Saturday, 22 February 2020

দিনটোৰ যাত্ৰী

আমি হওঁ সদায়
নতুন দিনৰ নতুন সময়ৰ যাত্ৰী
হৈ আহিছো আমি পুৰণি সময়ক
বিদায় দি অভিযাত্ৰী৷
চিন্তা কৰা তুমি বৰ্তমানৰ
প্ৰতিটো মুহূৰ্তৰ কথা
কালিলৈ আহিবলগা দিনটো
মাথো মনৰ এক অবুজ কল্পনা!
চকুমেলি ভালদৰে চোৱা তুমি
কি নাই আজিৰ দিনটোত
অতীতক সুৱৰি,
ভৱিষ্যতৰ সপোন ৰচি
নলগাবা লেঠা
জীৱনৰ শুভময় হব খোজা ৷
আজিৰ দিনটোতেই সকলো আছে
আজি হেৰাই গলে
নোপোৱা আৰু কেতিয়াওঁ
আজিৰ দিনটোত ভালদৰে তুমি
এজন সুস্থমানুহ হৈ উঠা
যোৱা দিনবোৰ সুখৰ স্বপ্ন
আহিব লগা দিনটো মাথো কল্পনা!
হাঁহিমুখে আহা সকলোৱে
আজিৰ দিনটো গ্ৰহণ কৰো
আহিবলগা কল্পনাৰ দিনটোৰ
মধুৰ সপোন ৰচো৷

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27