আছে কি ইয়াত
কচুপাতৰ পানীৰ দৰে কালৰ বুকুত
সকলো এদিন হেৰাই যায়
কোন কি আছিল আগৰ জন্মত
কালে সকলোকে নিয়ে পাহৰাই !
হয় যদিও আমাৰ কেতিয়াবা
এদিন সকলোৰে মৰণ
কি বিচিত্ৰ এই জীৱৰ জীৱন ?
এজনৰ শ্ৰম,ত্যাগ,প্ৰচেষ্টাৰ বিনিময়ত
পৃথিৱীয়ে লাভ কৰে সৰ্বোত্তম উপহাৰ
কৰিব পাৰিছেনে পৃথিৱীবাসীয়ে
বিজ্ঞানৰ সৎ ব্যৱহাৰ !
কিছুমান মহাপুৰুষ আহি দি গ’ল আমাক
আকাশৰ বিশালতা,সাগৰৰ গভীৰতাতকৈয়ো বেছি
কিছুমান নতুন অৱদান
কৰি গ’ল সমাজৰ কামবোৰ সমাধান৷
পৰিশ্ৰমীজনৰ কপালৰ ঘাম পৰে মাটিত
জীপাল হৈ উঠে পথাৰৰ শস্য
এই মহান পুৰুষ সকল আমাৰ সদায়
হওঁক যেন চিৰনমস্য !
তেওঁলোকেহে বুজি পায় জীৱনৰ মহত্ত্ব
দেখুৱাই যায় পৃথিৱীবাসীক
জীৱনৰ আনটো নাম কি?
শ্ৰমেই বুজাব পাৰে সকলো মানুহক
মানুহ হোৱাৰ গৌৰৱ কি
জীৱনৰ মহত্ত্ব সকলোৱে নোৱাৰে বুজিব
মানুহ হ’ল নতুনত্বৰ সন্ধানকাৰী !
No comments:
Post a Comment