কোনোবাই আহি তোমাক
আপোন কৰি লৈ গ’ল
বহু দিন ,বহু বছৰ সাঁচি ৰখা সপোনটি
নিমিষতে শেষ হ’ল৷
কোননো ভাগ্যৱান তেওঁ
তোমাক পালে যে লগৰী কৰি
তুমি বিহীন জীৱনত অসহ্য যন্ত্ৰণা
যাব খুজো মই মৰি ৷
দুচকু মুদিলেই দুচকু মেলিলেই
তুমি মোক দেখা দিয়া
দুচকুৰ চকুলোৰে দুগাল তিয়াই
দুখত চূৰ্ণ বিচূৰ্ণ হ’ল হিয়া ৷
সূদীৰ্ঘ এঘাৰটা বছৰ দহ মাহ দিন ধৰি
তুমি মোৰ হৃদয়ত আছিলা
কোনেনো আহি সপোন ভাঙিলে মোৰ
কিয় তুমি জানো এবাৰো
মোৰ কথা ভবা নাছিলা ?
তুমি গুচি গ’লা দূৰলৈ
থাকি গ’ল প্ৰতিছবি
কিদৰে জীয়াই থাকো কোৱা
তপত চকুলো মচি মচি৷
৯ অক্টোবৰ ২০১১