Thursday, 4 July 2019

চিনাকি আছেনে তোমাৰ?

তুমি হয়তো নাজানা পঢ়িব

ভাষা হৃদয়ৰ

দেখিছানে কেতিয়াবা

এনাজৰী মৰমৰ?

আঁকিছো মাথো তোমাৰ ছবি

কিন্তু দেখিছো ছবি বহুতৰ

চিনাকি আছেনে তোমাৰ

চকুৰ চাৱনিৰ সৈতে?

ব্যাখ্যা দিব পাৰানে

মিছিকিয়া হাঁহিটিৰ?

সৃষ্টিও তাতেই

ধ্বংসও হয় সেই তাতেই

তাৰ নাম কি জানানে?

চিনাকি প্ৰথমে চকুৱে চকুৱে

হৃদয়ত হব ভাৱৰ আদান প্ৰদান

মৰম থাকে অভিমান ভৰি

চিনাকি আছেনে তোমাৰ

মৰম মানেনো কি?

০৯/০৮/২০০৭

চিনাকি

লাজৰ উৰণী দিয়াচোন পেলাই
চাওঁ মই তোমাৰ মুখখনি নয়ন জুৰাই
মোৰ হেঁপাহ পলুৱাই৷

তোমাৰ নামটো কি
মইযে নাজানো ক’ত ঘৰ তোমাৰ
আজি হওঁ আহা চিনাকি
আগৰ চিনাকি নাই আমাৰ৷

মন মোৰ উৰা মাৰে
তোমাৰ কাষলৈ
বুকুখন কপি উঠিছে
দুৰুদুৰুকৈ৷

কেনেকৈ বুজাও তোমাক
তুমি মোক যে প্ৰেমৰ জালত বন্দী কৰিলা
মইও তোমাৰ প্ৰেমৰ কাৰাগাৰত
থাকিবলৈ কৰিছো মন৷

চাওঁ তোমাৰ মুখখনি এবাৰ ভালদৰে
গুচাই দিয়া লাজৰ উৰণী
মিচিকিয়া হাঁহিৰে কোৱাচোন
নাম কি তোমাৰ? ঘৰনো ক’ত?
আঁকিছো তোমাৰ ছবি অতি সংগোপনে
মোৰ হৃদয়ত!
৩১/০৮/২০০৬

সুখ বোৰ আহে ৰাজপ্ৰসাদলৈ

দেৱালীয়ে হওক বা
ভোগালীয়ে হওক
আহে মাথোঁ ৰাজপ্ৰসাদলৈ
আগতেও অহা নাছিল
এতিয়াও নাহে
প্ৰজাঘৰ ভগা জুপুৰিলৈ!

এফালে ফটকা, বম, আতচবাজীৰ
কাণতাল মৰা শব্দ
আনফালে এটা ঢিমিক ঢামাক চাকি
সুখৰ জীৱন যে স্তব্ধ৷
ভেলাঘৰত হাঁহে মাহে এসাঁজ খাই
জ্বলাই মেজিৰ জুই
এখন ফটা কম্বল লৈ
বহুজন মনৰ দুখত থাকে শুই!

হে হাঁহি,হে সুখ তোমালোক
চন্দ্ৰ আৰু সূৰ্য্যৰ দৰে হোৱানা
সকলোকে এবাৰ একেলগে
তৃপ্তি পাব দিয়ানা!
১৮/০১/২০১৭

সি

বহুবছৰ খেতিপথাৰ দৰা
সেউজীয়া হোৱা নাই
দুখীয়াৰ অশ্ৰু বানে আহি
উটুৱাই লৈ যায় হাজাৰ টা সপোন!
ক্ষন্তেকতে নোহোৱা হয়
খাদ্য,বস্ত্ৰ আৰু আশ্ৰয়
পেট ভৰাই বহুদিন সি খাবলৈ পোৱা নাই
এনেহেন সাগৰত সি কৰিব কি?
পানীত অহা ভেকুলী,মাছকেইটাই
সকলোকে উপহাস কৰে!
খাবলৈ নাপায় ভাত
হেৰাই যায় মুখৰ মাত
কি যে নিলাজ সি
এডোখৰ কাপোৰ নাই গাত!
বৰলুইতৰ বানে এদিন তাক
ঘাটমাউৰা কৰিছিল
আৰু আজি তাক..........
০৭/০৭/২০১৭

Tuesday, 2 July 2019

নিহাৰিকা

তুমি কিয় আহিছিলা মোৰ ফুলনিলৈ
এজনী ফুটুকীয়া পখিলা হৈ,
আকৌ কিয় গুচি গলা
ভোনভোনাই ভোমোৰা হৈ?

তোমাৰ মৌ মিঠা মাতটি
আৰু মিছিকিয়া হাঁহিটিত
মই ভোল গৈছিলোঁ ঠিক সীতাৰ দৰে!

মৰমলগা মিঠা মাত দি
মোক বলিয়া কৰি
তুমি এতিয়া গ’লাগৈ আনৰ কাষলৈ আতৰি
কিয় তুমিয়েই জানো কোৱা নাছিলা
মৰমীক মনৰ কথা কবলৈ!
তোমাৰ কাষলৈ গৈছিলোঁ মই
তুমিও আতৰি গ’লাগৈ৷

মই দিনে দিনে সোমাই পৰিছিলোঁ
তোমাৰ প্ৰেমৰ জালত
যেনেদৰে লোৰ টুকুৰা সোমায়
চুম্বকৰ আকৰ্ষণৰ জালত৷

নিহাৰিকা, তুমি কিয় এনে কৰিলা
তুমি সঁচাই বৰ চলনাময়ী
তুমি মৰম বুজিয়েই নাপালা
কিয় তুমিয়েই জানো সদায়
মোৰ ভাল বেয়া খবৰ ৰখা নাছিলা!

কিয় নিহাৰিকা, তুমি মোক বলিয়া কৰি
গ’লাগৈ ভোমোৰা হৈ অচিন ঠাইলৈ উৰি৷
তুমি আপোনজনৰ লগত
সদায় সুখী হোৱাগৈ
মই কিন্তু তুমি নামাতিলেও যাম
তোমাৰ বিয়ালৈ৷

ভগৱানক প্ৰাৰ্থনা কৰিম
সদায় কুশলে তোমাক ৰাখিবলৈ,
তুমি বাৰু আহিবানে
মই মৰিলে মোৰ মৃতদেহ চাবলৈ?

তোমাৰ ছবি

তোমাৰ ছবি আঁকিব খোজোতেই
তুমি দুচকুৰ আগৰপৰা আতৰি গলা
হিয়াৰ মাজত আকোঁৱালি লব খোজোতেই
তুমি আপোন নহওঁ বুলি ক’লা৷

সপোনত দেখাদেখি
হৈছিল এবাৰ দুবাৰ
হঠাতে কিনো হল জানো
প্ৰতিছবি নোহোৱা হল তোমাৰ!

শিমলুৰ তুলাবোৰ বতাহত যায় উৰি
আতৰি যাব খোজা জনক
পাৰি জানো ৰাখিব ধৰি৷

দুই চকুৱে ভাষা পঢ়িব খুজোতেই তুমি
দুচকুত দিলা ধূলি সানি
মৰম দিব খোজোতেই
উলিয়াই দিলা চকুপানী৷

তুমি বুজিব বিচৰা নাই
দুচকুত দুচকু থৈ
তুমি ছবিখন আঁকিব নিদিলা
দুচকুৰ আগত ৰৈ৷

কলে জানো বুজিবা মনৰ কথাটি
ক্ষন্তেক ৰৈ শুনি যোৱা
ৰবলৈ কওঁতে নিদিবা তুমি
চুৰ্ণ-বিচুৰ্ণ কৰি হিয়া!

Monday, 1 July 2019

অতীত

অতীত নহয় পাহৰণি
         অতীত সদায় সোৱৰণী
         অতীত যে সদায় মধুৰ,
ভবিষ্যত বৰ্তমান হয়
        বৰ্তমান অতীত হয়
        বাস্তৱ বাৰু কিয়নো গধুৰ৷
মনৰ মাজত লুকাই থাকে
        মধুৰ মধুৰ স্মৃতি
        থাকে লগত চিৰদিন,
শৈশৱৰ ধূলি বালিৰ খেলা
       লগৰীয়া সমনীয়াৰ লগত কটোৱা
       সময়ৰ কথা নাযায় মনৰ পৰা লীন৷
সময়ক যে ধৰি ৰাখিব নোৱাৰি
     সময় আহে আৰু যায়,
অতীতৰ কথা বাৰু
    কোনে পাহৰি যায়৷
কেতিয়াবা চকুলো বয়
     কেতিয়াবা ওলাই হাঁহি
     অতীতক মনত সোৱৰাই,
অতীতৰ কথাই শান্তি দিয়ে
    ভৱিষ্যতহে বোলে এটি সপোন
     অতীতৰ স্মৃতি কেতিয়াও মনৰ পৰা মচ নাখায়৷

ভগৱান, সৰ্বশক্তিমান

মই বহু কেইখন খেল খেলিছো
টকা বনাম জীৱনৰ
বাৰে বাৰে জয় হৈছে টকাৰ৷

মই এতিয়া বুজিছো টকাই সকলোবোৰ
বৰ্তমান মই টকাৰ পূজাৰী!
কিয়নো জীৱনে মোক বাৰে বাৰে
বহুবাৰ প্ৰতাৰণা কৰিছে
কাঢ়ি লৈ গল সকলো মোৰ৷

টকাই চকুলো মচিব পাৰি
টকাৰ সৈতে মৰমৰ চলে বিনিময়৷

এতিয়া সকলোতে টকাৰ ৰাজত্ব
আজি আৰু আগৰ দিন নহয়
আজি চাৰিওফালে চলিছে সকলো
সকলোৱে বিচাৰে টকা!

আধুনিক যুগত চলিবই নোৱাৰি
মাথো হাতত টকা নহলে
কাৰোবাৰ চকুলো,কাৰোবাৰ হাঁহি
টকাই বোলে কাৰণ ইয়াৰ
আজি যুগত টকাই সকলোৰে
একমাত্ৰ সাৰথি হিয়াৰ৷
টকাই আজি ভগৱান
টকাই হল সৰ্বশক্তিমান৷

ভোকাতুৰ

আজি দিনটো আছো অনাহাৰে
পেটত নপৰিল এটি খুদকণ,
কিযে আমাৰ দুখীয়াৰ ভাগ্য
হাততো নাই এটি ধন৷
এটুপি পানী খাই আছো দিনটো
এমুঠি ভাতৰ কাৰণে হাহাকাৰ,
দিনটো হাড়ভঙা পৰিশ্ৰম কৰিও
পেটত নপৰে এমুঠি আহাৰ!
দুখীয়াৰ জীৱনত এনে হয়েই
এদিন আধাপেটী,এদিন অনাহাৰ
ভোক পেটতেই মাৰ যায়,
প্ৰায়েই আমি নাপাওঁ
সম্পূৰ্ণকৈ পেট ভৰাই আহাৰ খাই৷
কপালত লিখা নাই যেন লাগিছে
সুভাগ্যৰ উদয় হবনো কেতিয়া?
নাই দুখীয়াৰ নাহে সুখৰ দিন
ভোকাতুৰ হৈয়ে মৰিম যেন লাগিছে এতিয়া৷
এমুঠিমান ভাত পাওঁ তাকো
লগত প্ৰায়ে লোণ  নাথাকে
তৰকাৰী,আঞ্জা পিছৰ কথা
সুদা ভাত কেইটাই প্ৰায়েই নিমিলে৷
চকুৰ আগতে দেখিছো কিছুমানে
বস্তু খাব নোৱাৰি পেলাই দিয়ে দম,দম কৰি
সিহঁতৰ কিযে ভাগ্য আৰু আমাৰ কি
কি লিখিলা কপালত হৰি?
কাৰোবাক দিয়া উভৈনদীকৈ
কাৰোবাৰ এমুঠিও নাই
দুয়োবিধেই মানুহ থাকে পৃথিৱীত জীয়াই৷
ধনীলোকে ভাল আহাৰ
সোণৰ কাঁহীতহে  খায়,
খাব নোৱাৰি পেলাই দিয়ে তাকো
চুৱাপাতনি উপচি যায়৷
সকললোৰে জনম একেই মৰণ
কি কাৰণে দুখীয়াৰ দুখ নুগুছে,
কিয়নো বাৰু দুখে
পাছে পাছে খেদি ফুৰে৷

অহল্যা

তোমাৰ প্ৰতি মোহ পাশত আবদ্ধ হৈ
বাসৱও হৈছিল বলিয়া
হয়তো সেই বলিয়ালিৰ কাৰণেই
তুমি শাপভ্ৰষ্টা হৈ
শিল হৈ পৰি আছিলা!

সাৰঙ্গপাণিৰ পদধূলা পাই
লৈছিলা পুনৰ জীৱন
তুমিতো জনা নাছিলা একো
তোমাৰ কাৰণে যে স্বৰ্গৰ
পৰা নামি আহিব দেৱৰাজ
তোমাৰ স্বামীৰ বেশেৰে
কটাবহি নিশা৷

তুমি প্ৰবিত্ৰ নাৰী
যাৰ বাবে শিলৰ পৰা প্ৰাণ পাই উঠিছিলা
তুমিতো জনা নাছিলা একো
তোমাৰ জানো দোষ আছিল অহল্যা!

সঁচাই হৰিণাৰ মাংসই বৈৰী
এতিয়াও কেতিয়াবা আহে নেকি দেৱৰাজ
তোমাৰ ৰূপত মুগ্ধ হৈ?

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27