Friday, 8 May 2020

কাৰ কথা শুনিবা তুমি ?

বহু জনে বহু ধৰণে কথা ক’ব তুমি কাৰ কথা শুনিবা৷ তুমি ভবা কথা এটা ১০০ জনৰ লগত আলোচনা কৰিলে হয়তো ১০০ জনে নিজৰ নিজৰ মতে মন্তব্য দিব৷ বহুকেইজনে তোমাৰ কথা শুনাৰ লগে লগে পাহৰি যাব বা আওকাণ কৰিব,কেইজনমানে হয়তো কথাটোৰ বিপক্ষে ক’ব আকৌ কেইজনমানে সপক্ষে ক’ব৷সকলোৱে নিজৰ নিজৰ ভাৱধাৰা অনুসৰি কথাটোৰ ব্যাখ্যা আগবঢ়াব৷তুমি কাৰ কথা শুনিবা? আনৰ কথামতে তুমি সফল বা বিফল হ’বা জানো? কিছুমান প্ৰশ্নৰ উত্তৰ আনক বিচৰাতকৈ নিজক বিচাৰিব লাগে৷তেতিয়া বহুখিনি সকাহ পোৱা যায়৷কিছুমান মানুহে তোমাৰ উন্নতি দেখি জ্বলিব,তোমাৰ বিফলতা দেখি হাঁহিব৷হয়তো তোমাৰ আশেপাশে থকা প্ৰায়খিনি মানুহে তোমাৰ ভাল দিনত সংগ দিব কিন্তু তোমাৰ বেয়া দিনত তোমাক এষাৰ মাত দিবলৈও নাহিব৷এবাৰ কিবা এটা ভুল কৰা বহুতে আঙুলি টোৱাই কথা কব হয়তো এজন বা দুজন লোকে তোমাক ভুলটোৰ শুধৰাবলৈ পৰামৰ্শ দিব৷জীৱনত হাঁহিবলৈ বহু মানুহ পোৱা যায় কিন্তু চকুলো মচি দিয়া মানুহ পাবলৈ টান! তুমি কেৰিয়াৰ সম্পৰ্কে হওক,প্ৰেম সম্পৰ্কে হওক,আন সম্পৰ্কে হওক যদি বহুজনৰ লগত কথা পাতা বা আলোচনা কৰা তেতিয়া গম পাবা ভিন্নজনে কেনেদৰে ভিন্ন ধৰণে উত্তৰ দিব৷জীৱনটো নিজৰ গতিকে কিছুমান ক্ষেত্ৰত নিজেই চিন্তা কৰি নিজেই সিধান্ত ল’ব লাগে৷ বহুজনৰ পৰা পৰামৰ্শ ললেও নিজেই ভালদৰে ভাবি চাই হে সিধান্ত ল’ব লাগে৷জীৱনটো দুদিনীয়া গতিকে সময় বহুত কম সেয়ে জীৱনত নিজৰ মতে সময় উপযোগী সিধান্ত ল’ব সিমানে সুখী হব পাৰিব৷আপোনাৰ শুভাকাংক্ষী সকলৰ পৰা কিন্তু যিকোনো কথাৰ পৰামৰ্শ ল’ব পাৰে৷তেওঁলোকে তোমাৰ বা আপোনাৰ বেয়া হোৱাটো নিবিচাৰে৷সময়ত লোৱা সঠিক সিধান্তই জীৱনত আগুৱাই যোৱাত ,জীৱনত সুখী হোৱাত সহায় কৰে৷আপুনি কাৰ কথা শুনিব নিজৰ মন বিবেকৰ নে আন কাৰোবাৰ সিদ্ধান্ত আপোনাৰ ?

No comments:

Post a Comment

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...