Monday, 14 December 2020

তুমি মোক ভাল পোৱানে?

চকুৰ চাৱনি চাই
তুমি জানো বুজি নোপোৱা
তোমাৰ প্ৰতি যে আছে মোৰ
এক বিশেষ দুৰ্বলতা !


মোৰ কথাবতৰাত জানো বুজি নোপোৱা
তোমাক যে মই ভালপাঁও
ক’ব নোৱাৰো লাজত মই
কেৱল তোমাতেই ভুল যাওঁ৷


কেতিয়া বুজিবা তুমি
মোৰ অন্তৰৰ কথাবোৰ
কেতিয়ানো হ’বাহি
তুমি মোৰ মাথোঁ মোৰ ?

তোমাৰেই কথা ভাবি নালাগে
মোৰ অকনো আমনি
তুমি বাৰু জানানে 
তুমি বাৰু মোক ভালপোৱা নে ?


No comments:

Post a Comment

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷