Wednesday, 6 July 2022

হাঁহিবোৰ বন্ধকত দি হাঁহিবলৈ শিকিছো😃😄😁😆

হাঁহিবোৰ বন্ধকত দি হাঁহিবলৈ শিকিছো😃😄😁😆

হাঁহিবোৰ বন্ধকত দি
  হাঁহিবলৈ শিকিছো
নাই ৰং নাই কেনভাচ
বালিতেই ৰঙীন ছবি আঁকিছো৷

সপোনবোৰ হেৰুৱাই
বাস্তৱৰ সৈতে একাত্ম হ’বলৈ শিকিছো
পোৱা নোপোৱাৰ জটিল অংকবোৰ 
দিন ৰাতিৰ ডায়েৰীৰ পৃষ্ঠাত লিখিছো!

এসমত পাখি লগা মন
এতিয়া সঁজাত বন্দী পখী
লাহে লাহে মানুহ চিনিবলৈ শিকিছো
কমিছে এতিয়া আত্মীয় কুটুম্ব সখী৷

সৰুতেই আছিল বহুত ভাল
নিৰ্ভয়ে নিচিন্তে আছিলো মাৰ কোলাত শুই
এতিয়া চাৰিওফালে মাথো
দুখ যন্ত্ৰণা ব্যৰ্থতা আৰু হতাশাৰ জুই!

বিচাৰিলেই সকলো পালে
পৃথিৱীত কোনো দুখীয়েই নাথাকে
বেইমান ভগ্ন হৃদয়খন আৰু মনটোৱে
কিছু কথা নুবুজে নেমানে৷

লাহে লাহে বুজিব পাৰিছো
ভগৱানৰ চাবি দিয়া পুতলা আমি
কল্পনা সপোনৰ জগতখন সস্তীয়া ন
বাস্তৱবোৰ বহুত দামী৷



০৫/০৭/২০২২

Friday, 20 May 2022

বাহ সাজি নথকা চৰাইৰ নাম

বাহ  সাজি  🪺🪹🪺🪹নথকা চৰাইৰ নাম: 
১/ কুলি

২/কেতেকী

৩/ময়ূৰ

Wednesday, 18 May 2022

Domestic Animals Name in Assamese ( অসমীয়াত বনৰীয়া জন্তুৰ নাম)

Domestic Animals Name in Assamese ( অসমীয়াত বনৰীয়া জন্তুৰ নাম) 

Cat ( কেট ) মেকুৰী
Dog ( ডগ ) কুকুৰ
Cow ( কাউ ) গৰু
Goat ( গ’ট ) ছাগলী
Rabbit ( ৰেবিট ) শহা পহু
Horse ( হৰ্ছ ) ঘোঁৰা
Camel ( কেমেল ) উট
Sheep ( চিপ ) ভেড়া
Donkey ( দংকি  ) গাধ
Buffalo ( বাফেল’) ম’হ
Ox ( অক্স) ষাঁড় গৰু
Pig ( পিগ ) গাহৰি
Yak ( য়াক ) মেথোন


Sunday, 15 May 2022

নতুন দিগন্ত

নতুন দিগন্ত 
 
বিচাৰি ফুৰিছোঁ নতুন দিগন্ত
মনত এবুকু আশা লৈ,
ঘুৰাই পাম জানো সেউজীয়া সপোনবোৰ
সময় যে বোৱতি নৈ!

পথৰ দাঁতিতে ক্ষন্তেক থমকি
এপলক চালো নিজৰে মুখ,
পোৱাবোৰ লৈ সুখী হ’ব নোৱাৰিনে
হেৰুৱা বোৰ লৈ কিয় কৰো দুখ?
 
ডাৱৰ আতৰি মনৰ আকাশ
ফৰকাল হৈ জোন ত’ৰাৰে জাতিষ্কাৰ হ’ব,
আপোন কোন চেনেহৰ কোন
সময়ত নিজেই সকলোৱে ক’ব!

ঢিমিকি ঢিমিকি জ্বলা আশাৰ শলিতা
উদ্যম আত্মবিশ্বাস লাখুটি হিচাপে লৈ,
উলালো মই দীঘলীয়া যাত্ৰাত
ঘুৰিম পুনৰ নতুন দিগন্ত লৈ৷

✍️১৫✍️০৫✍️২০২২✍️

🌺🌹🌼😞ঔষধি হিচাপে ব্যৱহাৰ কৰা ফুলৰ নাম😤🩺💊💉🩸

🌺🌹🌼😞ঔষধি হিচাপে ব্যৱহাৰ কৰা ফুলৰ নাম😤🩺💊💉🩸

১/শেৱালি ফুল

২/কুম্ভিফুল

৩/গোলাপ

৪/কেশৰ

৫/চম্পা

৬/জবা ফুল

৭/সোণাৰু 

৮/পদুম

৯/ইন্দ্ৰমালতী

১০/খৰিকাজাঁই

☘️🍀🌿🥦খাদ্য হিচাপে ব্যৱহাৰ কৰা ফুলৰ নাম🥦🌿🍀☘️

☘️🍀🌿🥦খাদ্য হিচাপে ব্যৱহাৰ কৰা ফুলৰ নাম🥦🌿🍀☘️

১/ ব্ৰকলি

২/ফুলকবি

৩/আৰ্টিচক

৪/তিতাফুল

৫/শেৱালি ফুল

৬/অমিতা ফুল

৭/ৰঙালাও ফুল

🌻🌺🌻🌺🌷গোন্ধ নথকা ফুলৰ নাম🌷🌺🌻🌺🌻

🌻🌺🌻🌺🌷গোন্ধ নথকা ফুলৰ নাম🌷🌺🌻🌺🌻

১/ কৰবী

২/অপৰাজিতা

৩/সূৰ্যমুখী

৪/জবা

৫/কুঞ্জলতা

৬/ডালিয়া

৭/এজাৰ

৮/নয়নতৰা

৯/মদাৰ

১০/শিমলু

১১/পলাশ

১২/ধতুৰা

🌺🌹🌹🌺বাৰ মাহে ফুলা ফুলৰ নাম 🌺🌹🌹🌺

🌺🌹🌹🌺বাৰ মাহে ফুলা ফুলৰ নাম 🌺🌹🌹🌺

১/গোলাপ

২/জবা

৩/মালতী

৪/খৰিকাজাঁই

৫/কামিনী কাঞ্চন

৬/অপৰাজিতা

৭/কাঠণ্ডা

৮/চম্পা

💐🌷🌹🌼🌻গোন্ধ থকা ফুলৰ নাম🌻🌼🌹🌷💐

💐🌷🌹🌼🌻গোন্ধ থকা ফুলৰ নাম🌻🌼🌹🌷💐

১/গুটিমালি

২/কামিনী কাঞ্চন

৩/পাৰিজাত

৪/বকুল

৫/চম্পা

৬/নাগেশ্বৰ

৭/হাচনাহানা

৮/কেতেকী

৯/কপৌফুল

১০/গোলাপ

১১/নাৰ্জী

১২/শেৱালি

১৩/ তগৰ

১৪/খৰিকাজাঁই

🎋🌳🌴🌾ল’তাজাতীয় ফুলৰ নাম🌾🌴🌳🎋

 🎋🌳🌴🌾ল’তাজাতীয় ফুলৰ নাম🌾🌴🌳🎋
১/অপৰাজিতা

২/মাধৱীলতা

৩/কুঞ্জলতা

৪/আকাশীলতা

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27