এবাৰ গাওঁ ফুৰিবলৈ গৈছিলো বন্ধু এজনৰ লগত৷এনেই মই গান নাগাওঁ কিন্তু কেতিয়াবা গায়কৰ আত্মা আহি সোমাই যায়৷তাৰ লগত গৈ থাকোতে দেখিলো ছোৱালী এজনী,মানুহ এগৰাকী আৰু মানুহ এজনত পদূলিত ৰৈ আছে৷
ঠিক তেনেতে ভিতৰত থকা গায়ক জন জাগি উঠিল৷সকলোৱে শুনাকৈ আৰম্ভ কৰিলো
“জোন,বেলি,ত’ৰা সদায় ওলায়েই থাকিব
তুমি নাথাকিলেও ভালপোৱা থাকিব”
বছ সিমানকন গাবলৈহে পালো মানুহজনে হাতত থকা দা খন লৈ খেদি আহিল৷লগৰটোৱে পলা বুলি কোৱাৰ লগে লগে এবাৰ পাছফালে চাই ঢাপলি মেলিলো৷বহু দূৰলৈকে আমাক খেদিলে দৌৰি যাওঁতে দুয়োটাৰে পেন্টো অলপ ফাটিল৷বহু সময় দৌৰাৰ পাছত পাছলৈ চাই দেখিলো মানুহজন বহু আতৰত ৰৈ গ’ল৷
আমি মাটিতে বহি দিলো৷মই ফোপাই ফোপাইয়ে লগৰটোক সুধিলো মানুহটোৱে আমাক কিয় খেদিলে অ’ ৷মইতো গানহে গাইছিলোঁ৷
লগৰটোৱে অলপ খঙেৰে মোলৈ চাই ক’লে তই যিটোহে গান গাইছ’ নেখেদি কৰিব কি?
মই আচৰিত হৈ মইতো একো বেয়াকৈ গোৱা নাই৷
তই একো বেয়াকৈ গোৱা নাই কিন্তু খেদা দিলে গানটোৰ বাবে৷তই গাইছ’ জোন,বেলি ত’ৰা সদায় ওলাই থাকিব৷সেই মানুহজনৰ নাম সূৰ্য্য,ঘৈণীয়েকৰ নাম ত’ৰা আৰু জীয়েকৰ নাম জোন৷আমি সিহঁতক ইতিকিং কৰা বুলি ভাবি খেদিলে৷চা দোষ্ট য’তে ত’তে যিটি গান নাগাবি৷এইবুলি লগৰটোৱে মোক বুজালে৷
মই কথাটো শুনি মুৰে কপালে হাত দি বহু সময় বহি থাকিলো৷তেতিয়াৰ পৰাই য’তে ত’তে মই গান নাগাওঁ৷
No comments:
Post a Comment