Wednesday, 30 December 2020

এক দুই তিনি চাৰি

এক

আৰ্শীবাদৰ যোগ্য নহলেও
মইতো অভিশাপৰ যোগ্য
মোক এটি অভিশাপকে দিবা
জয় বিজয়ৰ পৰা অহল্যা শিল হোৱালৈকে
যি মন যায় মুঠতে 
মোক এটি অভিশাপ দিবা

দুই

সৰুতে বহুত ভুল কৰিছিলোঁ
সেই স্বভাৱটো একদম থাকি গ’ল
ডাঙৰ হৈ প্ৰথম ভুল কৰিলো
তোমাক হিয়া দি
মোৰ জন্ম বাৰু ভুল কৰিবলৈ নেকি ?


তিনি

বহুত কাহিনী পঢ়িছো মই
মৰমত মৰম পোৱা
অথচ মই মজনু,দেৱদাসতকৈ ও দুৰ্ভগীয়া
তুমি মোক মূৰ তুলিও নোচোৱা
কিনো নোহোৱা কামটো কৰিলো মই৷


চাৰি

যিদিনা নিজকে সৌভাগ্যৱান বুলি ভাৱিছিলোঁ
জনা নাছিলো মই ভুল ভাবিছো
মোৰ নিজলৈকে ভীষণ খং উঠিছে
কবলৈ মন গৈছে চিঞৰি,চিঞৰি
বিবেকহীন আধা পাগল !

পাঁচ

প্ৰথম দিনা সপোনত এযোৰ সাজ পিন্ধি আহিছিলা
তোমাক যে ইমান ধুনীয়া লাগিছিল
মই টোপনিত তোমাক চিঞৰিছিলো
হঠাতে মোৰ গাত ঢালিছিল 
বাইদেৱে ঠাণ্ডা পানী৷

ছয়

সুৰুজৰ তাপত বঢ়া পুলিৰ দৰে
তোমাৰ প্ৰতি থকা মৰমবোৰ
বাঢ়িছিল দিনক দিনে
তোমাৰ মনৰ কথা নজনাকৈয়ে !

সাত

এদিন তোমাক মনৰ কথা
ক’ব খুজিও থমকি ৰৈছিলোঁ
তেতিয়াই নোকোৱাই ভাল আছিল
মই জনা নাছিলো
তুমি যে ইমান....

আঠ

কিছুমান কথাটো ভালদৰেও ক’ব পাৰি
সময় একেই লাগে
তুমি থানবান কৰি দিলা
মোৰ আশাৰ বালিঘৰ
গুছি গ’লা তুমি
বোৱতী সুঁতি হৈ !


কল্পনাক সপোনৰূপে গঢ়িলো
সপোন সজাম বুলি ভাবিছিলো
বাস্তৱ,মধুময় বাস্তৱ কৰি
মই সদায় ভুলকৈয়ে ভাবো নেকি
নহা হ’লে সেইদিনটো 
মোৰ জীৱনলৈ !

দহ

তুমি মোক অভিশাপ এটি দিবা দেই
যাতে মই ভষ্ম হৈ যাওঁ
এই সেউজ পৃথিৱীৰ পৰা মুক্ত হৈ যাওঁ
জ্বলিপুৰি মই শেষ হৈ যাওঁ
মই এটি অভিশাপৰ নিশ্চয় যোগ্য
মন গলে হাজাৰটা কিয়
তাতকৈ অধিক দিব পাৰা৷

২৪/০১/২০১০

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27