Wednesday, 5 August 2020

আধা সুখ আধা দুখ

অমাৱস্যাৰ পাছতে পূৰ্ণিমা আহিব
সকলো আলোকিত হ’ব,
দিন ৰাতি,পোহৰ আন্ধাৰৰ সোঁত
এইদৰেই পৃথিৱীত বব৷

আহিব কেতিয়াবা কাল ধুমুহা
সকলো কৰিব শেষ,
ভাল সময়বোৰ আকৌ আহিব
সাহস,ধৈৰ্য্যৰ লৈ বেশ৷

যদি অলপতে আমি হাৰি যাওঁ
কেনেকৈ জয়ী হ’ম,
জোনটোৰ দৰেই সুখ দুখবোৰ
আমি আকাশৰ দৰে হম৷

বিচলিত নহওঁ কেতিয়াও 
দুঃসময়ে আমনি কৰিব যেতিয়া,
সাহস আৰু ধৈৰ্য্যৰে
অন্ধকাৰৰ লগত যুদ্ধ কৰিম তেতিয়া৷

দুখে সুখে ভৰা জীৱন
আধা সুখ,আধা দুখ,
আন্ধাৰত ম্লান পৰিব
পোহৰত জিলিকিব মুখ৷

২৯/০৭/২০২০

No comments:

Post a Comment

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷