Wednesday, 8 July 2020

মই আৰু তুমি

মই আৰু তুমি 
মংগল গ্ৰহৰ বাসিন্দা নহয় 
আমি বাস এই
বিনন্দীয়া পৃথিৱীতে
অথচ আমি দুয়ো দুয়োৰে লগত 
কন্দলত লিপ্ত 
আকাশ পাতাল সকলোতে ৷
আমি কোনেও কাকো 
ভাল নাপাওঁ 
কাৰো বিষয়ে এবাৰো ভাবি নাচাওঁ 
আমাৰ যদিও এটাই ঠিকনা 
তথাপিও আমি দুয়ো 
দুটা বেলেগ গ্ৰহৰ প্ৰাণীৰ আচৰণ 
কৰি থাকো!

No comments:

Post a Comment

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...