Sunday, 29 March 2020

হিয়াৰ দাপোণৰ তুমি নৃত্যশিল্পী

হিয়াৰ দাপোণৰ তুমি নৃত্যশিল্পী
কেতিয়াবা লোকনৃত্য,কেতিয়াবা আধুনিক
বাদ্যযন্ত্ৰৰ তালে তালে
তুমি এঠাইৰ পৰা সিঠাইলৈ যোৱা৷
তুমি বাৰু মঞ্চৰ নৃত্যশিল্পী নে জীৱনৰ?
তেজেৰে কেনভাচত ছবি আঁকিলো
একো নভৱাকৈয়ে তোমাক আপোন পাতিলো
জোনাকী পৰুৱাক ভালেই লাগে অন্ধকাৰত!
নাচোনৰ তালে তালে পাহৰি নাযাবা
নোপোৱাৰ বেদনাতকৈ পাই হেৰুৱাব বেদনা বেছি
তুমি অভিযোগৰ সাঁকো সাজি
যাবাগৈ বুলি ভয় লাগে!
বগলী ক’লা কেতিয়াও নহয়
ঠিক তেনেদৰে তুমিও মোৰ হৈ ৰ’বা আজীৱন৷
নুফুলা কলিটিৰ সৌন্দৰ্যত আতুৰ বিভোৰ মই
নুপুৰৰ ৰুনজুন শব্দ তুমি
নাযাবা অকলে এৰি দূৰলৈ বুলি
ধোঁৱা নোলোৱা জুই জ্বলিব হিয়াত৷
শিতানৰ গাৰু তিয়াব দুধাৰি চকুলোৰে৷
সকলো জানিও নহবা দেই অবুজন
তুমি ৰং নাচাবা মোৰ
কিয়নো হিয়াৰ দাপোণৰ তুমি নৃত্যশিল্পী!
২২/০৪/২০০৯

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27