ঘুৰি ফুৰো য’তে ত’তে
কেতিয়াবা নিৰ্জনতাত,কেতিয়াবা কোলাহলত
বাৰে বাৰে মোৰ পৰে তোমালৈ মনত!
তোমাৰ দুচকুৰ মিচিকি কাজলৰ দৰে
চিকুনাই আৱৰি ৰাখিছো
প্ৰহেলিকাময় হেপাঁহৰ আকাশত,
থাকিবানে তুমি আজীৱন মোৰ লগত৷
আকাশত মাথোঁ ঢৌ খেলোৱা হাঁহি
শুভ্ৰ জোন আৰু জোনাকী মিতিৰালিৰে
সেয়ে হয়তো সোৱৰণীৰ মিঠা সপোনেে
বাৰে বাৰে মোক আমনি লগাইছে৷
উজাগৰী সপোনে উচুপি মনত পেলাই দিয়ে
ফুল ত’ৰা গানেৰে ভৰা সোণোৱালী
জীৱন বিচাৰি যোৱাৰ কথা৷
পলাই যাব খোজা দুখৰ মাজতো
ৰঙেৰে খেল খেলি তুমি হেৰুৱাই দিয়া!
সকলো আশা,সকলো সপোনক
এটি অভিমান ভৰা আলফুলীয়া পৰশত
বাৰে বাৰে বিচাৰে হৃদয়ত
জীৱনৰ ৰঙীন আকাশত৷
No comments:
Post a Comment