কেতিয়াবা আমি নভবাকৈয়ে মনটো বহুত ভাল লাগি থাকে আৰু কেতিয়াবা ক’ব নোৱাৰাকৈয়ে মনটো বহুত বেয়া লাগে৷তেনে ক্ষেত্ৰত কিয় ভাল লাগিছে বা বেয়া লাগিছে কাৰণ বিচাৰিলে একো বিচাৰি পোৱা নাযায়৷আমাৰ মনলৈ প্ৰতি ছেকেণ্ডতে নানা চিন্তা কথা বতৰা আহি থাকে৷আমি ইচ্ছা কৰিও সেইবোৰ বাধা দিব নোৱাৰো৷মানুহৰ মনলৈ যিদৰে ভাল চিন্তা বা পজিটিভ কথা আহে ঠিক তেনেদৰে বেয়া চিন্তা বা নিগেটিভ কথাও মনলৈ অহাটো স্বাভাৱিক৷
কেতিয়াবা আমি প্ৰায়ে ভাবি থকা কথাবোৰ সপোনত দেখো৷কেতিয়াবা এনেকুৱা লাগে যে এইটো কথাটো মই ভবাই নাই তেন্তে সপোনত কেনেকৈ দেখিলো নিজৰে ভাবি আচৰিত লাগে৷আমি হয়তো কথাটো ভাবি পাহৰি গৈছো কিন্তু অৱচেতন মনত সেইটো সজীৱ হৈ আছিল সেইবাবেই সপোন হিচাপে দেখিলো৷কিছুমান সপোন দেখি মনতো ভাল লাগে আৰু কিছুমান সপোনে মনটো খেলিমেলি লগাই যায়৷
সকলোৰে জীৱনত সমস্যা আছে সংগ্ৰাম আছে৷কিছুমান সংগ্ৰামত অলপতে হাৰি যায় আৰু আন কিছুমান জয়ী হয়৷সকলোৰে জীৱনত সমস্যা আছে জীয়াই থকালৈকে সমস্যা থাকিবই৷এটা সমস্যা শেষ নহওঁতেই আন এটা সমস্যা আহিবই সেইটো হয়তো নিয়মেই চাগৈ৷কিন্তু অলপতে জীৱনৰ যুঁজত হাৰি গ’লে হিমালয়ৰ শিখৰত উঠিব নোৱাৰি৷
যেতিয়া অলাগতিয়াল কিছুমান কথাই মনটো ব্যতিব্যস্ত কৰি তোলে তেতিয়া শান্ত মন মগজুৰে কথাবোৰ জুকিয়াই চাব লাগে৷ভিন্ন প্ৰশ্নৰ মাজতে লুকাই থকা জীৱনৰ প্ৰয়োজনীয় প্ৰশ্নবোৰ লৈ বাকী বাদ দিয়াই ভাল৷কাৰণ প্ৰতিটো প্ৰশ্নৰে উত্তৰ বিচাৰি পোৱাটো সহজো নহয় আৰু আমাৰ হাতত সিমান সময়ো নাই৷গতিকে নিজৰ জীৱনৰ বাবে প্ৰয়োজনীয় কথা বা চিন্তা ধাৰাক হে গুৰুত্ব দিয়া উচিত৷
অশান্ত মন এটা লৈ একো কামতে সফলতা পাব নোৱাৰি কাৰণ এঠাইত মনটো শান্তিৰে ধ্যান দিব নোৱাৰে৷সেয়েহে কথাবোৰ জুকিয়াই চাই শান্ত মন মগজুৱে যিটো উচিত হয় সেইবোৰ কথাত অগ্ৰাধিকাৰ দিয়া উচিত৷আমি যদি ব্যস্ত থাকো মনলৈ নানান প্ৰশ্ন আহি আমাক অশান্তি কৰি থাকিব নোৱাৰে৷কিছু এৰা ধৰাৰ মাজেৰে পাৰিলে জীৱনটো হাঁহি ফুৰ্তিৰে পাৰ কৰিব লাগে৷
No comments:
Post a Comment