কাঁইটীয়া মৰুময় পথত মোক
অকলে এৰি থৈ
আতৰত ৰৈ চাই আছা ৰং
তুমি মোৰ অৱস্থা দেখি
জুৰকৈ হাঁহিছা
হাঁহা যিমান পাৰা
বেদনাৰ জুইকুৰা মোৰ হিয়াত
দপদপাই জ্বলিছে
মাঘৰ বিহুৰ মেজি জ্বলা দৰে
কাঁইটিয়া বাটেৰে মই যাব পৰা
নাই আগুৱাই
কিয়,তুমি মোক এনে কৰিলা
মই বুজিব পৰা নাই
নাজানো মোৰ কিয়
এনে হল
তুমি কবানে কথাটো
কিয় ভংগ কৰিলা প্ৰতিশ্ৰুতি ???
✍✍✍✍✍ নিকু বৰুৱা
My first blog.I write poems,story,jokes,information,short story etc in this blog.
Friday, 31 March 2017
কবানে কথাটি
মনাকাশ
তুমি আহিবানে আবেলি পৰত
মোক লগ কৰিবলৈ
কোৱা তুমি আহিবা জানো ?
সদায় নিসংগতাৰ সৈতে মই
মিতিৰালি পাতিছো
তুমি জানো মোৰ নিসংগতাক উপলব্ধি কৰিছা !
দুচকুৰে চকুলো বাগৰে
বাধা দিব নোৱাৰো মই
স্মৃতিৰ মানস পটত সদায়
পুৰণি কথাবোৰ ভাহি উঠে
আহত চৰাইৰ দৰে থাকো মই
ধৰফৰাই চটফটাই !!
মোৰ মনাকাশত জোন বেলি তৰা
নোহোৱা হল।
আন্ধাৰে সদায় আৱৰি ধৰে
তুমি পোহৰাই তুলিবলৈ
কোৱা আহিবানে আবেলি পৰত?
তুমি অহাৰ বাতৰি পালেই মোৰ
ফুলিব জানানে গোলাপৰ কলিটি
আকৌ মেলিব পাহি
তুমি প্ৰেৰণা দিয়া যদি
মোৰ মৰহা হৃদয় সজীৱ হৈ উঠিব
মোৰ মনাকাশত জোন বেলি তৰা
আকৌ ওলাব!!
মোৰ মনৰ বাগিচাত
ফুলিব নানা ৰং বিৰঙৰ ফুল
উৰিব তাত ফুটুকীয়া পখিলাৰ জাক
মৌ- মাখিয়ে গুণ গুণাবহি তাত
কোৱা তুমি আহিবা
ফৰকাল কৰিবানে তুমি
মোৰ মনাকাশ??
✍✍✍✍✍নিকু বৰুৱা
Saturday, 25 March 2017
মই, বীৰু আৰু বাসন্তী
ফেচবুক , হোৱাটচ্ আপ সকলো বাদ দিম
বাসন্তী, তোমাক মই বিয়া কৰাই নিম
বীৰু উঠিল জাপ মাৰি উত্তৰ দিলে মোক
কৰ পৰা আহিলি তই ফালি দিম মই তোক
বাসন্তীয়ে ভয়ত দুয়োৰে মুখলৈ চালে
মই কলো সুখী হম বাসন্তী তোমাক কাষত পালে
বীৰুয়ে কলে কোন বে তই,
কি নাম তোৰ ?
মই কলো বেছি নকৰিবি নিকু নাম মোৰ
আহ লাগ যদি মোৰ লগত দিম তোক ঘোচা
কৰ তই আবাৰা পাগল দিবানা, মোচা
ফাইট আৰম্ভ হোৱাৰ আগতে তিনিও
খুলিলো টুইটাৰ,
তোমালোকে ভাবাচোন বাসন্তী হব কাৰ ??
✍✍✍✍✍ নিকু বৰুৱা
জীৱন
জীৱন সজাব খুজি হেৰুৱাই পেলালো স্বপ্ন
থমকি ৰওঁ বাৰে বাৰে এই কথা জানিও
সময় এক অমূল্য ৰত্ন
সৰুতে শুনা সাধুকথা আৰু
এতিয়াৰ বাস্তৱৰ মাজত পাৰ্থক্য যে
আকাশ - পাতাল
যদি মনত শান্তি নাথাকে
থাকি কি লাভ বিশাল অট্টালিকাত
কবি বুলি বহুজনে মোক উপহাস কৰে
কবিতাৰে কিনিব যে নোৱাৰি বিলাসী গাড়ী
বঢ়াব নোৱাৰি বেংক বেলেন্চ
যাক দিছিলো হৃদয়
তেওঁ আতৰি গল
দি গল মাথোঁ মোক এৰি সুখী হোৱাৰ চেলেঞ্জ
নিসংগ কবিৰ সংগী হল শব্দ
আমি বোৰে বুজি নাপাওঁ নেকি বাৰু
আধুনিকতাৰ অৰ্থ ??
✍✍✍✍নিকু বৰুৱা
থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊
থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...
-
Blue (ব্লু ) নীলা Black ( ব্লেক ) ক’লা Brown ( ব্ৰাউন ) মুগা Golden ( গ’ল্ডেন ) সোণালী Gray ( গ্ৰে ) ছাইবৰণীয়া Green ( গ্ৰীণ ) সেউজীয়া Indig...
-
🌛🌝🌚💫⭐🌟ৰাতি ফুলা ফুলৰ নাম🌱🌿🎍🪴🎋🍃🌾🌸 ১/ তগৰ ২/ধতুৰা ৩/স্থল পদ্ম ৪/ভেটফুল ৫/ৰজনীগন্ধা ৬/কামিনী কাঞ্চন ৭/শেৱালি ৮/হাচনাহানা
-
Birds ( বাৰ্ডছ ) চৰাই Bat ( বেট ) বাদুলি Canary ( কেনৰি ) মইনা Chicken ( চিকেন ) কুকুৰা পোৱালি Cock ( কক ) মতা কুকুৰা Common myna ( কমন মাইন...
-
পুঠি - Pool Barb / Olive Barb গৰৈ- Spotted Snakehead কাৱৈ - Climbing Perch শিঙৰা - Stripped Dwarf Catfish চেঙেলী- Ce...
-
জীৱজন্তু সমূহৰ নাম Ape ( এপ) বনমানুহ Ass ( এছ) গাধ Bear ( বিয়েৰ ) ভালুক Blue Bull ( ব্লু বুল) নীল বৃষ Bull ( বুল) ষাঁড় গৰু Buffalo ( বাফেল’ ...
-
কৌতুক ১ এবাৰ এজন ছাত্ৰই স্কুলত শিক্ষকৰ পৰা পিতন খোৱাৰ পিছত ছুটী দিয়াৰ লগে লগে সেই শিক্ষকজনৰ ঘৰত উপস্থিত হ’ল৷ল’ৰাটোৱে মাতিলে ক্ষন...