Friday, 31 March 2017

মনাকাশ

তুমি আহিবানে আবেলি পৰত
মোক লগ কৰিবলৈ
কোৱা তুমি আহিবা জানো ?
সদায় নিসংগতাৰ সৈতে মই
মিতিৰালি পাতিছো
তুমি জানো মোৰ নিসংগতাক উপলব্ধি কৰিছা !
দুচকুৰে চকুলো বাগৰে
বাধা দিব নোৱাৰো মই
স্মৃতিৰ মানস পটত সদায়
পুৰণি কথাবোৰ ভাহি উঠে
আহত চৰাইৰ দৰে থাকো মই
ধৰফৰাই চটফটাই !!
মোৰ মনাকাশত জোন বেলি তৰা
নোহোৱা হল।
আন্ধাৰে সদায় আৱৰি ধৰে
তুমি পোহৰাই তুলিবলৈ
কোৱা আহিবানে আবেলি পৰত?
তুমি অহাৰ বাতৰি পালেই মোৰ
ফুলিব জানানে গোলাপৰ কলিটি
আকৌ মেলিব পাহি
তুমি প্ৰেৰণা দিয়া যদি
মোৰ মৰহা হৃদয় সজীৱ হৈ উঠিব
মোৰ মনাকাশত জোন বেলি তৰা
আকৌ ওলাব!!
মোৰ মনৰ বাগিচাত
ফুলিব নানা ৰং বিৰঙৰ ফুল
উৰিব তাত ফুটুকীয়া পখিলাৰ জাক
মৌ- মাখিয়ে গুণ গুণাবহি তাত
কোৱা তুমি আহিবা
ফৰকাল কৰিবানে তুমি
মোৰ মনাকাশ??

✍✍✍✍✍নিকু বৰুৱা

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27