Sunday, 30 June 2019

ৰাণীৰ নুপুৰৰ ধ্বনি

নিপিন্ধিবা নুপুৰ দুভৰিত তুমি
বুজিছানে ৰাণী
বিষাদে ধৰেহি
মোৰ হিয়াত ছানি
তুমি প্ৰথম আহোতে
দুচকুত লৈ আহিছিলা এটি সেউজীয়া জোন
তুমি কিয় আজি গুচি গ’লা
ক’ত হেৰালা মোৰ সোণ৷
টোকৰ নমৰাকৈয়ে খুলিছিলা
হৃদয়ত প্ৰেমৰ দুৱাৰ
কিয় বাৰু এনে হল
জীৱনত আমাৰ!
মোক তুমি সজাইছিলা
সেউজী মৰমৰ সাজেৰে
আশা কৰিছিলোঁ জানা মই
তোমাক কাষতে সদায় পাবলে৷
তোমাৰ যি আছিল সেইয়া মোৰ নাই
মোৰ মাথোঁ হৃদয় আছিল
হৃদয়ৰ মাজত কিন্তু কোনো
প্ৰতাৰণা, প্ৰবঞ্চনা নাছিল৷
তোমাৰ দুচকুত লহপহকৈ গজিছিল
এখন মৰমৰ সেউজীয়া ভূমি
মোৰ দুচকুত তাৰ সেউজীয়া ছাঁ
কিয় বাৰু আতৰিলা তুমি?
সেউজী অৰণ্যত বাহঁ লৈছিলহি
অনেক চৰাই আহি
মোৰ কাণেৰে শুনিছিলো বিহগীৰ গীত
চকুত দেখিছিলো ফুলৰ পাহি৷
এটি বাঁহী কোনেনো বাৰু
ক’তনো,কিয় বজাইছিল
কোনেনো বাৰু আমাৰ দুয়োকে
মানুহ ৰূপে এদিন সজাইছিল?
বতাহত ঢৌৰ দৰে আহি থকা মাতটো
মই কৰবাত শুনা পাইছিলো
শিলতকৈও শিল হৈ পৰি
বাৰে বাৰে তোমাক সপোনত দেখিছিলো৷
এদিন লাখ,লাখ অভিযোগেৰ বৰষুণেৰে
মোৰ গল হৃদয় তিয়াই
এদিন তুমি আতৰি গ’লা মোৰ পৰা
অজানিতে মাগি বিদায়!
তুমি যেতিয়া গৈছিলা তেতিয়া মোৰ বুকুত
তোমাৰ ভৰিৰ নুপুৰৰ মাত
তুমি নুপুৰ নিপিন্ধিবা দুভৰিত ৰাণী
তাৰ মাতত কঁপে মোৰ ভৰি-হাত৷
এতিয়া যেতিয়াই তেতিয়াই উৰি আহে
স্মৃতিৰ কোনোবা চৰাই
মোৰ কলিজা বিষাই
কিয়নো সিহঁতে মোক
বিষাদৰ গান শুনাই৷

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27