Sunday, 15 May 2022

নতুন দিগন্ত

নতুন দিগন্ত 
 
বিচাৰি ফুৰিছোঁ নতুন দিগন্ত
মনত এবুকু আশা লৈ,
ঘুৰাই পাম জানো সেউজীয়া সপোনবোৰ
সময় যে বোৱতি নৈ!

পথৰ দাঁতিতে ক্ষন্তেক থমকি
এপলক চালো নিজৰে মুখ,
পোৱাবোৰ লৈ সুখী হ’ব নোৱাৰিনে
হেৰুৱা বোৰ লৈ কিয় কৰো দুখ?
 
ডাৱৰ আতৰি মনৰ আকাশ
ফৰকাল হৈ জোন ত’ৰাৰে জাতিষ্কাৰ হ’ব,
আপোন কোন চেনেহৰ কোন
সময়ত নিজেই সকলোৱে ক’ব!

ঢিমিকি ঢিমিকি জ্বলা আশাৰ শলিতা
উদ্যম আত্মবিশ্বাস লাখুটি হিচাপে লৈ,
উলালো মই দীঘলীয়া যাত্ৰাত
ঘুৰিম পুনৰ নতুন দিগন্ত লৈ৷

✍️১৫✍️০৫✍️২০২২✍️

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27