Thursday, 11 June 2020

তোৰে মোৰে প্ৰেম কাহিনী

তোৰে মোৰে প্ৰেম কাহিনী
আধৰুৱা হৈয়ে ৰ’ল
কৃষ্ণই বৃন্দাবন এৰি
মথুৰালৈ গ’ল৷
তই গলি মোক এৰি
আনৰ হবলৈ
কৃষ্ণ আহিছিল জানো
ৰাধাৰ চকুলো চাবলৈ!
কবিতাৰ ছন্দবোৰ
তোৰ লগতে লৈ গলি,
বিৰহৰ বেদনাত গোপীসকলৰ
বুকুখনি থাকিল জ্বলি৷
ভাবিছিলো তোক লৈ
সৰু প্ৰজাঘৰ টোতে সুখেৰে থাকিম,
কৃষ্ণই কৈ গ’ল সকলোকে
মই আকৌ এবাৰ আহিম৷
বুজাব নোৱাৰো মনকে
কিদৰে বাধা দিও চকুলো,
বাঁহীৰ অমিয়া সুৰ সুৱৰি
যমুনাৰ পাৰতে কান্দিছে সকলো৷
কিয় বাৰু আমাৰ প্ৰেম
আধৰুৱা হৈ ৰ’ল,
কিয় বাৰু ৰাধাক পাহৰি
শ্ৰীকৃষ্ণ ৰুক্মিণীৰ হ’ল৷
আজিও বুজাব পৰা নাই নিজকে
কিমান ভাল লগা আছিল সেই সময়
নকৰিবা দুখ ৰাধা তুমি
তোমাৰ দৰেই দুখী মই৷
বহুদিন হৈ গ’ল নিজকে 
কিবা অচিনাকি যেন ল’গা হল
কিয় বাৰু শ্ৰীকৃষ্ণই 
ৰাধাক পাহৰি আনৰ হ’ল৷
এটি সঁচা প্ৰেম কাহিনী
আধৰুৱা হৈ ৰ’ল
তোৰ প্ৰতিছবি সদায় কিয়
মনত পৰা হ’ল৷
আহিবা শ্ৰীকৃষ্ণ তুমি
সুৰ বিলাই দিবা গকুল,বৃন্দাবন
নিজৰ আপোনজনক হেৰুৱাই
কেনেকৈ সুখী হ’য় মন!
ৰাধাৰ চকুলো যমুনাই দেখিলে
কবিতাই দেখে মোৰ দুখ
সঁচা প্ৰেম কাহিনী আধৰুৱা নকৰিবা
মিলন কৰি দিয়া স্বৰ্গ সুখ৷

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27