Wednesday, 5 July 2023

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊
মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷গোটৰ প্ৰায়বোৰ সদস্যাই দিলে যদিও এগৰাকী মহিলাই দিয়া নাই৷
মই কলো:“বাইদেউ কিস্তিৰ পইছাটো দিয়ক”

মহিলাগৰাকী: ( সেমেনাসেমেনি কৰি ) ছাৰ,এই সপ্তাহত মই কিস্তিৰ পইছা দিব নোৱাৰিম৷

মই: কিয়?

মহিলাগৰাকী: ( তলমূৰ কৰি)ছাৰ,মই জমা কৰি থোৱা পইছা কেইটা মানুহজনে খৰছ কৰিলে৷

মই ভালকৈ চাই লক্ষ্য কৰিলো সেইজনীটো মিনাক্ষী হয়৷যিজনীয়ে মোক কেইদিন মান ভালপায় বেলেগ এটাৰ লগত পলাই গৈছিল৷হঠাতে মনলৈ কি ভাৱ আহিল জানো মোৰ কৈ দিলো: এইফালে চোৱা মিনাক্ষী৷মোক চিনি পাইছানে?

তাই মূৰ ডাঙি চালে৷উম চিনি পাইছো বুলি মূৰ দুপিয়ালে৷মুখলৈ অলপ হাঁহি আনি কলে“এই বাৰ কিবা এটা মেনেজ কৰক জান দা৷অহা সপ্তাহৰ পৰা এনেকুৱা নকৰো৷আপুনিতো মোৰ চিনাকি মানুহ৷অহা সপ্তাহত দুয়োটা কিস্তি দি দিম”

মোৰ মনত তেতিয়া তাই মোক বেঙেনা দিয়া কথাটো মনলৈ আহিল৷এইক আজি এৰি দিয়াত নাই৷তাইক আজি ভালকৈ এসেকা দিম বুলি মনতে ভাবিলো৷

মই: চিনাকি অচিনাকি কথা নাই৷মোক কিস্তিৰ পইছা লাগিবই ৷আৰু তুমি কেনেকুৱা মই জানো নহয়৷

তাই অলপ লাজ পালে৷
মই কলো: মই ইয়াত থাকোতেই কিবা মেনেজ কৰি আনি দিবা নে তোমালোকৰ ঘৰলৈ যাব লাগিব?

তাই কলে “বলক আমাৰ ঘৰলৈকে কি কৰিব পাৰো চাওঁ”
 
তাইৰ পাছে পাছে গৈ ঘৰ পালোগৈ৷ঘৰ পায়েই তাই এফালৰ পৰা বাকচ,আলমাৰী খুচৰিবলৈ লাগিল৷গোটেই কাপোৰ কানি উলিয়াই বজাৰৰ নিচিনা কৰি পেলালে৷তাইক এনেকৈ হাৰাশাস্তি দি মোৰ ভালো লাগিল৷কাৰণ তাই মোক যিটো বেঙেনা দিছিল প্ৰেমৰ নামত সেইটো কেতিয়াও পাহৰিব নোৱাৰো৷তাই গোটেই জনী ঘামিজামি অৱস্থা নাই৷মই ফেনৰ তলত বহি মবাইলত খুউব জুৰেৰে গান এটা শুনি আছো৷এতিয়ালৈকে ২৫ বাৰ মান শুনিলো আৰু এতিয়াও বাজি আছে গানটো
“থুকৰা কে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি”😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...