সকলোৱে উদযাপন কৰে নিসংগতা
বহু কথা কবলৈ থাকিলেও
পালন কৰে মৌনতা !
নুবুজা হাজাৰ জনতকৈ
বুজি পোৱা লাগে এজন
তোমাক বুজি পোৱা কোনোবা এজন
কৰি থৈছে ভগৱানে স্ৰজন৷
যিমানেই আধুনিক হ’ল সমাজ
ক’ৰবাত যেন কমি গ’ল বহুখিনি
ব্যস্ততাৰ মাজত যেন
আমিবোৰ হেৰাই গৈছো যেনিতেনি !
বহুতে তোমাৰ কথা শুনি
ঠাট্টা,উপহাস কৰিব
যাকে তাকে মনৰ কথা কোৱাতকৈ
নিৰ্দিষ্ট এজন বিচাৰিবই লাগিব৷
মৌনতাৰ হেঙাৰ ভাঙি
নিসংগতাক কৰিলৈ বৰ্জন
নিৰ্দিষ্ট সময়ত বিচাৰি পাবা
তোমাৰ প্ৰিয়জন৷
ভাল বেয়া, সুখ দুখৰ মুখা
সকলোৱেই পিন্ধি থাকে
কিছুলোকে দুখৰ সময়তো
কষ্ট দিবলৈহে আহে !
ভিৰৰ মাজত ভালকৈ চাবা
পাবা তুমি বিচৰা প্ৰিয়জন
নিসংগতা,মৌনতা পৰিহাৰ কৰি
তেওঁ জয় কৰিব তোমাৰ মন৷
তুমি হাঁহিলে হাঁহিব
তুমি কান্দিলে কান্দিব
সুখে দুখে ধৰিব তোমাৰ হাত
হাজাৰ লাখ ভিৰৰ মাজতো
তেওঁৱেই শুনিব তোমাৰ মাত ৷
০৪/০৭/২০২০