আজি তোৰ সপোনত যাম
তই সাৰে নাথাকিবি
মনে মনে তোক প্ৰাণভৰি চাম৷
কোনো শব্দ নোহোৱাকৈ
তোক সপোনতে আহিম চাই
হাঁহিটোতে মৰম দিওঁনে মাতটোতে মৰম দিম
একো যে ভাবি পোৱা নাই !
তই নজনাকৈ তইয়ো মোৰ
সপোনত আহ’ কেতিয়াবা এজনী ৰাজকুমাৰী হৈ
সেই ৰাতি আৰু শোৱ নোৱাৰো মই
চাই থাকি উৰুখা পঁজাটিলৈ ৷
সপোনবোৰে জাননে
কেতিয়াবা হঁহুৱাই,কেতিয়াবা কন্দুৱাই
মানুহ হৈও সপোনত আকাশত
চৰাই দৰে উৰি যায় !
আজিকালি তই সপোনত আহিলে
আগৰ দৰে মোলৈ নোচোৱা হলি
মইযে তোৰ সপোনৰ ৰাজকুমাৰ নহয়
সেয়ে চাগৈ মোক পাহৰি গলি ?
সাঁচি ৰখা কথাবোৰ
সপোনত যেতিয়া আহে
ভাললগা সপোনৰ অস্তিত্ব হেৰাই
বাস্তৱত লাহে লাহে৷
হয়তো এদিন তোক
কোনোবা ৰাজকুমাৰ আহি লৈ যাব কৰি আপোন
দি থৈ যায় সময়ে মোক
বহুতো অপূৰ্ণ সপোন৷
আজি তই ভালকৈ টোপনি যাবি
এটি বেগী ঘোঁৰা লৈ তোক চাবলৈ যাম
সোণালী আখৰে হৃদয়ৰ একোণত
লিখি থৈ দিম তোৰ নাম৷
ৰাজকুমাৰৰ দোলাত উঠি
যাবিগৈ চাগৈ দূৰণিৰ দেশলৈ
জোন,ত’ৰাৰ পোহৰো নপৰে
আমাৰ সৰু জুপুৰিটোলৈ৷
আজিৰ পৰা আৰু সপোনত তোক
কেতিয়াও চাবলৈ নাযাওঁ
বহুবাৰ ভাবিছো এনেকৈ কিন্তু পৰা নাই
সেয়েহে শপত নাখাওঁ৷
নহলেও মই ৰাজকুমাৰ তোৰ সপোনৰ
তইয়ে কিন্তু মোৰ ৰাজকুমাৰী সপোনৰ
প্ৰাণ ভৰি চাই আহিম তোৰ জোন যেন মুখখনি
এয়াই প্ৰেম কাহিনী মোৰ জীৱনৰ৷
০২/০৬/২০২০
No comments:
Post a Comment