Monday, 22 June 2020

শূন্য

কোৱা শুনিছো মই 
একে একে দুই হয়
দুই যোগ দুই সমান চাৰি
সকলোৱেই জানে এইবোৰ কথা
কিন্তু মোৰতো এক টোও নাই
আছে মাথো শূন্যতো
কেইটা শূন্য দিলে বাৰু এক হ’ব ?
শূন্য সদায় মূল্যহীন !

ইয়াক মূল্য দিব জানিলেই
এক হ’ব,দুইৰ পৰা চাৰি
দহ,বাৰ তেনেকৈয়ে হৈ থাকিব৷
শেষত গৈ এটা শূন্যৰো বহুত 
মূল্য হ’ব যদি সোঁহাতলৈ
তাক আনিব পাৰি৷

বাওঁহাতৰ শূন্যৰ মূল্য নাই
আনিবা সোহাঁতলৈ
ভালদৰে মনত ৰাখিবা 
জীয়াই থকাৰ কাললৈ৷

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27