Monday, 23 March 2020

মোৰ শৈশৱ

গুচি গল সোণালী শৈশৱ সময়ৰ সোঁতত
এটি দুটিকৈ শব্দ হল
মোৰ দুই ওঁঠত৷
মাৰ গাখীৰ খাই দেহত বল পাই
হলো এদিন দুদিনকৈ ডাঙৰ,
এখোজ দুখোজকৈ খোজ দিছিলোঁ
জনাতো নাছিলো এতিয়াৰ ভাগৰ৷
সময় সঁচাকৈ বৰ নিষ্ঠুৰ
কাঢ়ি নিয়ে সোণালী সময়,
কোনে জানে বাৰু কাৰ কথা
কাৰ ভাগ্যৰ বঠা কেনি বয়?
থুপুকথাপাক কৰি 
খোজ দিছিলোঁ যিদিনা,
হয়তো হাঁহি বিৰিঙিছিল মোৰ ওঁঠত
জীৱনৰ সেই প্ৰথম দিনা৷
এদিন মুখৰ পৰা জীৱনৰ প্ৰথম শব্দ
মা বুলি ওলাই গল,
ধূলি বালিৰ শৈশৱ কাল
আজি অতীত হল৷
যিমান বিচাৰিলেও কিয়
নাপাওঁ আকৌ শৈশৱকাল,
ভগৱানে কেনেকৈ স্ৰজন কৰিলে
মানুহৰ মায়া জাল৷
এতিয়া হয়তো আমি নিজক লৈয়ে
অনেক সপোন দেখো,
সকলোৱে হয়তো নিশ্চয় এসময়ত
নিজৰ শৈশৱৰ কথা ভাৱো৷
লৰি গৈ মাৰ বুকুত সোমাওঁ
দেউতাই কোলাত দাঙি লয়,
সকলোৱে মৰমতে মাইনা বুলি
আকোঁৱালি লয়৷
হেৰাই গল মোৰ সোণালী শৈশৱ
নাপাওঁ আকৌ ঘুৰাই,
সময় মাথো আহে যায়
বাধা দিব পাৰেনে কোনোবাই?

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27