জীৱনৰ ছবি আকিলো
ক’ত নিজ হাতেৰে
জীৱনৰ প্ৰতিছবি মচিলো৷
এই মাটিতেই মোৰ দেহ
চিৰদিনলৈ শুই ৰ’ব
এই দেহা অমূল্য
ভাবি চালে কি হ’ব
মাটিতেই এদিন মিলিব !
এয়াই মাটি পানী আকাশ বায়ু
আমাৰ জীৱনত লাগে সদায়
সকলো বস্তুৱেই যে এই পৃথিৱীত
চিৰদিনলৈ মিলি যায়৷
মাটি আমাৰ অমূল্য সম্পদ
সকলো জীৱই ইয়াতেই বাস কৰে
মাটি সদায় মাটি হৈয়ে থাকিব
পানী হৈ নাযায় কোনোকালে ৷
এদিন মুদিম সকলোৱে জীৱনৰ ছবি
এই মাটিৰ শীতল কোলাত
শুই ৰম চিৰদিনলৈ উঠি নাহো
কিনো মূল্য আছে আমাৰ দেহাত !
No comments:
Post a Comment