উদং হৈ ৰ’ল
চৰকাৰী চাউলেৰে
বস্তা টিনবোৰ ভৰ্তি হ’ল৷
কাম বেছি নকৰো কষ্টও নকৰো
ৰ’দ বৰষুণ নালাগে গাত
চৰকাৰী চাউল মুঠি সিজাই
খাম সুখেৰে ভাত৷
সেউজীয়া পথাৰ আজিকালি
সোণোৱালী নোহোৱাৰ বেদনাত উচুপি উঠে
ফ্ৰীতে সকলো পোৱাৰ বাবে
আদ্দাৰ পৰা বহু লোক নুঠে৷
এনেদৰে সময় গৈ থাকিলে
কি হ’ব বাৰু এদিন?
ভাবি চাবচোন এবাৰ
আহিবনে সুদিন বা দুৰ্দিন!!
No comments:
Post a Comment