Sunday, 8 March 2020

সোৱৰণী মিঠা সপোন

তোমাক বিচাৰি কেতিয়াবা মই
ঘুৰি ফুৰো য’তে ত’তে
কেতিয়াবা নিৰ্জনতাত,কেতিয়াবা কোলাহলত
বাৰে বাৰে মোৰ পৰে তোমালৈ মনত!
তোমাৰ দুচকুৰ মিচিকি কাজলৰ দৰে
চিকুনাই আৱৰি ৰাখিছো
প্ৰহেলিকাময় হেপাঁহৰ আকাশত,
থাকিবানে তুমি আজীৱন মোৰ লগত৷
আকাশত মাথোঁ ঢৌ খেলোৱা হাঁহি
শুভ্ৰ জোন আৰু জোনাকী মিতিৰালিৰে
সেয়ে হয়তো সোৱৰণীৰ মিঠা সপোনেে
বাৰে বাৰে মোক আমনি লগাইছে৷
উজাগৰী সপোনে উচুপি মনত পেলাই দিয়ে
ফুল ত’ৰা গানেৰে ভৰা সোণোৱালী
জীৱন বিচাৰি যোৱাৰ কথা৷
পলাই যাব খোজা দুখৰ মাজতো
ৰঙেৰে খেল খেলি তুমি হেৰুৱাই দিয়া!
সকলো আশা,সকলো সপোনক
এটি অভিমান ভৰা আলফুলীয়া পৰশত
বাৰে বাৰে বিচাৰে হৃদয়ত
জীৱনৰ ৰঙীন আকাশত৷

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27