Sunday, 29 March 2020

তোমাৰ কথাবোৰ মনত পৰে

মনত পৰিছে তোমাৰ খং উঠিলেই
তুমি হাতৰ অনামিকা অথবা তৰ্জনী আঙুলি কামুৰিছিলা
মোলৈ চাই পলকতে চাইছিলা বহুত দূৰলৈ৷
তুমি হয়তো কি ভাবা সেই সময়ত মই নাজানো
তোমাক যে তেতিয়া ইমান ধুনীয়া দেখাইছিল
লাগিছিল প্ৰকৃতিৰ নুমলীয়া জীয়াৰীৰ দৰে!
আমাৰ মাজৰ অভিমান হয়তো এঘণ্টা মান আছিল
ঠিক অলপ পাছতেই তুমি মোক খুন্দিয়াইছিলাহি
মোৰ দুচকুত দুচকু থৈ তুমি হাঁহিছিলা
হয়তো তেতিয়া মইয়ো মিছিকিয়াই তলমূৰ কৰিছিলো৷
তুমি আনক কোৱাৰ চলেৰে মোক বহুত কথাই কৈছিলা
ভিতৰি ভিতৰি মোক জ্বলাই ৰং চোৱা তুমি
অথচ মই তোমাক নামাতিলেই 
তুমি মোক সুধাহি “তোমাৰ ভালনে?”
মোৰ সোঁহাতৰ কেঞা আঙুলিয়াত বেণ্ডেজ মৰা দেখি
তুমি যে জিৰণিচ’ৰাত বহি থাকোতে
মানসীৰ হতুৱাই সুধাইছিলা
কি হল তোমাৰ?
পংকজক যে তুমি কৈছিলা
কাৰোবাৰ মুখত ভেকুলী সোমাল নেকি বুলি
মই সেইদিনা তোমাক নমতাৰ বাবেই৷
মই নাচালেও তুমি চাইছিলা
কিয় সেইয়া জানো মৰম নাছিল
মই তোমাৰ বাহিৰে অন্য ছোৱালীৰ লগত কথা পাতিলে
তুমি জানো মোক লক্ষ্য কৰি থকা নাছিলা?
তুমি যে তৰ্ক প্ৰতিযোগিতাত মোৰ নামটো প্ৰথমে দিছিলা
মই তৰ্ক নকৰো বুলি কোৱাত তুমি মোক খং কৰিছিলা৷
স্কুলত যে নাটক কৰাৰ কথা আছিল
তুমি যে প্ৰমোচন বিচাৰি নায়িকাৰ চৰিত্ৰত
অভিনয় কৰিম বুলি কৈছিলাা মোৰ বিপৰীতে৷
মই প্ৰথমে উভোতাই দিয়া গ্ৰীটিংছ কাৰ্ডখনি
তুমি পুনৰ দিছিলা কিয়?
মোক মনৰ কথা কবলৈ
তুমিয়েইতো বাধ্য কৰাইছিলাা
কিন্তু কিয় এনেে কৰিছিলা মই নুবুজিলো!
বহুত বুজাবলৈ চাইয়ো মই ব্যৰ্থ হলো
যেতিয়াই তোমাক চিৰদিনলৈ পাহৰিব খোজো
তেতিয়াই তোমাক ক’ৰবাত অজানিতে লগ পাই যাওঁ!
তুমি যেন মোৰ বাবে বহাগৰ কপৌফুল
তোমাৰ মনত পৰেনে নাই বাৰু এই কথাবোৰ
যিবোৰ ভাবি ভাবিয়েই পাৰ হয় মোৰ ৰাতি দিনবোৰ৷

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27