Saturday, 22 February 2020

দিনটোৰ যাত্ৰী

আমি হওঁ সদায়
নতুন দিনৰ নতুন সময়ৰ যাত্ৰী
হৈ আহিছো আমি পুৰণি সময়ক
বিদায় দি অভিযাত্ৰী৷
চিন্তা কৰা তুমি বৰ্তমানৰ
প্ৰতিটো মুহূৰ্তৰ কথা
কালিলৈ আহিবলগা দিনটো
মাথো মনৰ এক অবুজ কল্পনা!
চকুমেলি ভালদৰে চোৱা তুমি
কি নাই আজিৰ দিনটোত
অতীতক সুৱৰি,
ভৱিষ্যতৰ সপোন ৰচি
নলগাবা লেঠা
জীৱনৰ শুভময় হব খোজা ৷
আজিৰ দিনটোতেই সকলো আছে
আজি হেৰাই গলে
নোপোৱা আৰু কেতিয়াওঁ
আজিৰ দিনটোত ভালদৰে তুমি
এজন সুস্থমানুহ হৈ উঠা
যোৱা দিনবোৰ সুখৰ স্বপ্ন
আহিব লগা দিনটো মাথো কল্পনা!
হাঁহিমুখে আহা সকলোৱে
আজিৰ দিনটো গ্ৰহণ কৰো
আহিবলগা কল্পনাৰ দিনটোৰ
মধুৰ সপোন ৰচো৷

Thursday, 20 February 2020

সুখী দুখী

সৰু বুলি কাকো নকৰিবা অৱহেলা
হয়তো তুমি সৰু বুলি ভবা
বস্তু এটাই কেতিয়াবা দিব পাৰে
জয় আৰু সত্যৰ সন্ধান৷

কৰিলে কৰক তোমাক
মাথোঁ তুমি নকৰিবা
থাকিবা সহ্য কৰি
আত্মৰ শক্তিৰে আত্মৰক্ষা নকৰিলে
আন কোনে দিবহি তোমাক ৰক্ষা কৰি৷
এইয়া জীৱনৰ সংগ্ৰাম 
পদে পদে থাকিব যে বাধা
আজিয়েই কৰি শেষ কৰা
কালিলৈ নথবা কাম আধা৷

মানুহ সদায় সুখী  হ’বলৈ বিচাৰে
কোনো হ’ব নিবিচাৰে দুখী ৷
কোনে জানিব বাৰু ভাগ্যৰ লিখন
বিধাতাই কি পঠাইছে লিখি!
সুখে মানুহৰ দৈনিক আৱশ্যকীয়
সকলোৰে খোৰাক যোগায়
অসৎ চিন্তাই সকলো বেয়াৰ মূল
জানিবা সদায়৷


থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...