এখনি নদী বৈ,
জীয়াই আছো মই
বেদনাৰ স্মৃতিক লৈ৷
টকাৰ প্ৰতি প্ৰবল মোহ
জীৱৰ প্ৰতি যে নাই,
বুজা নাছিলো তেতিয়া একোকে
ভাবিলে এতিয়া চকুলো ওলাই৷
দয়াৰ অভাৱ নাছিল তাত মৰম
টকাৰ লোভত গৈছিল পাহৰি,
নাযাওঁ এতিয়া ভিক্ষা খুজিবলৈ
নাযাওঁ অতীতৰ কথা পাহৰি৷
হিয়াৰ আঘাত শুকুৱাব নোৱাৰি
থাকে কেঁচা হৈ সদায়,
পৰিছিল দুচকুৰ তপত অশ্ৰু
দুখীয়াৰ হয় কি যে বিলাই৷
স্মৃতিৰ চৰাই উৰে সদায়
মোৰ লগত ভগ্ন হিয়াত,
মানুহ হব নাপায়
অন্ধ টকাৰ মায়াত !
No comments:
Post a Comment