Sunday, 30 June 2019

যোৱা, যোৱা

যদি তোমাৰ ইচ্ছা নাই
নকৰো তোমাক জোৰ
হব যদি নিবিচাৰা
নালাগে হব তুমি মোৰ৷

বাৰে বাৰে ভাহে তোমাৰ ছবি
মোৰ দুচকুত
আলফুলে লিখিছিলো তোমাৰ নাম
মোৰ বুকুত৷

মই ভবাতো নাছিলো
তুমি যাবা মোৰ পৰা আতৰি
মই জনাতো নাছিলো
অতীতক তুমি যাবা পাহৰি !

যোৱা যোৱা গুছি যোৱা
মোৰ পৰা আতৰি
কোনেও শুনাব নালাগে
মোৰ দুখৰ বাতৰি৷

তুমি আতৰি গলে মোৰ
সপোনবোৰ শেষ হৈ যাব
হৃদয়ত বিষাদে আৱৰি ধৰি
বিননীৰ গীত জুৰিব৷

হওঁক মোৰ যি হয়
তাত কাৰ আহে যায়
তোমাৰ কথা ভাবি ভাবি
মোৰ যে হেঁপাহ নপলায়৷

তুমি আতৰি যাব খুজিছা
তাত মোৰ আপত্তি নাই
কিনো বাৰু
লিখিলে বিধাতাই৷

সময়ৰ কথা নুবুজি
কৰিলো অকণমান আমনি
মোক যেন কৰি দিয়া ক্ষমা
নুফুৰো তোমাৰ পিছে পিছে ঘূৰি৷

হিয়াৰ আঘাত কেতিয়াও নুশুকাই
মোৰহে দুখৰ কথা
কোনো বুজোতা নাই!

তুমি চাগৈ এতিয়া
বহুজন বন্ধু পাইছা
সেইবাবে তুমি মোক
পাহৰিব খুজিছা৷

মই ভুল কৰিলো সঁচাই
কিন্তু এতিয়া বুজিছো
হিয়াখন খুলি খাব ধৰিছে
নানা চিন্তাই৷

ধেৎ মই কি প্ৰেম পাগল নেকি?
হয়, হবও পাৰো
তুমি কাষৰপৰা আতৰিব খুজিছা
তোমাক নাপাও আৰু!

যোৱা তোমাক আহ্বান জনাইছো
মোৰ পৰা আতৰি যোৱা
মোৰ পৰা আতৰি তুমি
কাৰোবাৰ আপোন হোৱা৷

নালাগে ভাবিব মোৰ কথা
নিজক লৈ ব্যস্ত থাকিবা সদায়
তুমিয়েই দিছা যেতিয়া
মইনো কেনেকৈ থাকো
দিছো তোমাক বিদায়৷

মোৰ মৰম পাবলৈ
মোক মৰম দিবলৈ
ইচ্ছা তোমাৰ নাই কাৰণ
মই দুখীয়াৰ লৰা
হবতো নোৱাৰো মই
তোমাৰ বিয়াৰ দ’ৰা৷

কেতিয়াওঁ তোমাক পাহৰিব নোৱাৰো
সদায় যেন সুখী হোৱা
মোৰ হৃদয়ৰ ভাষা
তুমি এবাৰো নুবুজিলা৷

আনৰ লগত সুখী হোৱাগৈ
মোক তুমি পাহৰি
যোৱা, যোৱা তুমি
দুখ-বিষাদেই মোৰ
চিৰজীৱনৰ লগৰী৷

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27