তথাপি মোৰ হ’লে পৰিৱৰ্তন নহল
লক্ষ্যৰ বিপৰীতে কি যে কৰিছো
অনিচ্ছাসত্বেও জপিয়াই পৰিছো
মনে নিবিচৰা কিছুমান কামত৷
মই কথা দিয়াৰ বাবেই
তোমালৈ বাটচাই ৰম
কিজানি তোমাক ভালপোৱাৰ বাবেই
জীয়াই থকাৰ প্ৰেৰণা পাইছো !
তুমিও এবাৰ মোক ভালপাই চোৱানা
সপোনৰ পিছে পিছে দৌৰি
একদম পগলা হৈ পৰিলো
মোৰ দৰে আৰু কিমানৰ স্বপ্নভংগ হয় ?
কৰিব লগা খিনি কৰিছো কিন্তু
প্ৰাপ্য মোৰ লাভ হোৱা নাই
মই নিৰুপায় ৷
চোৱা তোমাৰ নাম মই হাতত
লিখি ৰখা নাই আৰু নাৰাখো
কিয়নো তোমাক যে ৰাখিছো
মই প্ৰতিপলে বুকুৰ মাজত ৷
১৫/১২/২০১০
No comments:
Post a Comment