখা পাব৷দুয়োটা Allow কৰি দিয়ক৷
৮/তাৰ পাছত যিজনে Receive কৰিব তেওঁৰ নামটোত touch কৰি দিয়ক নতুবা QR Code scan কৰি দিয়ক৷লগে লগে আপুনি পঠিওৱা File তেওঁ পাই যাব৷
No comments:
Post a Comment